মৰিগাঁও জিলা প্ৰশাসনে আসন্ন ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ বাবে এলানি প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰিছে ।
সেই অনুসৰি মঙলবাৰে প্ৰিজাইদিং আৰু পলিং বিষয়া সকলক প্ৰথম পৰ্য্যায়ৰ প্ৰশিক্ষণ দিয়া হয় ।
মৰিগাঁও মহাবিদ্যালয়, ঘনকান্ত বৰুৱা মহাবিদ্যালয় আৰু মৰিগাঁও উচ্চতৰ বহুমুখী বিদ্যালয়ত পুৱা ১০ বজাৰ পৰা ১২-৩০ বজালৈ আৰু বিয়লি ১-৩০ বজাৰ পৰা ৪ বজালৈ অনুষ্ঠিত হোৱা প্ৰশিক্ষণ কাৰ্যসূচীত মুঠ ২০৭৬ গৰাকী প্ৰিজাইদিং আৰু পলিং বিষয়া সকলে অংশ গ্ৰহণ কৰাৰ লগতে ৮৩ গৰাকী প্ৰশিক্ষকে প্ৰশিক্ষণ দিয়ে ।
বুধবাৰে দ্বিতীয় আৰু তৃতীয় পলিং বিষয়া সকলৰ ওপৰত উল্লেখিত কেন্দ্ৰ সমূহত প্ৰশিক্ষণ কাৰ্য চলি আছে ।
সেইদৰে ৪ মাৰ্চ, ৫ মাৰ্চ, ৮ মাৰ্চ, ৯ মাৰ্চ আৰু ১৬ মাৰ্চ তাৰিখলৈ নিৰ্বাচনৰ বাবে নিয়োজিত বিভিন্ন বিষয়া-কৰ্মচাৰীৰ প্ৰশিক্ষণ কাৰ্যসূচী চলিব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া সুনীতি নাৰ্জাৰীয়ে জানিবলৈ দিয়ে ।