• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এনআৰচিৰ মতে নহয়, ভোটাৰ তালিকা মতেহে হ’ব ভোটদান : মুখ্য নিৰ্বাচনী বিষয়া

অনুপ শর্মা by অনুপ শর্মা
March 11, 2019 6:58 pm
11-03-19-Guwahati-CEO-Mukesh-Sahu-a-press-conference-4-750x375

অসমৰ মুখ্য নিৰ্বাচনী বিষয়া মুকেশ চাহুৱে সোমবাৰে গুৱাহাটীত অনুষ্ঠিত কৰা সংবাদেমল। ফটো : য়ু বি

272
VIEWS
Share on FacebookShare on Twitter

অসমৰ মুখ্য নিৰ্বাচনী বিষয়া মুকেশ চাহুৱে সোমবাৰে কয় যে যিসকলৰ নাম ভোটাৰ তালিকাত আছে তেওঁলোকে আগন্তুক লোকসভা নিৰ্বাচনত ভোটদান কৰিব পাৰিব। অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত মুঠ ২,১৭,৬০,৬০৪ গৰাকী ভোটাৰে ভোটদানৰ বাবে সাজু হোৱা বুলিও তেওঁ লগতে জানিবলৈ দিয়ে।

‘’ভোটাৰ তালিকাত যিসকল লোকৰ নাম অন্তৰ্ভুক্ত হৈছে তেওঁলোকে ভোটদান কৰিব পাৰিব,’’-যোৱা বছৰ অসম চৰকাৰে প্ৰকাশ কৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাত যিসকলৰ নাম বাদ পৰিছে তেওঁলোকৰ কি হ’ব বুলি সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে এইদৰে কয়।

অসমৰ এক বৃহৎ সংখ্যক জনসাধাৰণৰ মাজত চূড়ান্ত খচৰাত বাদ পৰা লোকসকলে ভোটদান কৰিব পাৰিবনে নে নাই তাক লৈ এক সন্দেহৰ সৃষ্টি হৈছিল। যোৱা বছৰ প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাত প্ৰায় ৪০ লাখ লোকৰ নাম বাদ পৰিছিল।

উল্লেখযোগ্য যে ভাৰতৰ নিৰ্বাচন আয়োগে দেওবাৰে সমগ্ৰ দেশৰ লগতে অসমতো লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰে। সেই মতে, অসমত ১৪ টা লোকসভা সমষ্টিৰ বাবে অহা ১১, ১৮ আৰু ২৩ এপ্ৰিলত তিনিটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

চাহুৱে কয় যে অসমত বৰ্তমান ১,০৬,২৭,৮২২ গৰাকী মহিলা ভোটাৰকে ধৰি মুঠ২,১৭,৬০,৬০৪ গৰাকী ভোটাৰ আছে। ‘’এইবাৰ ১৮ৰ পৰা ১৯ বছৰৰ বয়সৰ ভিতৰৰ প্ৰথমবাৰৰ বাবে ভোট দিবলগীয়া ৭,০৬,৪৮৯ গৰাকী ভোটাৰ আছে,’’ বুলি উল্লেখ কৰি লগতে কয় যে প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া মহিলাৰ সংখ্যা হৈছে ৩,০১,৭৭৪গৰাকী।

ভোটকেন্দ্ৰ সমূহৰ স্পৰ্শকাতৰ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত চাহুৱে কয় যে ৰাজ্যখনৰ মুঠ ২৮,১৪৩ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত ৩,৬৬৩ টা অতি স্পৰ্শকাতৰ আৰু ১,৯১৩ টা জটিল ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে।

মুখ্য নিৰ্বাচনী বিষয়া চাহুৱে লগতে জানিবলৈ দিয়ে যে অহা ১১ এপ্ৰিলত প্ৰথম পৰ্যায়ত ৭৫,১৬,২৮৪ গৰাকীয়ে আৰু ১৮ তাৰিখৰ দ্বিতীয় পৰ্যায়ত ৬৮,৩৬,৪৯৪গৰাকী ভোটাৰে ভোটদান সাৱ্যস্ত কৰিবলৈ সাজু  হোৱাৰ বিপৰীতে ২৩ এপ্ৰিলত তৃতীয় পৰ্যায়ত ৭৪,০৭,৮২৪ গৰাকীয়ে ভোটদান কৰিব।

Recent News

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd