DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, March 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 27, 2023 9:19 am
122
VIEWS
Share on FacebookShare on Twitter

শুনা যায় যে কুম্ভীৰে পানীত নমাৰ পিছত পালে মানুহক টানি নিয়ে। কিন্তু কুম্ভীৰে পানীত ডুব যোৱা কাৰোবাক ঘূৰাই দিছে, এনে কথা কেতিয়াবা শুনিছেনে? শেহতীয়াকৈ তেনে এটা আশ্চৰ্যকৰ ঘটনা পোহৰলৈ আহিছে।

যিবোৰ নদীত কুম্ভীৰ দেখা যায়, সেই নদীবোৰত পানীত নমাটো যে বিপদজনক সেইটো কোৱাৰ প্ৰয়োজন নাই। পানীত নমাৰ পিছত কুম্ভীৰে কাক কেতিয়া টানি নিয়ে তালৈ সকলোৱে ভয় কৰে। কিন্তু শেহতীয়া এটা ঘটনাত সেই ধাৰণা সলনি হৈছে। দেখা গৈছে যে টানি নিয়াৰ পৰিৱৰ্তে, এটা কুম্ভীৰে পানীত ডুব যোৱা এটা শিশুক ঘূৰাই দিছে।

অৱশ্যে শিশুটো আৰু তেতিয়া জীৱিত নাছিল। ইতিমধ্যে পানীত ডুবি শিশুটিৰ মৃত্যু ঘটিছিল। কিন্তু তাৰ মৃতদেহ পৰিয়ালে উদ্ধাৰ কৰিব পৰা নাছিল। আৰু সেয়া কৰি দিছিল এটা কুম্ভীৰে। প্ৰকৃতিৰ আটাইতকৈ হিংসাত্মক হত্যাকাৰী হিচাপে চিনাক্ত কৰা প্ৰাণীটোৰ আচৰণত হতবাক হৈ পৰিছে উদ্ধাৰকাৰী দলটোৰ সদস্যসকল।

প্ৰকৃততে কি ঘটিছিল? জানিব পৰা মতে এই আশ্চৰ্যজনক ঘটনাটো ইণ্ডোনেছিয়াত সংঘটিত হৈছে। পূব কালিমান্তানৰ এটি চাৰি বছৰীয়া শিশু দুদিন ধৰি সন্ধানহীন হৈ আছিল। স্থানীয় উদ্ধাৰকাৰী দলৰ সদস্যসকলে মহম্মদ জিয়াদ ৱিজায়া নামৰ শিশুটিক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল।

গম পোৱা মতে শিশুটি অকলেই খেলিবলৈ ঘৰৰ ওচৰৰ মহাকাম নদীত নামি পৰিছিল। সকলোৱে ধৰি লৈছিল যে পানীত ডুবি শিশুটিৰ মৃত্যু হৈছে। তথাপিও পৰিয়ালৰ সদস্যসকলে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰিব পৰাৰ আশা বুকুত বান্ধি ৰৈছিল। কিন্তু বিচাৰি পোৱা নগ’ল।

A crocodile caught on camera carrying the body of a toddler above his head in the Mahakam River, Kutai Kartanegara, East Kalimantan, Indonesia 🇮🇩

Muhammad Ziyad Wijaya, 4 years old, was reportedly drowned & has been missing for 2 dayshttps://t.co/NsonbJEsHN pic.twitter.com/nBCuY8kXXQ

— Saad Abedine (@SaadAbedine) January 21, 2023

অৱশেষত, নদীত মাছ ধৰা নাও এখনত থকা মাছমৰীয়াসকলে এটা বিশাল আকাৰৰ কুম্ভীৰ সাঁতুৰি তেওঁলোকৰ পিনে আহি থকা দেখে। আৰু তাৰ পিঠিত সেই শিশুটিৰ মৃতদেহ। শিশুটিক নাওখনৰ কাষত পেলাই দি কুম্ভীৰটো গভীৰ পানীৰ মাজলৈ ঘূৰি গ’লল। শিশুটিৰ মৃতদেহত কুম্ভীৰৰ দাঁতৰ কোনো চিহ্ন নাছিল।

সমীক্ষা অনুসৰি, প্ৰতি বছৰে, বিশ্বজুৰি প্ৰায় ১,০০০ লোক কুম্ভীৰৰ পেটলৈ যায়।  সেইকাৰণেই এই প্ৰাণীটোক প্ৰকৃতিৰ আটাইতকৈ হিংসাত্মক হত্যাকাৰী হিচাপে চিহ্নিত কৰা হয়। কিন্তু এই ঘটনাৰ পিছত সেই ধাৰণা হয়তো অলপ হ’লেও সলনি হ’ব পাৰে।

Recent News

সংসদত মোৰ পৰৱৰ্তী ভাষণক লৈ শংকিত প্ৰধানমন্ত্ৰী; সেয়ে মোৰ সাংসদ পদ খাৰিজ কৰা হ’ল: ৰাহুল গান্ধী

সংসদত মোৰ পৰৱৰ্তী ভাষণক লৈ শংকিত প্ৰধানমন্ত্ৰী; সেয়ে মোৰ সাংসদ পদ খাৰিজ কৰা হ’ল: ৰাহুল গান্ধী

‘মোডী মানে দুৰ্নীতি’: ৰাহুল গান্ধী দোষী সাব্যস্ত হোৱাৰ পিছতে ভাইৰেল বিজেপি নেত্ৰীৰ পুৰণি টুইট

‘মোডী মানে দুৰ্নীতি’: ৰাহুল গান্ধী দোষী সাব্যস্ত হোৱাৰ পিছতে ভাইৰেল বিজেপি নেত্ৰীৰ পুৰণি টুইট

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ; গুৱাহাটীত আটক কেইবাজনো কংগ্ৰেছী বিধায়ক

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ; গুৱাহাটীত আটক কেইবাজনো কংগ্ৰেছী বিধায়ক

ৰাহুলৰ দৰে আইতাক ইন্দিৰা গান্ধীয়েও হেৰুৱাইছিল সাংসদ পদ! কি আছিল আদালতৰ ৰায়?

ৰাহুলৰ দৰে আইতাক ইন্দিৰা গান্ধীয়েও হেৰুৱাইছিল সাংসদ পদ! কি আছিল আদালতৰ ৰায়?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd