বিশ্বৰ মানচিত্ৰত ভাৰতক প্ৰকৃততে যিমান ডাঙৰ, তাতকৈ সামান্য সৰুকৈ কিয় দেখা যায়? আমি সৰুৰে পৰা দেখি অহা বিশ্বৰ মানচিত্ৰখনে পৃথিৱীৰ প্ৰকৃত আকাৰ সঠিকভাৱে প্ৰতিফলিত নকৰে বুলি প্ৰমাণিত হৈছে। এই ত্ৰুটি দূৰ কৰিবলৈ ৰাষ্ট্ৰসংঘই এতিয়া বহুলভাৱে ব্যৱহৃত পুৰণি ‘মাৰ্কেটৰ’ মানচিত্ৰৰ সলনি ‘ইকুৱেল আৰ্থ’ নামৰ নতুন মানচিত্ৰ ব্যৱহাৰৰ প্ৰস্তাৱত আনুষ্ঠানিকভাৱে সমৰ্থন জনাইছে। নতুন মানচিত্ৰখনে মহাদেশ আৰু দেশসমূহৰ আকাৰৰ অধিক নিখুঁত চিত্ৰ দাঙি ধৰে।
গ্ৰীণলেণ্ড নে আফ্ৰিকা, কোন বেছি ডাঙৰ?
পুৰণি মানচিত্ৰখনৰ ত্ৰুটি আফ্ৰিকা আৰু গ্ৰীণলেণ্ডৰ তুলনালৈ চালেই স্পষ্ট হৈ পৰে। মাৰ্কেটৰ মানচিত্ৰত আফ্ৰিকা আৰু গ্ৰীণলেণ্ডক প্ৰায় একে আকাৰৰ যেন লাগে। কিন্তু বাস্তৱত আফ্ৰিকা গ্ৰীণলেণ্ডতকৈ প্ৰায় ১৪ গুণ ডাঙৰ। ঠিক একেদৰে, এই মানচিত্ৰত ভাৰতকো প্ৰকৃত আকাৰতকৈ সৰু দেখুৱায়। আনহাতে, উত্তৰ আৰু দক্ষিণ মেৰুৰ ফালে থকা দেশবোৰ যেনে – ৰাছিয়া, কানাডা আৰু ইউৰোপক প্ৰকৃততে যিমান, তাতকৈ বহুত ডাঙৰকৈ উপস্থাপন কৰা হৈছে।
কিয় হয় এনে পাৰ্থক্য?
পৃথিৱীখন ঘূৰণীয়া, কিন্তু মানচিত্ৰখন সমতল। সেয়েহে কোনো পৰিৱৰ্তন নকৰাকৈ সমগ্ৰ গ্ৰহটোক এখন সমতল পৃষ্ঠত নিখুঁতভাৱে দেখুওৱাটো অসম্ভৱ। ১৫৬৯ চনত ফ্লেমিছ মানচিত্ৰকাৰ জেৰাৰ্ডাছ মাৰ্কেটৰে প্ৰস্তুত কৰা এই মানচিত্ৰখন মূলতঃ সাগৰীয় যাতায়াতৰ (Navigation) সুবিধাৰ বাবেহে তৈয়াৰ কৰা হৈছিল। নাৱিকসকলৰ সুবিধাৰ বাবে ইয়াত দিশবোৰ পোন আঁচৰে দেখুওৱা হৈছিল, যাৰ ফলত মেৰু অঞ্চলৰ দেশবোৰৰ আকাৰ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছিল আৰু বিষুৱ ৰেখাৰ ওচৰৰ অঞ্চলবোৰ সংকুচিত হৈ পৰিছিল। কেনিয়াৰ ভূগোলবিদ কিঅ’ক’ মুৱেণ্ডোৱে বিবিচিক জনোৱা মতে, “মানচিত্ৰ কেৱল স্থান বিচাৰি উলিওৱাৰ আহিলাই নহয়, ই ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে কোনো অঞ্চলক কেনেদৰে ধাৰণা কৰা হয়, সেয়াও গঢ় দিয়ে।”
‘ইকুৱেল আৰ্থ’ মানচিত্ৰ কি?
২০১৮ চনত মানচিত্ৰকাৰৰ এটা দলে ‘ইকুৱেল আৰ্থ’ প্ৰক্ষেপণ বিকশিত কৰিছিল। সাগৰীয় যাতায়াতৰ সলনি ইয়াৰ মূল লক্ষ্য হ’ল পৃথিৱীৰ স্থলভাগৰ আপেক্ষিক আকাৰ অধিক নিখুঁতভাৱে প্ৰদৰ্শন কৰা। এই নতুন মানচিত্ৰত আফ্ৰিকা, দক্ষিণ আমেৰিকা আৰু ভাৰতক পূৰ্বতকৈ ডাঙৰ আৰু প্ৰকৃত আকাৰত দেখা যায়। আনহাতে ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ আকাৰ বাস্তৱসন্মতভাৱে সৰু হৈ পৰে। যোৱা ফেব্ৰুৱাৰী মাহত আফ্ৰিকান ইউনিয়নৰ সদস্য ৰাষ্ট্ৰসমূহেও এই মানচিত্ৰ গ্ৰহণ কৰিছে।
নতুন মানচিত্ৰখনো সম্পূৰ্ণ নিখুঁত নেকি?
‘ইকুৱেল আৰ্থ’ মানচিত্ৰখনো এশ শতাংশ নিখুঁত নহয়। দূৰত্ব জুখিবলৈ বা দিশ নিৰ্ণয় কৰিবলৈ ই মাৰ্কেটৰৰ দৰে সুবিধাজনক নহয়। লণ্ডনৰ ইউচিএলৰ মানচিত্ৰবিদ্যাৰ অধ্যাপক জেমছ চেছায়াৰে স্পষ্ট কৰি দিছে যে, “এখন মানচিত্ৰই আকাৰ, আকৃতি, দূৰত্ব আৰু দিশ একেলগে নিখুঁতভাৱে ধৰি ৰাখিব নোৱাৰে।” ইয়াৰ পূৰ্বে ১৯৭০-ৰ দশকত ‘পিটাৰ্ছ মেপ’ নামৰ আন এখন মানচিত্ৰয়ো সঠিক আকাৰ দেখুওৱাৰ চেষ্টা কৰিছিল যদিও তাত দেশবোৰৰ আকৃতি বিকৃত হৈ পৰিছিল।
এক কথাত ক’বলৈ গ’লে, কোনো এখন বিশ্ব মানচিত্ৰই এককভাৱে নিখুঁত নহয়। মাৰ্কেটৰ মেপত দিশ সঠিক, কিন্তু আকাৰ ভুল। পিটাৰ্ছ মেপত আকাৰ শুদ্ধ, কিন্তু আকৃতি ভুল। আনহাতে, ‘ইকুৱেল আৰ্থ’ মানচিত্ৰই দিশ বা দূৰত্বৰ লগত সামান্য আপোচ কৰি হ’লেও বিশ্বৰ সকলো দেশৰ স্থলভাগৰ এক সন্তুলিত আৰু সঠিক আকাৰ আমাৰ সন্মুখত দাঙি ধৰাৰ এক সফল প্ৰয়াস কৰিছে।





