• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নতুন ভোটাৰৰ পঞ্জীয়ন প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগত সংঘাত! কেন্দ্ৰীয় চৰকাৰৰ জাননী অবিহনেই সলনি হ’ল নেকি ‘প্ৰ-পত্ৰ ৬’?

নতুন ভোটাৰৰ বাবে নিৰ্বাচন আয়োগৰ অনলাইন 'প্ৰ-পত্ৰ ৬'ত পৰিয়ালৰ তথ্য বিচৰাক লৈ আইনী প্ৰশ্ন উত্থাপন হৈছে, যিটো নিয়ম ছপা প্ৰ-পত্ৰত নাই আৰু ইয়াক সলনি কৰাৰ কৰ্তৃত্ব কেৱল কেন্দ্ৰীয় চৰকাৰৰহে আছে

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 24, 2026 10:32 am
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন ভোটাৰৰ পঞ্জীয়নৰ বাবে ব্যৱহৃত ‘প্ৰ-পত্ৰ ৬’ৰ নিয়ম নিৰ্বাচন আয়োগে একপক্ষীয়ভাৱে সলনি কৰাক লৈ তীব্ৰ আইনী বিতৰ্কৰ সৃষ্টি হৈছে। শেহতীয়াকৈ আয়োগৰ ইচিআইনেট প’ৰ্টেলৰ জৰিয়তে ১৮ বছৰ বয়স সম্পূৰ্ণ হোৱা নতুন ভোটাৰসকলে পঞ্জীয়ন কৰিবলৈ যাওঁতে এটা নতুন প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছে। এছআইআৰ প্ৰক্ৰিয়াত পিতৃ-মাতৃ বা ককা-আইতাৰ নাম ভোটাৰ তালিকাত আছিল নেকি আৰু যদি আছিল, তেন্তে তাৰ সমষ্টি, ভোটগ্ৰহণ কেন্দ্ৰ আৰু ক্ৰমিক নম্বৰ অনলাইন প্ৰ-পত্ৰত উল্লেখ কৰাটো বাধ্যতামূলক কৰা হৈছে। আশ্চৰ্যজনকভাৱে একেটা প’ৰ্টেলৰ পৰা ডাউনলোড কৰিব পৰা ‘প্ৰ-পত্ৰ ৬’ৰ ছপা প্ৰতিলিপিত এই প্ৰশ্নটোৰ কোনো উল্লেখ নাই, যিয়ে সমগ্ৰ প্ৰক্ৰিয়াটোৰ আইনী বৈধতাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে।

 

Apply Now

‘প্ৰ-পত্ৰ ৬’ কেৱল এখন সাধাৰণ প্ৰ-পত্ৰ নহয়, ইয়াৰ লগত আইনী স্বীকৃতি জড়িত হৈ আছে। ১৯৫০ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ ২৮ নং ধাৰাৰ অধীনত প্ৰণয়ন কৰা ১৯৬০ চনৰ ভোটাৰ পঞ্জীয়ন নিয়মৰ ১৩ নং নিয়মে স্পষ্ট কৰে যে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰ-পত্ৰ ৬ ব্যৱহাৰ কৰিব লাগিব। নিয়ম অনুসৰি, নিৰ্বাচন আয়োগৰ সৈতে আলোচনা মৰ্মে কেৱল কেন্দ্ৰীয় চৰকাৰেহে এই প্ৰ-পত্ৰৰ সালসলনি কৰিব পাৰে আৰু এনে যিকোনো পৰিৱৰ্তন চৰকাৰী ৰাজপত্ৰত প্ৰকাশ হোৱাৰ লগতে সংসদত উত্থাপন কৰাটো অপৰিহাৰ্য। কিন্তু যোৱা জুলাই মাহত আয়োগৰ বিষয়াসকলে জানিবলৈ দিয়ে যে বিহাৰৰ এছআইআৰ প্ৰক্ৰিয়াৰ পৰা আৰম্ভ হোৱা এই নতুন নিয়মটো চৰকাৰী ৰাজপত্ৰৰ জাননীৰ সলনি কেৱল প্ৰশাসনিক নিৰ্দেশনাৰ জৰিয়তেহে কাৰ্যকৰী কৰা হৈছে।

 

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, এই সিদ্ধান্তক লৈ নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাতো মতানৈক্যৰ সৃষ্টি হৈছে। নিৰ্বাচন আয়ুক্ত বিবেক যোশীয়ে মে’ মাহত উল্লেখ কৰিছিল যে এছআইআৰৰ নিৰ্দেশনাৰ জৰিয়তে প্ৰ-পত্ৰ ৬ সলনি কৰিব নোৱাৰি আৰু ইয়াৰ বাবে চৰকাৰক নিয়ম সংশোধন কৰিবলৈ অনুৰোধ জনোৱাটোৱেই একমাত্ৰ আইনী পথ। আনগৰাকী আয়ুক্ত সুখবীৰ সিং সন্ধুৱেও এই মতক সমৰ্থন কৰি আগষ্ট মাহত ইয়াক অনুমতি বিহীন আৰু বেআইনী বুলি অভিহিত কৰাৰ লগতে তাৎক্ষণিকভাৱে আঁতৰোৱাৰ প্ৰয়োজনীয়তা ব্যক্ত কৰিছিল। ইয়াৰ মাজতে, প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত অ’ পি ৰাৱটে এই পৰিৱৰ্তনক সম্পূৰ্ণ ভুল আৰু বেআইনী বুলি মন্তব্য কৰাৰ বিপৰীতে আন এগৰাকী প্ৰাক্তন মুখ্য আয়ুক্ত এছ ৱাই কুৰেশ্বিয়েও প্ৰ-পত্ৰ ৬ত নতুন তথ্য যোগ কৰিবলৈ নিয়ম সংশোধন কৰাটো প্ৰয়োজনীয় বুলি মত প্ৰকাশ কৰিছে। ১৯৯৫ চনৰ টি এন শেষন বনাম ভাৰত চৰকাৰ গোচৰৰ ৰায়দান অনুসৰি আৰু ২০২৩ চনৰ আইনৰ ১৮ নং ধাৰা অনুসৰি আয়োগৰ সিদ্ধান্তসমূহ সৰ্বসন্মত বা সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত লোৱা হয় আৰু মুখ্য নিৰ্বাচন আয়ুক্তৰ ক্ষমতা আন দুগৰাকী আয়ুক্ততকৈ ঊৰ্ধ্বত নহয়। অৱশ্যে এক প্ৰেছ বিবৃতিৰ জৰিয়তে নিৰ্বাচন আয়োগে এছআইআৰকে ধৰি সকলো চূড়ান্ত সিদ্ধান্ত সৰ্বসন্মত আৰু ইয়াৰ নিৰ্দেশসমূহৰ সম্পূৰ্ণ আইনী স্বীকৃতি থকা বুলি দাবী কৰিছে।

 

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, এছআইআৰ প্ৰক্ৰিয়াৰ তিনিটা পৰ্যায়ত দেশজুৰি খচৰা ভোটাৰ তালিকাৰ পৰা ৮.৭ কোটিতকৈও অধিক নাম কৰ্তন কৰা হৈছে আৰু বাদ পৰা লোকসকলে পুনৰ পঞ্জীয়নৰ বাবে প্ৰ-পত্ৰ ৬ ব্যৱহাৰ কৰিব লাগিব। অনলাইন প্ৰ-পত্ৰখনত সকীয়াই দিয়া হৈছে যে মিছা তথ্য প্ৰদান কৰিলে ১৯৫০ চনৰ আইনৰ ৩১ নং ধাৰা অনুসৰি এবছৰলৈকে কাৰাদণ্ড, জৰিমনা বা দুয়োটা দণ্ড বিহা হ’ব পাৰে। আইনত নথকা এটা প্ৰশ্নৰ ভিত্তিত এনে কঠোৰ শাস্তিৰ সকীয়নিয়ে বিষয়টো অধিক স্পৰ্শকাতৰ কৰি তুলিছে। বৰ্তমান কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে প্ৰ-পত্ৰখনৰ সংশোধন নকৰালৈকে বা নিৰ্বাচন আয়োগে প্ৰশ্নটো প্ৰত্যাহাৰ নকৰালৈকে প্ৰতিগৰাকী নতুন অনলাইন পঞ্জীয়নকাৰী ভোটাৰে এই নিৰ্দেশনা মানি চলিবলৈ বাধ্য হ’ব।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

October 15, 2026 2:51 pm
ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd