• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিবাহ বিচ্ছেদ বিচাৰিছে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে; ৰাজহুৱাকৈ জনালে পত্নী নীতিয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 30, 2025 8:52 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় ছবছৰ পূৰ্বে ছ’চিয়েল মিডিয়াত এটা বাতৰি প্ৰচাৰ হৈছিল যে তদানীন্তন ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে বিবাহ বিচ্ছেদ কৰিবলৈ ওলাইছে। কিন্তু সেই সময়ত তেওঁৰ পত্নী নীতি দেৱে বিবৃতি জাৰি কৰি জনাইছিল যে এই সকলোবোৰ ‘উৰাবাতৰি’। বিপ্লৱক ৰাজনৈতিকভাৱে ‘বদনাম’ কৰিবলৈ এই ধৰণৰ ‘ৰটনা’ কৰা হৈছে।

বিপ্লৱ এতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী। ইয়াৰ উপৰিও তেওঁ পশ্চিম ত্ৰিপুৰাৰ সাংসদো। এইবাৰ তেওঁৰ পত্নী নীতিয়েই সেই বিপ্লৱক লৈ ৰাজহুৱা বিবৃতি দিছে। বুধবাৰে ছ’চিয়েল মিডিয়াত লিখিছে, “দেৱজীয়ে বিবাহ বিচ্ছেদ বিচাৰিছে।” ছচিয়েল মিডিয়াত নীতিয়ে এটা দীঘলীয়া পোষ্ট দিছে। তাত প্ৰকাশ পাইছে ২৪ বছৰীয়া ‘এটা ভগ্ন সম্পৰ্কৰ যন্ত্ৰণা’ৰ কাহিনী। নীতিয়ে লিখিছে, “মই মোৰ ফালৰ পৰা মোৰ সাধ্য অনুসৰি চেষ্টা কৰিছো।কিন্তু আৰু একোৱেই কৰিবলগীয়া নাই।”

Apply Now

বিপ্লৱ-নীতিৰ দুটা সন্তান – এজন পুত্ৰ, এগৰাকী কন্যা। এজন প্ৰাপ্তবয়স্ক, আনজন প্ৰাপ্তবয়স্ক হোৱাৰ উপক্ৰম হৈছে। সন্তানৰ কথা উল্লেখ কৰি নীতিয়ে লিখিছে, “কোনো মাকে কেতিয়াও এনে পৰিস্থিতিৰ সন্মুখীন হ’ব নিবিচাৰে। যেতিয়া তেওঁৰ সন্তানে (মাক-দেউতাকৰ পৰা) সৰ্বোত্তমখিনি পোৱাৰ কথা।”

এই সন্দৰ্ভত বিপ্লৱৰ কোনো প্ৰতিক্ৰিয়া দেখা নাই। আগৰতলা আৰু দিল্লীত থকা ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সহায়কসকলেও কোনো সঁহাৰি দিয়া নাই। কিন্তু নীতিৰ বিবৃতিক লৈ কেৱল বিজেপিয়েই নহয় ত্ৰিপুৰাৰ ৰাজনীতিতো আলোড়ন তুলিবলৈ আৰম্ভ কৰিছে।

বিপ্লৱৰ জন্ম যদিও ত্ৰিপুৰাত, তথাপি তেওঁ জীৱনৰ এক বৃহৎ অংশ দিল্লীত কটায়। ৰাজধানী চহৰত জিম প্ৰশিক্ষক হিচাপেও কাম কৰিছিল। তাতেই তেওঁ নীতিক লগ পাইছিল। প্ৰথমে ভালপোৱা, পিছলৈ বিয়া। সেই সময়তে বিজেপিৰ সৈতে ঘনিষ্ঠতা আৰম্ভ হৈছিল। পিছলৈ তেওঁ কেইবাজনো বিজেপি সাংসদৰ ব্যক্তিগত সহায়ক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। সেই বিপ্লৱক ২০১৬ চনত ত্ৰিপুৰা বিজেপিৰ সভাপতি হিচাপে নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে প্ৰেৰণ কৰিছিল। তেওঁৰ নেতৃত্বত ২০১৮ চনত বিজেপিয়ে দীৰ্ঘদিনীয়া বাওঁপন্থী চৰকাৰক উৎখাত কৰিছিল। তেওঁক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়। কিন্তু বিপ্লৱে প্ৰথম পাঁচ বছৰীয়া কাৰ্যকাল শেষ হোৱাৰ পূৰ্বে ২০২২ চনত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল। ইয়াৰ পিছত বিজেপিয়ে তেওঁক ৰাজ্যসভালৈ প্ৰেৰণ কৰে। গেৰুৱা শিবিৰে ২০২৪ চনৰ লোকসভা নিৰ্বাচনতো তেওঁক টিকট দিছিল। তেওঁ জয়ী হৈ সাংসদ হয়।

বৰ্তমান দিল্লী নিৰ্বাচনত ব্যস্ত বিপ্লৱ। সেই সময়ত তেওঁৰ পত্নী নীতিয়ে ছ’চিয়েল মিডিয়াত এক বিবৃতিৰ জৰিয়তে বিবাহ বিচ্ছেদৰ কথা জনাইছে। ইমান ডাঙৰ সিদ্ধান্ত কিয়? অৱশ্যে সেই কথা নীতিয়ে স্পষ্ট কৰা নাই। অৱশ্যে বিপ্লৱৰ বিষয়ে তেওঁ লিখিছে, “তেওঁ প্ৰলোভনৰ জালত পৰিছে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

July 22, 2026 7:45 am
হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

July 22, 2026 6:45 am
জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm
‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

July 21, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

July 22, 2026 7:45 am
হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

July 22, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd