সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাহ বাগিছাত কৰ্মৰত শ্ৰমিকৰ এজন সুযোগ্য পুত্ৰই গৌৰৱাম্বিত কৰিলে আমগুৰি বৰুৱা চাহবাগিছাৰ বাসিন্দাসকলৰ লগতে সমগ্ৰ আমগুৰি অঞ্চলকে।
মেধাৱী ছাত্ৰ জনৰ নাম চন্দন কুৰ্মী ৷ পিতৃ-মাতৃ পেছাত চাহ শ্ৰমিক হোৱা বাবে আৰ্থিক দৈন্যতাই যাতে মেধাবী চন্দনৰ পঢ়াত ব্যাঘাত নজন্মে তাৰ বাবে সৰুৰে পৰা চন্দনৰ খুড়াক তথা আমগুৰি বৰুৱা চাহ বাগিছাৰ শাখা পৰিচালক দীপক কুৰ্মীয়ে লৈ আহিছিল।
চন্দক বাগিছাৰ আৱাসলৈ আনি খুড়াকে আবাসগৃহৰ কাষতে এটি আচুতীয়া কক্ষ সাজি দিছিল।
ইয়াতেই কুমলীয়া বয়সতে চন্দনে কেইবাখনো গ্ৰন্থ লিখি প্ৰকাশ কৰি সাহিত্য প্ৰতিভাৰো প্ৰমাণ দিবলৈ সক্ষম হৈছিল।
সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মাত্ৰ ৮ নম্বৰৰ বাবে স্থান লাভৰ পৰা বঞ্চিত চন্দনৰ ঘৰত এতিয়া উৎসৱ মুখৰ পৰিৱেশ।
ঘৰখনৰ গুৰি ধৰোতা চন্দনৰ আইতাক আনন্দত আত্মহাৰা, পিতৃ-মাতৃ, বৰদেউতাক-বৰমাক, ভাই-ভনী আজি সকলো চন্দনক উৎসাহিত কৰিবলৈ গোট খাইছে।
এক বৃহৎ পৰিয়ালৰ সদস্য চন্দন l চন্দনৰ এই সফলতাত আৱেগিক হৈ পৰিছে খুড়াক দীপক কুৰ্মী।
জীৱন বাটত কঠোৰ সংগ্ৰামেৰে সফলতাৰ খ্যাতি অৰ্জন কৰা চন্দনৰ খুড়াক দীপক কুৰ্মীয়ে পৰিয়ালৰ সকলো ল’ৰা-ছোৱালীৰ দায়িত্ব গ্ৰহণ কৰি ইতিমধ্যে কেইবাজনো ভতিজা-ভতিজীৰ জীৱন সফল কৰি তুলিছে।
ইয়াৰে এক বাস্তৱ উদাহৰণ চন্দন কুৰ্মী। আমগুৰিবাসী ৰাইজে চন্দনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।