• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতত অতুল বৰাৰ বিৰুদ্ধে কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী হ’ব প্ৰাক্তন বিধায়ক জিতেন গগৈ!

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , February 13, 2021 7:36 pm

2 min read

3ebde1b9-b511-4fa0-8b6d-8720dae86876
333
VIEWS
Share on FacebookShare on Twitter

৯৩ নং বোকাখাত বিধান সভা সমষ্টিত জীতেন গগৈ হ’ব কংগ্ৰেছৰ মহাজোঁটৰ কংগ্ৰেছ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী৷ এই ঘোষণা বোকাখাতৰ প্ৰাক্তন বিধায়ক জীতেন গগৈৰ৷

সাংসদ গৌৰৱ গগৈৰ লগত বৃহস্পতিবাৰে নিশা বোকাখাতৰ নিজা বাসগৃহত ৰুদ্ধদ্বাৰ বৈঠক মিলিত হৈছিল জিতেন গগৈ৷এই আলোচনাৰ পিছতেই জীতেন গগৈয়ে আজি বোকাখাত নিৰ্মাণ গোটৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰে৷

সংবাদমেলত জিতেন গগৈয়ে গগৈয়ে আগন্তুক বিধান সভা নিৰ্বাচনত কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী হিচাবে বোকাখাত সমষ্টিত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা কৰে৷

এই সম্পৰ্কত কংগ্ৰেছৰ দলৰ পৰা তেওঁলৈ এই প্ৰস্তাৱ অহাৰ কথাও সংবাদ মেলত তেওঁ ঘোষণা কৰে৷

অৱশ্যে অসম প্ৰদেশ কংগ্ৰেছ আৰু নিখিল ভাৰত কংগ্ৰেছ কমিতিৰ পৰা অনুমোদনৰ লাভৰ পাছতহে এয়া নিশ্চিত হ’ব বুলিও জিতেন গগৈয়ে মন্তব্য কৰে৷

সংবাদ মেলত জিতেন গগৈয়ে নিজৰ সমষ্টিবাসীক নিজৰ হাইকামাণ্ড আখ্যা দি নিজকে সৰু পুখুৰীৰ ডাঙৰ মাছ বুলি মন্তব্য কৰে৷ বোকাখাত সমষ্টিৰ পৰা নিৰ্বাচিত হ’লে আৰু ৰাজ্যত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ’লে জিতেন গগৈয়ে মন্ত্ৰীত্ব ল’ব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নক একেষাৰেই নস্যাৎ কৰে জিতেন গগৈয়ে৷

আজিৰ এই সংবাদ মেলত বিজেপি নহয় অগপৰ সভাপতি অতুল বৰাহে তেওঁৰ মূল শত্ৰু বুলিও ঘোষণা কৰে৷ ২০২১ৰ নিৰ্বাচনেই তেওঁৰ শেষ নিৰ্বাচন হ’ব বুলিও ঘোষণা কৰে জীতেন গগৈয়ে৷

ইফালে সংবাদমেল চলি থাকোতে বোকাখাতৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক তথা সংসদীয় সচিব অৰুণ ফুকন আহি বোকাখাত নিৰ্মাণ গোটৰ কাৰ্যালয়ত প্ৰৱেশ কৰি জিতেন গগৈৰ লগত ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়৷

কংগ্ৰেছৰ দলৰ সৈতে জিতেন গগৈৰ এনে ৰুদ্ধদ্বাৰ বৈঠকে এতিয়া যথেষ্ট অস্বস্তিত পেলাইছে বোকাখাত কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীসকলক৷

Recent News

IMG-20210228-WA0001(1)

জাহাজৰ প্ৰতীক চিহ্নৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অসম জাতীয় পৰিষদে

IMG_20210227_200752

নগাঁও জিলাৰ ৭টা বিধান সভা সমষ্টিত ১৯০০টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰে কৰিব ভোটদান

bomb-750x375

মুকেশ আম্বানীৰ ঘৰৰ সন্মুখত বিস্ফোৰক ভৰ্তি বাহন ৰখাৰ দায়িত্ব স্বীকাৰ কৰিলে জইছ-উল-হিন্দে

a cov123

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোভিড ভেকচিনৰ দাম কিমান হ’ব? নিৰ্দ্ধাৰণ কৰি দিলে কেন্দ্ৰই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd