• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

আজি বিভিন্ন ৰাজ্যৰ মুঠ ২০খন ৰাজ্যসভাৰ আসনৰ বাবে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 19, 2020 7:15 am

2 min read

TH14KRAVENKAIAH

ৰাজ্যসভাৰ প্ৰতিনিধিত্বমূলক ফাইল ফটো।

12.3k
VIEWS
Share on FacebookShare on Twitter

এপিনে কৰ’নাৰ সংহাৰ আৰু আনপিনে চীন সীমান্তত যুদ্ধমুখৰ পৰিৱেশৰ মাজতে আজি বিভিন্ন ৰাজ্যৰ মুঠ ২০খন ৰাজ্যসভাৰ আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

আজি ভোটগ্ৰহণ হ’বলগীয়া আসনকেইখনৰ ভিতৰত আছে অন্ধ্ৰ প্ৰদেশৰ ৪খন, গুজৰাটৰ ৪খন, ৰাজস্থানৰ ৩খন, ঝাড়খণ্ডৰ ২খন, মধ্যপ্ৰদেশৰ ৩খন, মণিপুৰৰ ১খন,মেঘালয়ৰ ১খন, অৰুণাচল প্ৰদেশৰ ১খন আৰু মিজোৰামৰ ১খন আসন।

গুজৰাট, ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ আসনকেইখনত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে যদিও এইসময়ত সকলোৰে দৃষ্টি নিৱদ্ধ হৈছে মণিপুৰৰ আসনখনৰ ওপৰতহে।

ৰাজ্যসভাৰ এই নিৰ্বাচনৰ পূৰ্বেই মণিপুৰত তিনিগৰাকী বিজেপি বিধায়কে পদত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছে।

বিজেপি চৰকাৰখনৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰি তিনিগৰাকী মন্ত্ৰীকে ধৰি আন ছয়জন বিধায়কেও বিৰোধী শিৱিৰত অৱস্থান গ্ৰহণ কৰিছে।

স্বাভাৱিকতে মণিপুৰৰ ৰাজ্যসভাৰ এই আসনখনৰ ওপৰত ৰাজনৈতিক পৰ্যবেক্ষকৰ দৃষ্টি ৰৈছে।

মণিপুৰৰ ৰাজ্যসভাৰ আসনখনৰ বাবে বিজেপিয়ে লেইছেম্বা ছানাজওবাক আৰু কংগ্ৰেছে টী মাংগি বাবুক প্ৰাৰ্থিত্ব দিছে।

গুজৰাটত চাৰিখন আসনৰ ভিতৰত বিজেপিয়ে ৩খন আৰু কংগ্ৰেছে ২খন আসনত প্ৰাৰ্থী আগবঢ়াইছে।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল দলীয় ভোটেৰে নিজৰ প্ৰাৰ্থক বিজয়ী কৰিব পৰাকৈ বিজেপি বা কংগ্ৰেছ কাৰো হাততে প্ৰয়োজনীয় সংখ্যা নাই।

মধ্যপ্ৰদেশত যোৱা মাৰ্চ মাহত জ্যোতিৰাদিত্য সিন্ধিয়াৰ নেতৃত্ব কেইবাগৰাকীও কংগ্ৰেছী বিধায়কে কমল নাথ চৰকাৰক সংকটত পেলাই বিজেপিত যোগদান কৰিছিল। বৰ্তমান বিজেপ শাসিত মধ্যপ্ৰদেশৰ ৩খন আসনৰ ভিতৰত কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলেই দুজনকৈ প্ৰাৰ্থী নিক্ষেপ কৰিছে।

সেইদৰে ৰাজস্থানতে ৩খন আসনৰ বাবে বিজেপি তথা কংগ্ৰেছ দলে দুজনকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।

যোৱা ফেব্ৰুৱাৰিত ১৭খন ৰাজ্যৰ মুঠ ৫৫খন আসনৰ বাবে নিৰ্বাচন আয়োগে ভোটগ্ৰহণৰ কথা ঘোষণা কৰাৰ পাছত মাৰ্চত আয়োগে ৩৭গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ কথা ঘোষণা কৰিছিল।

বাকী ৰোৱা ১৮খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰাৰ পাছত অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ এখনকৈ ৰাজ্যসভাৰ আসনৰ বাবেও নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰা হৈছিল।

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd