NORTHEAST NOW (Assamese)

মৰ্মান্তিক! চিৰিয়াখানাত জলহস্তীৰ আক্ৰমণত মৃত্যু দৈনিক মজুৰি কৰ্মচাৰীৰ

December 18, 2023 8:47 pm · এন ই নাও নিউজ, গুৱাহাটী

উত্তৰ প্ৰদেশৰ এখন চিৰিয়াখানাত আজি সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। ৰাজ্যখনৰ নবাব ৱাজিদ আলী শ্বাহ জুলজিকেল গাৰ্ডেনত এক শোকাৱহ ঘটনাত মৃত্যু হয় এজন দৈনিক মজুৰি কৰ্মচাৰীৰ।

চিৰিয়াখানা কৰ্তৃপক্ষই সদৰী কৰা মতে, চিৰিয়াখানাত দৈনিক মজুৰিৰ নিৰিখত কৰ্মৰত আছিল সুৰজ নামৰ ব্যক্তিজন। আজি পুৱা নিয়মানুসাৰেই চিৰিয়াখানাত চাফাইৰ বাবে উপস্থিত হৈছিল সুৰজ।

সেই উদ্দেশ্যে পুৱা প্ৰায় ১০.৪৫ বজাত জলহস্তীটো থকা স্থান চাফা কৰিবলৈ ঘেৰাওত প্ৰৱেশ কৰিছিল সুৰজে আৰু তেনেতে জলহস্তীটোৱে তেওঁক আক্ৰমণ কৰে। এই আক্ৰমণত তেওঁ গুৰুতৰভাৱে আহত হয়।

লগে লগে তেওঁক স্থানীয় অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও আঘাত গুৰুতৰ হোৱাৰ বাবে কিছু সময়ৰ পিছতে তেওঁৰ মৃত্যু হয়। উল্লেখ্য যে, ২০১৩ চনৰ পৰাই চিৰিয়াখানাখনত কাম কৰি আহিছে সুৰজে।

সুৰজৰ মৃত্যুৰ পিছতে চিৰিয়াখানা কৰ্তৃপক্ষই এক বিজ্ঞপ্তি প্ৰকাশ কৰি ঘটনাৰ বিষয়ে সদৰী কৰে আৰু ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰি কৰ্মচাৰীসকল শোকসন্তপ্ত পৰিয়ালটোৰ লগত আছে বুলি প্ৰতিশ্ৰুতি দিয়ে।

চিৰিয়াখানাৰ এজন জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়া মতে, চিৰিয়াখানা প্ৰশাসনে মৃতকৰ পৰিয়াললৈ ৫০,০০০ টকাৰ এককালীন আৰ্থিক সাহায্য আগবঢ়াইছে।

Related News