অশনি সংকেত! ভোটদানৰ হাৰ কমিলেই ক্ষমতা হেৰুৱায় গেৰুৱা বাহিনীয়ে; কি কয় তথ্য প্ৰমাণে?

ইতিমধ্যে `অৱ কী বাৰ ৪০০ পাৰ’ শ্লোগানে দৃশ্যপটৰ পৰা মুখ লুকুৱাইছে।  বিৰোধীয়ে মোডী ব্ৰিগেডক ২০০ আসনৰ ওপৰত যোৱাৰ কথা মানি লব  নোখোজে। সচেতন নাগৰিকসকলেও বিজেপিৰ এইবাৰৰ যাত্ৰা যে কঠিন বাটেৰে আগবাঢ়িছে সেয়া বিশ্বাস কৰি লৈছে। আৰু এই বিশ্বাস কেৱল অপপ্ৰচাৰ নহয়, তথ্য-পৰিসংখ্যাই ইয়াক প্ৰমাণ কৰে।

প্ৰথম দুটা পৰ্যায়ত ভোটদানৰ হাৰ হ্ৰাস পোৱাৰ ফলত বিজেপিৰ উদ্বেগ বৃদ্ধি পাইছে। তাতোকৈ ডাঙৰ কথাটো হ’ল এই ধাৰাটো বিশেষকৈ হিন্দী বলয়ত দেখা গৈছে। যোৱা পাঁচটা লোকসভা নিৰ্বাচনৰ ফলাফল বিশ্লেষণ কৰিলে এই ধাৰণাটোৰ ৰূপৰেখা পোৱা যাব।

বিশেষজ্ঞসকলে কয়, ‘ভাৰতত সাধাৰণতে দুই ধৰণৰ ভোটদানৰ হাৰ দেখা যায়- হয় ৫২-৬২ শতাংশ নহ’লে ৬২ শতাংশতকৈ অধিক। আশ্চৰ্যজনকভাৱে যদি ভোটাৰৰ হাৰ ৬২ শতাংশতকৈ অধিক হয় তেন্তে বিজেপিয়ে সুবিধা পাইছে। কিন্তু ভোটাৰৰ হাৰ যদি ৬২ শতাংশতকৈ কম হয় তেন্তে সুবিধা হৈছে কংগ্ৰেছৰ।

লগতে পঢ়কঃ মোডীৰ সৈতে বাঢ়িল দূৰত্ব! ভাৰত ভ্ৰমণ বাতিল কৰি চীনলৈ গ’ল ইলন মাস্ক

১৯৯৯ চনৰ নিৰ্বাচনত কাৰ্গিল যুদ্ধৰ আৱেগত বিজেপি ক্ষমতালৈ আহিছিল। সেইবাৰ প্ৰায় ৬০ শতাংশ ভোটদান হৈছিল। কংগ্ৰেছে ১১৪খন আসনত জয়লাভ কৰে। আনহাতে, অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত বিজেপিয়ে ১৮২ খন আসন লাভ কৰে। চাৰি বছৰৰ পাছত ২০০৪ চনৰ নিৰ্বাচনত বাজপেয়ীয়ে ‘ইণ্ডিয়া ছাইনিং’ বা ‘ভাৰত উদয়’ শ্লোগানেৰে প্ৰচাৰ চলাইছিল। বিদগ্ধ বিশেষজ্ঞসকলে কৈয়েই দিছিল যে বাজপেয়ীৰ ক্ষমতালৈ ঘূৰি অহাটো মাথোঁ সময়ৰ অপেক্ষা।

কিন্তু সেইবাৰ দুই শতাংশত কমকৈ ভোটদান হয়। সামগ্ৰিকভাৱে কংগ্ৰেছে ১৪৫খন আসন লাভ কৰে। কিন্তু বিজেপিৰ দখলত  থাকে ১৩৮ খন আসন। সেইবাৰ ইউপিএ মিত্ৰতা গঢ়ি কংগ্ৰেছ ক্ষমতালৈ আহিছিল। ২০০৯ চনৰ লোকসভা নিৰ্বাচনতো সেই ধাৰা অব্যাহত আছিল। ভোটাদানৰ হাৰ আছিল ৫৮.২০ শতাংশ। কংগ্ৰেছে ২০৬ খন আসন লাভ কৰে। আনহাতে, ১১৬ খন আসন দখল কৰিলে এল কে আদৱানীৰ নেতৃত্বত বিজেপিয়ে। মনমোহন সিঙৰ নেতৃত্বত দ্বিতীয়খন ইউপিএ চৰকাৰ গঠন হয়।

২০১৪ চনৰ নিৰ্বাচন সকলোপিনৰ পৰাই গুৰুত্বপূৰ্ণ আছিল। এফালে বিজেপিৰ নতুন পোষ্টাৰ বয় নৰেন্দ্ৰ মোদীয়ে ইউপিএ চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে ধৰ্মযুদ্ধৰ আহ্বান জনাইছিল। ভাৰতীয় জনসাধাৰণেও সঁহাৰি দিছিল। ভোটাৰৰ ভোটদানৰ হাৰ আঠ শতাংশতকৈ অধিক বৃদ্ধি পাইছিল। শতিকা পুৰণি কংগ্ৰেছৰ ফলাফল ইতিহাসৰ ভিতৰতে সৰ্বনিম্ন আছিল। তেওঁলোকে মাত্ৰ ৪৪খন আসনহে পাইছিল। আৰু মোডী ঢৌৰ সৈতে বিজেপিয়ে ২৮২খন আসন লাভ কৰিছিল।

লগতে পঢ়কঃ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ নাতিৰ বিৰুদ্ধে যৌন কেলেংকাৰীৰ অভিযোগ! আপত্তিজনক ভিডিঅ’ক লৈ আৰম্ভ তদন্ত

ইয়াৰ পাঁচ বছৰৰ পাছত ২০১৯ চনৰ নিৰ্বাচনত আটাইতকৈ বেছি চৰ্চা চলে ছাৰ্জিকেল ষ্ট্ৰাইকক লৈ। পাকিস্তানৰ বালাকোটত বায়ুসেনাৰ আক্ৰমণৰ কাহিনীয়ে জনসাধাৰণৰ ওপৰত প্ৰবল প্ৰভাৱ পেলাইছিল। ভোটাৰৰ ভোটদানৰ হাৰো ৬৭ শতাংশতকৈও অধিক বৃদ্ধি পায়। বিজেপিয়েও হাতে হাতে তাৰ ফলাফল পাইছিল। ৩০৩খন আসন লাভ কৰি পুনৰ ক্ষমতালৈ আহে মোডী। আৰু কংগ্ৰেছে মাত্ৰ ৫২ খন আসনতে ৰৈ গ’ল।

চলিত নিৰ্বাচনৰ প্ৰথম দুটা পৰ্যায়ৰ অন্ত পৰিছে। প্ৰথম পৰ্যায়ত ১০২টা সমষ্টিত ৬২.৪ শতাংশ ভোটদান হৈছে। যোৱাবাৰ এই আসনত গড় ভোটাদানৰ হাৰ আছিল ৬৯.৪৩ শতাংশ। অৰ্থাৎ প্ৰায় সাত শতাংশ হ্ৰাস। আৰু দ্বিতীয় পৰ্যায়ত ৮৮টা সমষ্টিত ভোটদান হৈছে। মোডী-শ্বাহৰ আহ্বান আৰু চৰকাৰী প্ৰচেষ্টা সত্ত্বেও এই পৰ্যায়ত ভোটাৰৰ হাৰ প্ৰায় ৬২ শতাংশ। এই পৰ্যায়তো ভোটাৰৰ ভোটদানৰ হাৰ প্ৰায় ৪ শতাংশ হ্ৰাস পাইছে।

আটাইতকৈ আমোদজনক কথাটো হ’ল যে যিবোৰ ৰাজ্যত বিজেপিয়ে অধিক আসনৰ আশা কৰিছে, অৰ্থাৎ উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান, মহাৰাষ্ট্ৰ আৰু গুজৰাটত ভোটদানৰ হাৰ বহু কম হৈছে। য’ত দুই শতাংশ ভোটৰ হেৰফেৰ হ’লেই চৰকাৰ সলনি হয়, তাত উত্তৰ প্ৰদেশত ৭ শতাংশ, বিহাৰত ৫ শতাংশ, মধ্যপ্ৰদেশত ৯ শতাংশ ভোটদান কম হৈছে।

লগতে পঢ়কঃ প্ৰধানমন্ত্ৰী মোডীক ‘সমালোচনা’ কৰি ৰাজৰোষত সাংবাদিক; ভাৰত এৰি যাব লগা হ’ল গুচি!

এই তথ্যই বিজেপিৰ উদ্বেগ বৃদ্ধি কৰিছে। ভোট দিবলৈ এতিয়াও বহুকেইটা পৰ্যায় বাকী আছে। কিন্তু ভোটদানৰ হাৰৰ এই ধাৰা অব্যাহত থাকিলে দেশত পুনৰবাৰ ভোটদানৰ হাৰ ৬০ শতাংশৰ তললৈ নামিব। এই তথ্য কিন্তু বিজেপিৰ বাবে ক্ষমতাত তিকি থকাৰ ক্ষেত্ৰত অতি বিপদজনক ইংগিত।