DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, September 23, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

সমগ্ৰ লাডাখে স্বীকাৰ কৰা সত্যত মিছা মাতিছে মোদীয়ে! অভিযোগ ৰাহুল গান্ধীৰ

চীন সন্দৰ্ভত বক্তব্য প্ৰকাশ কৰিবলৈ প্ৰধানমন্ত্ৰীক দাবী ৰাহুলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 30, 2023 12:40 pm
Rahul Gandhi China's new map
663
VIEWS
Share on FacebookShare on Twitter

চীনা আগ্ৰাসনৰ বিষয়ত শাসকীয় বিজেপি চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে পুনৰ এবাৰ সৰৱ হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। সমগ্ৰ লাডাখে স্বীকাৰ কৰা সত্যত প্ৰধানমন্ত্ৰী মোদীয়ে মিছা মাতিছে বুলি অভিযোগ কৰিছে গান্ধীয়ে।

চীনে শেহতীয়াকৈ আকচাই চীন আৰু অৰুণাচল প্ৰদেশৰ ভূখণ্ড অন্তৰ্ভুক্তিৰে পুনৰ এখন মানচিত্ৰ প্ৰকাশ কৰাৰ পিছতে কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা এই সন্দৰ্ভত বক্তব্যৰ দাবী জনাইছে।

সোমবাৰে চীনে এক নতুন মানক মানচিত্ৰ প্ৰকাশ কৰিছিল। এই মানচিত্ৰত ১৯৬২ চনৰ যুদ্ধত দখল কৰা আকচাই চীন আৰু দক্ষিণ তিব্বত বুলি দাবী কৰা অৰুণাচল প্ৰদেশক নিজৰ ভূখণ্ডৰ অংশ হিচাপে দেখুওৱা হৈছে।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰ তথা প্ৰধানমন্ত্ৰী মোদীক জবাবদিহি কৰিছে। ভাৰতৰ ভূমিত আগ্ৰাসনেৰে চীনে প্ৰকাশ কৰা মানচিত্ৰৰ বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি দোহাৰে গান্ধীয়ে।

তেওঁ কয়, “মই বছৰ বছৰ ধৰি কৈ আহিছো যে লাডাখত এক ইঞ্চি মাটিও হেৰুওৱা নাই বুলি প্ৰধানমন্ত্ৰীয়ে যি মন্তব্য কৰিছিল, সেয়া মিছা। সমগ্ৰ লাডাখে জানে যে চীনে সীমা উলংঘা কৰিছে। এই মানচিত্ৰৰ বিষয়টো অতি গুৰুতৰ। তেওঁলোকে মাটি কাঢ়ি লৈ গৈছে।”

লক্ষণীয়ভাৱে, চীনৰ এই মানচিত্ৰ প্ৰকাশৰ পিছতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এক সাক্ষাৎকাৰত চীনৰ এই মানচিত্ৰৰ কোনো অৰ্থ নাই আৰু চীনৰ এনে মানচিত্ৰ মুকলি কৰাৰ অভ্যাস আছে বুলি বিষয়টোক প্ৰায় গুৰুত্বহীন কৰি দিছিল।

Recent News

India vs Australia

অনবদ্য ভাৰত: ম’হালীত থমকিল অষ্ট্ৰেলিয়া

চলন্ত টেক্সিত দলৱদ্ধভাবে ধৰ্ষণ ১৪ বছৰীয়া কিশোৰীক, গ্ৰেপ্তাৰ দুই অভিযুক্ত

চলন্ত টেক্সিত দলৱদ্ধভাবে ধৰ্ষণ ১৪ বছৰীয়া কিশোৰীক, গ্ৰেপ্তাৰ দুই অভিযুক্ত

Ramesh Bidhuri Danish Ali

ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান

বিপদ! নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়ংকৰ ভূমিস্খলন

বিপদ! নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়ংকৰ ভূমিস্খলন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd