বলীউদী গায়িকা আছিচ কৌৰৰ সংগীতানুষ্ঠানেৰে সামৰণি পৰিল গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বাৰ্ষিক মহোৎসৱ ‘ইউফুজিম ২০২৫’ৰ
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা বিশ্ববিদ্যালয় সপ্তাহ ‘ইউফুজিম ২০২৫’ৰ ৮মাৰ্চত সুকলমে সামৰণি পৰে । সংগীত ,কবিতা, নৃত্য, নাটক, কুইজ, প্ৰাচীৰ পত্ৰিকা ,বাগ্মিতা,লোকনৃত্য প্ৰতিযোগিতাৰ লগতে ৰবটিক্স আৰু চাৰ্কিটৰনিকছৰ দৰে কাৰিকৰী বিভাগৰ উপৰিও বেটল অৱ বেণ্ডছ, ফ’ক ডান্স, ফ’ক অৰ্কেষ্ট্ৰা, ফটোগ্ৰাফী, ড্ৰামা, স্কিট আদি কেইবাটাও আন্তঃমহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ত হোৱা প্ৰতিযোগিতা ৫ মাৰ্চ ২০২৫ ৰ পৰা ৮ মাৰ্চলৈকে অনুষ্ঠিত হয়। শংকৰী সংস্কৃতিৰ অন্যতম সৃষ্টি ভাওনা এই মহোৎসৱত বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা অনুষ্ঠিত হয়। এইবাৰৰ বিশ্ববিদ্যালয় সপ্তাহৰ মুখ্য আকৰ্ষণ আছিল বলীউদৰ সংগীত শিল্পী আছিচ কৌৰৰ সংগীতানুষ্ঠান। ১০ বিলিয়নতকৈ অধিক ষ্ট্ৰীমিঙৰ সৈতে স্পটিফাইত ভাৰতৰ তৃতীয় সৰ্বাধিক জনপ্ৰিয় মহিলা সংগীত শিল্পী হিচাপে খ্যাতি লাভ কৰা গায়িকা আছিচ কৌৰৰ সংগীতৰ মায়াজালে উপস্থিত দৰ্শকক মোহাচ্ছন্ন কৰে l
স্মৰ্তব্য যে, ৭ মাৰ্চ তাৰিখে ডিজে টনিৰ সংগীতানুষ্ঠানো অনুষ্ঠিত হয় । ইয়াৰ উপৰিও আন অনুষ্ঠান সমূহৰ ভিতৰত আছিল মিষ্টাৰ এণ্ড মিছ জিচিইউ, ৰবো ছকাৰ এণ্ড ৰবো ৰেচ, চাৰ্কিট্ৰনিক্স, গেমেথন আৰু জিচিইউ হেকাথন, ফক ফিউজন ফিয়েষ্টা, লাউড এণ্ড লাইভ, চিম্ফনী ছাগা, ষ্ট্ৰীট বেটেল ইত্যাদি । এই বছৰ ‘RETRO REWIND’ বিষয়বস্তুৰে অনুষ্ঠিত হোৱা বিশ্ববিদ্যালয় সপ্তাহত প্ৰায় ২৫ টা অনুষ্ঠান সম্পন্ন হয়, য’ত প্ৰায় ২.৫ লাখ টকাৰ পুৰস্কাৰ আগবঢ়োৱা হয়।
বিশ্ববিদ্যালয় সপ্তাহত অংশ দিয়া বিভিন্ন মিডিয়া অংশীদাৰসকলৰ ভিতৰত আছে কোকাকোলা (ইউফুজিম ২০২৫ৰ টাইটেল স্পনছৰ) আৰু আইটিচিৰ উপৰিও জি প্লাছ, ৯২.৭ বিগ এফএম ,প্ৰতিদিন টাইম, নৰ্থইষ্ট নাও, আইটিচি, ক্ৰাফ্টি, এক্সাম শাস্ত্ৰজ, ডি এছ এণ্টাৰপ্ৰাইজ, ডি’ৱেভ ষ্টুডিঅ’, নিঅ’লিংক্স, অনলি চেফ কুলিনেৰী স্কুল (খাদ্য অংশীদাৰ) আৰু ৰাহি গ্ৰুপ অৱ কোম্পানীজৰ দৰে প্ৰধান ব্ৰেণ্ড (ভ্ৰমণ আৰু আতিথ্যৰ অংশীদাৰ) আছিল।
চাৰি দিনীয়া কাৰ্যসূচীৰ অন্তত ৮ মাৰ্চ ২০২৫ ৰ সামৰণি অনুষ্ঠানত ভাষণ প্ৰদান কৰে শ্ৰীমন্ত শংকৰ একাডেমী ছ’চাইটিৰ সভাপতি যশোদা ৰঞ্জন দাস, বিশ্ববিদ্যালয়ৰ আচাৰ্য অধ্যাপক জয়ন্ত ডেকা আৰু উপাচাৰ্য অধ্যাপক কন্দৰ্প দাসে। মুখ্য অতিথি আৰু আমন্ত্ৰিত অতিথি হিচাপে এই অনুষ্ঠানত অসম আৰক্ষীৰ মহাপৰিদৰ্শক দিগন্ত বৰা আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন মাইম শিল্পী মইনুল হক উপস্থিত থাকে। প্ৰখ্যাত ভায়লিনবাদক মনোজ বৰুৱা আৰু তেওঁৰ বেণ্ডৰ পৰিৱেশন আৰু গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বিহু নৃত্যৰে ইউফুজিম ২০২৫-ত সফল পৰিসমাপ্তি ঘটে।