• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চীনৰ পৰম্পৰাগত ঔষধৰ ওপৰৰ নিষেধাজ্ঞা বাতিল : অসমৰ গঁড়, বাঘৰ অস্তিত্বলৈ অশনি সংকেত

by
November 1, 2018 4:22 pm
rhino-horn-and-tiger-bone-750x375
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰগতিবাদী ৰাজনৈতিক আৰু আৰ্থ-সামাজিক মতাদৰ্শৰ ধ্বজা বহন কৰি আন দিশে এলান্ধুক’লীয়া ধ্যান-ধাৰণাক প্ৰশ্ৰয় আৰু উদগণি দিয়া চীনৰ শেহতীয়া কৰ্মকাণ্ডই প্ৰকৃতিপ্ৰেমীৰ বাবে প্ৰত্যাহ্বান কঢ়িয়াই অনাৰ লগতে সমগ্ৰ বিশ্বৰ পৰিৱেশতন্ত্ৰৰ ভাৰসাম্য বিনষ্ট কইবলৈ আগবাঢ়িছে।

জীৱজন্তু, বিষেশকৈ বাঘৰ শৰীৰৰ বিভিন্ন অংশ, গঁড়ৰ খৰ্গৰ দ্বাৰা পৰম্পৰাগতভাৱে প্ৰস্তুত কৰা ঔষধৰ ওপৰত চীন চৰকাৰে নিষেধাজ্ঞা উঠাই লোৱাৰ সিদ্ধান্তই অসমৰ আপুৰুগীয়া সম্পদ গঁড় আৰু বাঘৰ অস্তিত্বলৈ অশনি সংকেত কঢ়িয়ই আনিছে।

Apply Now

উল্লেখ্য যে চীনত অসমত নিধন হোৱা গঁড়ৰ খৰ্গৰ এখন অবৈধ বজাৰ আছে। ঘাইকৈ চীনৰ চাহিদা পূৰণ কৰাৰ বাবেই অসমত গঁড় নিধন হৈ আহিছে। এতিয়া মুক্ত বজাৰত গঁড়ৰ খৰ্গ বিক্ৰি হ’লে সেয়া কেনে ভয়ানক হ’ব সেয়া সহজেই অনুমেয়।

এচাম বিশেষাধিকাৰপ্ৰাপ্ত নাগৰিকৰ স্বাৰ্থক বৃহৎ ৰাষ্ট্ৰীয় স্বাৰ্থ হিচাপে চলাই নিজৰ ঘৰুৱা পাৰিপাৰ্শিক অৱস্থাক অৱলীলাক্ৰমে ধ্বংস কৰিব পৰা, আমেৰিকাক প্ৰত্যাহ্বান জনাই অত্যাধুনিক মাৰণাস্ত্ৰৰ প্ৰতিযোগিতাৰে কৰি নিজৰেই এচাম নাগৰিকৰ নাগৰিক অধিকাৰ খৰ্ব কৰা, সংখ্যাগৰিষ্ঠ নাগৰিকক ক্ৰয় ক্ষমতাহীন কৰা অদূৰদৰ্শী, অবিবেচক চীন ইতিমধ্যে ইয়াৰ চুবুৰীয়া দেশসমূহৰ প্ৰতি এটা অভিশপ্ত শক্তি হৈ পৰিছে।

চীনৰ শেহতীয়া সিদ্ধান্তই সমগ্ৰ বিশ্বৰ পৰিৱেশপ্ৰেমীসকলক শংকিত আৰু মৰ্মাহত কৰি তুলিছে। সোমবাৰে চীনৰ ষ্টেট কাউঞ্চিলে মন্তব্য কৰিছিল যে ১৯৯৩ চনত বলৱৎ হোৱা নিষেধাজ্ঞা আংশিকভাৱে উঠাই লৈ বাঘ আৰু গঁড়ৰ শৰীৰৰ অংশ ঔষধ প্ৰস্তুত, গৱেষণা আৰু সাংস্কৃতিক বিনিময়ৰ বাবে ব্যৱহাৰ কৰা হ’ব। চীনৰ তৰফৰ আৰু কোৱা হৈছে যে এই ব্যৱসায় কঠোৰভাৱে নিয়ন্ত্ৰিত কৰা হ’ব আৰু বন্দী জীৱসমূহৰ শৰীৰৰ অংশহে ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰা হ’ব।

বন্যপ্ৰাণী অধিকাৰ কৰ্মীসকলে প্ৰকাশ কৰিছে যে চীনৰ এই কাৰ্যই জীৱজন্তুৰ চোৰাং বেহাক যথেষ্ট উদগণি যোগাব।
তেওঁলোকে আৰু কৈছে যে চাহিদা বৃদ্ধি পাই যোৱাৰ লগে লগে লোভনীয় ধনৰ বিনিময়ত চোৰাং কাৰবাৰীয়ে সংৰক্ষিত বনঞ্চলত প্ৰৱেশ কৰিব।

এই পৰ্যন্ত অসমত ৫টা গঁড় চোৰাং চিকাৰীৰ হাতত মৰা পৰিছে। অৱশ্যে এটা পূৰ্বৰ ূছৰৰ তুলনাত যথেষ্ট কম। উল্লেখ্য যে চীনৰ পৰম্পৰাগত ঔষধত গঁড়ৰ খৰ্গ আৰু বাঘৰ হাড়ৰ বহুত মূল্য আছে। যদিওবা কোনো বৈজ্ঞানিক ভিত্তি নাই তথাপিও কামোত্তেজনাবৰ্ধক ঔষধৰ উপৰিও জ্বৰ, বাঁত বিষ, নিদ্ৰাহীনতা, মেনিনজাইটিছ নিৰাময় কৰিবলৈ পৰম্পৰাগতভাৱে প্ৰস্তুত এই ঔষধ ব্যৱহাৰ কৰা হয়।

ইতিমধ্যে বিশ্ব বন্যপ্ৰাণী নিধিয়ে (WWF) এটা বিবৃতিযোগে সাৱধান কৰি দিছে যে চীনৰ এই সিদ্ধান্তটো বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি এটা বৃহৎ প্ৰত্যাহ্বান হিচাপে ঠিয় হ’ব।

যদিওৱা জীৱ-জন্তুৰ অংগ কেবল চিকিৎসালয় আৰু প্ৰাচীন ঔষধতহে ব্যৱহাৰ কৰা হ’ব এই বাণিজ্যই কোনখিনি বৈধ কোনখিনি অবৈধ—তাকে লৈ উপভোক্তা আৰু আইন বলৱৎকাৰীৰ মাজত এটা দ্বিধাৰ সৃষ্টি কৰিব। ইয়ে চোৰাং চিকাৰৰ প্ৰৱণতা যথেষ্ট বৃদ্ধি কৰিব বুলি বিশ্ব বন্যপ্ৰাণী নিধিয়ে সাৱধান কৰি দিছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd