গাজিয়াবাদত দেহ ব্যৱসায়ৰ চক্ৰ উৎখাত। এক বৃহৎ অভিযানত গাজিয়াবাদৰ কৌশম্বী থানাৰ অন্তৰ্গত এখন বিখ্যাত হোটেলত চলি থকা সংগঠিত দেহ ব্যৱসায় চক্ৰ এটাক আৰক্ষীয়ে উৎখাত কৰিছে। ইন্দিৰাপুৰম আৰু কৌশম্বী থানাৰ যৌথ অভিযানত চক্ৰটো উৎখাত কৰা হয়।
আৰক্ষীৰ সূত্ৰ অনুসৰি, নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত বুধবাৰে দিনৰ প্ৰায় ২ বজাত এচিপি অভিষেক শ্ৰীবাস্তৱৰ নেতৃত্বত হোটেলখনত অভিযান চলোৱা হয়। তাৰ পৰা ২১ৰ পৰা ৩১ বছৰ বয়সৰ ১১ গৰাকী মহিলাক উদ্ধাৰ কৰা হয়। ইয়াৰে কিছুমান চক্ৰটোৰ সৈতে জড়িত হোৱাৰ বিপৰীতে আন কিছুমানক এই কামত জোৰ কৰি অনা হৈছে বুলি অভিযোগ উঠিছে। উদ্ধাৰ হোৱা মহিলা কেইগৰাকী গুজৰাট, দিল্লী, পশ্চিমবংগ আৰু ওড়িশাৰ বাসিন্দা।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি সেই স্থানৰ পৰাই তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, আটক কৰা কেইজন হৈছে হোটেলৰ মেনেজাৰ তথা চক্ৰটোৰ মূল মাষ্টাৰমাইণ্ড ৰাহুল শৰ্মা (৪৬)। লগত আছে হোটেলৰ কৰ্মচাৰী অংকিত চৌহান (১৯) আৰু সুনীল সিং (৩৯)।
প্ৰাথমিক জেৰাত জনা গৈছে যে চাকৰিৰ অজুহাতত মহিলাসকলক হোটেললৈ মাতি আনি দেহ ব্যৱসায় কৰিবলৈ বাধ্য কৰাইছিল। হোৱাটছএপৰ জৰিয়তে সম্ভাৱ্য গ্ৰাহকলৈ প্ৰেৰণ কৰা হৈছিল মহিলাৰ ছবি আৰু প্ৰফাইল। মেছেজিং এপৰ জৰিয়তে এই চুক্তিসমূহ চূড়ান্ত কৰা হয় আৰু হোটেলখনৰ বিলাসী কোঠাত লেনদেন কৰা হয়। কোৱা হয় যে প্ৰতিটো ‘ভিজিট’ৰ বাবে ৬ হাজাৰতকৈ অধিক টকা লোৱা হৈছিল। আৰক্ষীয়ে অভিযুক্তৰ পৰা মোবাইল ফোন আৰু আপত্তিজনক সামগ্ৰী জব্দ কৰিছে।
আৰক্ষীয়ে জনোৱা মতে, চক্ৰটোৰ সৈতে জড়িত আৰু চাৰিজন লোক পলাতক হৈ আছে। তেওঁলোকক বিচাৰি উলিয়াবলৈ অভিযান চলি আছে। সম্ভাৱ্য প্ৰভাৱশালী গ্ৰাহকৰ ভূমিকাও অনুসন্ধান কৰা হৈছে। ঘটনাটোত অনৈতিক সৰবৰাহ আৰু সংগঠিত অপৰাধৰ সৈতে জড়িত ধাৰাত গোচৰ ৰুজু কৰা হৈছে।
উদ্ধাৰ হোৱা মহিলাসকলৰ বাবে প্ৰয়োজনীয় সাহায্য আৰু পৰামৰ্শৰ ব্যৱস্থা কৰা হৈছে। এই ঘটনাই অঞ্চলটোৰ বিখ্যাত হোটেলসমূহৰ নিৰাপত্তা আৰু নিৰীক্ষণ ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। সমগ্ৰ চক্ৰটো উৎখাত কৰিবলৈ বিশদ তদন্তৰ আশ্বাস প্ৰদান কৰিছে প্ৰশাসনে।





