• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰংজুলিত কৃষকৰ হাহাকাৰ : হাতীয়ে তহিলং কৰা ধাননিত কৃষকে এৰাল দিছে গৰু

নীলমনি শর্মা by নীলমনি শর্মা
October 30, 2018 1:46 pm
IMG-20181030-WA0004

ৰংজুলি পাটপাৰাত হাতীয়ে খাই তহিলং কৰা পকা ধাননি পথাৰত এৰাল দিছে গৰু। ফটো: নৰ্থইষ্ট নাও

323
VIEWS
Share on FacebookShare on Twitter

এতিয়া সোণগুটি চপোৱাৰ সময়। সেউজীয়া ধাননি ডৰা ক্ৰমাৎ সোণবৰণীয়া হৈ পৰিছে। গাৱঁৰ কৃষকৰ ব্যস্ততাৰ যেন অন্ত নাই ৷

কৃষকে খেতি চপোৱাৰ কামত ব্যস্ত থকাৰ এই সময়ত গোৱালপাৰাৰ ৰংজুলিত দেখা গৈছে এক বিপৰীত ছবি ৷ পথাৰৰ সোণগুটি চপোৱাৰ সময়ত খেতি পথাৰত গৰু এৰাল দিছে কৃষকে।

ৰংজুলি পাটপাৰাত সংঘটিত হৈছে এই ঘটনা। পথাৰত কৃষকে পকা ধানত গৰু এৰাল দিয়া দৃশ্য সচাকৈ হৃদয় বিদাৰক l বনৰীয়া হাতীয়ে পকা ধান খাই তহিলং কৰি যোৱাৰ পিছত দুৰ্ভগীয়া খেতিয়ক সকলে পকা ধাননি পথাৰত গৰু বান্ধিব লগা হৈছে।

ৰংজুলি অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাতৰি নতুন নহয় l হাতী-মানুহৰ সংঘাতৰ ভিন্ন অৱস্থা l কিন্তু আজিৰ দৃশ্য সঁচাকৈয়ে হৃদয় বিদাৰক l বাৰিষা হাড় ভগা পৰিশ্ৰম কৰি ৰোৱা শালি খেতি ডৰা এতিয়া পকিব ধৰিছে l সেই পকা ধানত নিজৰ পোহনীয়া গৰু বান্ধিব লগীয়া হৈছে ৰংজুলি পাটপাৰাৰ একাংশ দুৰ্ভগীয়া কৃষকে l

একেখিনি ধাননিতে এজাক বনৰীয়া হাতীয়ে ধাৰাবাহিকভাৱে খাই তহিলং কৰাৰ পিছত এতিয়া সেই ধান চপাবলৈ একো বাকী ৰোৱা নাই l আঘোণ মাহলৈ মাথোঁ কেইদিন মান বাকী থকা সময়তে সম্পূৰ্ণ উছন হৈ গৈছে পকা ধানৰ পথাৰ l সেয়ে তীব্ৰ হতাশাত ভাগি পৰিছে কৃষক সকল l

আনহাতে, খেতি সমূহ সুৰক্ষা দিয়াৰ ক্ষেত্ৰত বন বিভাগে সহযোগ নকৰাৰ অভিযোগ কৰিছে ৰাইজে।

ইপিনে, নিৰুপায় কৃষকে বাৰিষাৰ কঠোৰ শ্ৰমেৰে কৰা খেতি ডৰা এতিয়া ঘৰলৈ নিয়াৰ সলনি গৰু এৰাল দিব লগা হৈছে। বছৰটো কেনেদৰে চলিব সেই কথা ভাবি পথাৰতে উচুপি উঠিছে বহু কৃষকে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd