• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মে’ মাহত চাৰিবাৰকৈ ইন্ধনৰ মূল্যবৃদ্ধিৰ মাজতেই ২২ৰ পৰা ৩০ শতাংশ ইথানল মিশ্ৰিত পেট্ৰ’ল শুল্কমুক্ত কৰিলে কেন্দ্ৰই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 11, 2026 2:37 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মে’ মাহত মাত্ৰ দহ দিনৰ ভিতৰত চাৰিবাৰকৈ ইন্ধনৰ মূল্যবৃদ্ধি হোৱাৰ পাছত কেন্দ্ৰীয় চৰকাৰে ২২ৰ পৰা ৩০ শতাংশ পৰ্যন্ত ইথানল মিশ্ৰিত পেট্ৰ’লৰ ওপৰত আবকাৰী শুল্ক সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে। দেশত ইথানল মিশ্ৰিত ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি কৰা আৰু ইন্ধন আমদানিৰ বাবে ব্যয় হোৱা বৈদেশিক মুদ্ৰা সাশ্ৰয় কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে এক আনুষ্ঠানিক জাননী যোগে এই সিদ্ধান্ত প্ৰকাশ কৰিছে।

বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা নতুন নিৰ্দেশনা অনুসৰি, বজাৰত উপলব্ধ ই-২২, ই-২৫, ই-২৭ আৰু ই-৩০ শ্ৰেণীৰ ইন্ধনৰ ওপৰত এই আবকাৰী শুল্কৰ ৰেহাই প্ৰযোজ্য হ’ব। ইন্ধনৰ বৰ্ধিত চাহিদা আৰু আমদানি নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ চৰকাৰে পূৰ্বতেই ২০ শতাংশ ইথানল মিশ্ৰিত ই-২০ পেট্ৰ’লৰ প্ৰচলন আৰম্ভ কৰিছিল। শেহতীয়াকৈ কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে নতুন দিল্লীৰ এটা পেট্ৰ’ল পাম্পৰ পৰা ৮৫ শতাংশ ইথানল মিশ্ৰিত ই-৮৫ ইন্ধন বিতৰণ কৰি এই ব্যৱস্থাৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিছিল। ২২ৰ পৰা ৩০ শতাংশ পৰ্যন্ত ইথানল মিশ্ৰিত পেট্ৰ’লক শুল্কমুক্ত কৰাৰ এই শেহতীয়া পদক্ষেপে চৰকাৰৰ বিকল্প ইন্ধন নীতিৰ স্থিতি অধিক স্পষ্ট কৰি তুলিছে।

Apply Now

উল্লেখযোগ্য যে ভাৰতৰ প্ৰয়োজনীয় ইন্ধনৰ সৰহভাগেই বিদেশৰ পৰা আমদানি কৰিবলগীয়া হয়, যাৰ ফলত দেশৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰৰ ওপৰত যথেষ্ট চাপ পৰে। এই নিৰ্ভৰশীলতা হ্ৰাস কৰি বৈদেশিক মুদ্ৰা সুৰক্ষিত ৰখাৰ স্বাৰ্থতেই কেন্দ্ৰীয় চৰকাৰে বিকল্প ইন্ধনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দেশবাসীক ইন্ধনৰ অপচয় ৰোধ কৰিবলৈ আহ্বান জনাই প্ৰয়োজনসাপেক্ষে ঘৰৰ পৰাই কাৰ্যালয়ৰ কাম কৰা আৰু যাতায়াতৰ বাবে একেখন বাহন একাধিক ব্যক্তিয়ে ব্যৱহাৰ কৰা বা কাৰপুলিং পদ্ধতি গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল।

চৰকাৰৰ এই সিদ্ধান্ত এনে এক সময়ত গ্ৰহণ কৰা হৈছে যেতিয়া দেশত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। যোৱা মাহৰ ১৫ মে’ৰ পৰা ২৫ মে’ৰ ভিতৰত মুঠ চাৰিবাৰকৈ ইন্ধনৰ মূল্যবৃদ্ধি হয়। ১৫ মে’ত সমগ্ৰ দেশত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত একেকোবে তিনি টকাকৈ বৃদ্ধি পোৱাৰ পাছত ১৯ মে’ত পুনৰ ৯০ পইচা বৃদ্ধি পায়। পৰৱৰ্তী সময়ত ২৩ মে’ত ৮৭ পইচা আৰু ২৫ মে’ত পুনৰবাৰ মূল্যবৃদ্ধি ঘটে। মে’ মাহৰ দ্বিতীয়াৰ্ধৰ মাত্ৰ দহটা দিনৰ ভিতৰত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য সাত টকাৰো অধিক বৃদ্ধি পোৱাৰ প্ৰেক্ষাপটত সাধাৰণ গ্ৰাহকক বিকল্প ইন্ধনৰ প্ৰতি আকৰ্ষিত কৰিবলৈকে চৰকাৰে ইথানল মিশ্ৰিত পেট্ৰ’ল শুল্কমুক্ত কৰাৰ এই পদক্ষেপ গ্ৰহণ কৰিছে।

বৰ্ধিত মূল্যবৃদ্ধিৰ বোজাৰ মাজত চৰকাৰৰ এই শুল্ক ৰেহাইৰ সিদ্ধান্তই গ্ৰাহকসকলক বিকল্প আৰু পৰিৱেশ অনুকূল ইন্ধন ব্যৱহাৰৰ প্ৰতি উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। আগন্তুক সময়ত বজাৰত এই ইথানল মিশ্ৰিত ইন্ধনৰ সহজলভ্যতা আৰু সাধাৰণ ৰাইজৰ মাজত ইয়াৰ গ্ৰহণযোগ্যতাই কেন্দ্ৰীয় চৰকাৰৰ এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ সফলতা নিৰ্ধাৰণ কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ বেলতলাত সুস্মিতা বসুমতাৰীৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত আকাশ প্ৰসাদক গ্ৰেপ্তাৰ

গুৱাহাটীৰ বেলতলাত সুস্মিতা বসুমতাৰীৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত আকাশ প্ৰসাদক গ্ৰেপ্তাৰ

June 11, 2026 2:38 pm
ওমান উপকূলত পুনৰ ভাৰতীয় জাহাজত আক্ৰমণ; চাৰিদিনৰ ভিতৰত তৃতীয়টো ডাঙৰ ঘটনা

ওমান উপকূলত পুনৰ ভাৰতীয় জাহাজত আক্ৰমণ; চাৰিদিনৰ ভিতৰত তৃতীয়টো ডাঙৰ ঘটনা

June 11, 2026 2:37 pm
মে’ মাহত চাৰিবাৰকৈ ইন্ধনৰ মূল্যবৃদ্ধিৰ মাজতেই ২২ৰ পৰা ৩০ শতাংশ ইথানল মিশ্ৰিত পেট্ৰ’ল শুল্কমুক্ত কৰিলে কেন্দ্ৰই

মে’ মাহত চাৰিবাৰকৈ ইন্ধনৰ মূল্যবৃদ্ধিৰ মাজতেই ২২ৰ পৰা ৩০ শতাংশ ইথানল মিশ্ৰিত পেট্ৰ’ল শুল্কমুক্ত কৰিলে কেন্দ্ৰই

June 11, 2026 2:37 pm
অসমৰ শিল্পী সমাজলৈ গৌৰৱৰ মুহূৰ্ত! ৰাজ্যৰ ১১ গৰাকী শিল্পীলৈ সংগীত নাটক অকাডেমি বঁটা

অসমৰ শিল্পী সমাজলৈ গৌৰৱৰ মুহূৰ্ত! ৰাজ্যৰ ১১ গৰাকী শিল্পীলৈ সংগীত নাটক অকাডেমি বঁটা

June 11, 2026 2:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ বেলতলাত সুস্মিতা বসুমতাৰীৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত আকাশ প্ৰসাদক গ্ৰেপ্তাৰ

গুৱাহাটীৰ বেলতলাত সুস্মিতা বসুমতাৰীৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত আকাশ প্ৰসাদক গ্ৰেপ্তাৰ

June 11, 2026 2:38 pm
ওমান উপকূলত পুনৰ ভাৰতীয় জাহাজত আক্ৰমণ; চাৰিদিনৰ ভিতৰত তৃতীয়টো ডাঙৰ ঘটনা

ওমান উপকূলত পুনৰ ভাৰতীয় জাহাজত আক্ৰমণ; চাৰিদিনৰ ভিতৰত তৃতীয়টো ডাঙৰ ঘটনা

June 11, 2026 2:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd