বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত সোমবাৰৰ দিনা এক মৰ্মান্তিক ঘটনা সংঘৰ্টিত হয় ।
ভৰিত শিকলি লগাই চৰিবলৈ এৰি দিয়া এটা বিভাগীয় হাতী উদ্যানৰ ভিতৰেদি যোৱা এটা বিদ্যুতৰ খুঁটা ভাঙি বিদ্যুতপৃষ্ঠহৈ মৃত্যু মুখত পৰে।
প্ৰাপ্ত তথ্য মতে বুঢ়াপাহাৰ বনাঞ্চলৰ বন শিৱিৰৰ সমীপত সংঘৰ্টিত হৈছে এই ঘটনা ৷
ঐৰাৱত নামৰ হাতীটোৰ ভৰিত বন্ধা শিকলি বিদ্যুতৰ খুটাত পাক খাই যোৱাৰ ফলত বিদ্যুতৰ খুটাতো ভাঙি পৰে আৰু বিদ্যুৎ পৰিবাহী তাঁৰৰ পৰা এক বিস্তীৰ্ণ এলেকাত বিদ্যুৎ প্ৰৱাহিত হয় ৷
যাৰ বাবে এটা বিৰল প্ৰজাতিৰ দল হৰিণা আৰু দুটা গাহৰি মৃত্যু মুখত পৰে ৷
এই ঘটনাই ইতিমধ্যেই জোকাৰি গৈছে বন বিভাগক ৷
কাজিৰঙাৰ বুঢ়াপাহাৰৰ মাজেৰে যোৱা উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক তাঁৰ সমূহ শীঘ্ৰেই অপসাৰিত কৰিবৰ বাবে সকলোৱে দাবী জনাইছে ৷





