DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভুৱা চালানেৰে কৰ ফাঁকিৰ অপচেষ্টা; সুৰা সৰবৰাহকাৰীক নাকী লগালে আবকাৰী বিভাগে

আবকাৰীৰ চোৰাংচোৱা শাখাক প্ৰশংসা মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 15, 2020 7:44 pm
index

আবকাৰী বিভাগে কৰায়ত্ত কৰা লোক দুজন।

137
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী বুধবাৰে নিশা সোণাপুৰৰ তেতেলীয়াত আবকাৰী বিভাগৰ চোৰাংচোৱা শাখা একচাইজ ইণ্টেলিজেন্স ব্যুৰ’ৱে এক অভিযান চলায়। এই অভিযানত আইএমএফএল সৰবৰাহৰ ক্ষেত্ৰত অবৈধ চালান ব্যৱহাৰ কাণ্ড পোহৰলৈ আনিবলৈ সক্ষম হয় অভিযানকাৰী দলটো।

ৰাজহ ফাঁকি দি ব্যৱসায় চলাই অহা জব্দকৃত চালানসমূহ যোৰহাট জিলাৰ মৰিয়নিৰ হিমালয় ডিষ্টিলাৰী প্ৰাইভেট লিমিটেড নামৰ উদ্যোগৰ পৰা এমএছ বৰগোহাঁই এণ্টাৰপ্ৰাইজ বণ্ডেড ৱেৰ হাউচ প্ৰাইভেট লিমিটেডলৈ সামগ্ৰী কঢ়িয়াই থকা হৈছিল।

বুধবাৰে অবৈধ চালান উদ্ধাৰৰ লগতে দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আবকাৰীৰ অভিযানকাৰী দলটো।

অভিযানত এএছ-০১-জিজি-৪১৯৭ নম্বৰৰ সুৰা ভৰ্তি ট্ৰাকসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৰঞ্জন দৈমাৰী আৰু হাবিবুল হকক। অৱশ্যে দীনেশ ৰাভা নামৰ আন এজনে পলায়ন কৰে।

গ্ৰেপ্তাৰ হোৱা লোক দুজনৰ লগতে পলায়ন কৰা লোকজনৰ গুৱাহাটীৰ ১২ মাইলৰ নিজ নিজ বাসভৱনত আবকাৰীৰ দলে তালাচী চলায়। বৰ্তমান আবকাৰী বিভাগে অনলাইন চালান প্ৰদান কৰে। এই চালান যোগে সামগ্ৰী সৰবৰাহ হয়।

গ্ৰেপ্তাৰ কৰা দুজন লোকে ২০১৬ চনৰ আবকাৰী বিভাগে প্ৰদান কৰা চালান ব্যৱহাৰ কৰি আছিল। কিন্তু এই চালান বিভাগে কেতিয়াবাই বন্ধ কৰিছে।

ৰাজ্যৰ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আবকাৰীৰ চোৰাংচোৱা শাখাক এই সাফল্যৰ বাবে প্ৰশংসা কৰে৷ মন্ত্ৰীগৰাকীয়ে আবকাৰী বিভাগক তদন্ত চলাই নিয়াৰ নিৰ্দেশ দিয়াৰ লগতে ৰাজহ ফাকি দিয়াত সহায় কৰা সংশ্লিষ্ট বিষয়া আৰু কামৰূপ মহানগৰ এনফৰ্চমেণ্ট বিষয়াৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ প্ৰদান কৰে৷

ইতিমধ্যে পৰিমল শুক্লবৈদ্যৰ নিৰ্দেশত কামৰূপ মহানগৰ আবকাৰী অধীক্ষকৰ নেতৃত্বত এটা বিশেষ দল গঠন কৰা হৈছে৷ এই দলটোৱে আবকাৰী বিভাগৰ অবৈধ বটলিং উদ্যোগত অভিযান চলাই ৯১৮ কেছ দেশীয় ভাৱে নিৰ্মিত বিদেশী সুৰা, যন্ত্ৰ-পাতি আৰু ৪ হাজাৰ লিটাৰ বিশেষ এলকহল জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে ৬ মাহ পূৰ্বে হিমালয় ডিষ্টিলাৰী প্ৰাইভেট লিমিটেড নামৰ কাৰখানাৰ সমীপৰ পৰা আবকাৰী বিভাগে অবৈধ মদ জব্দ কৰিবলৈ সক্ষম হৈছিল আৰু ঘটনাৰ সৈতে জড়িত লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল৷

আইএমএলএফ অবৈধভাৱে বটলিং কৰাৰ অপৰাধত দুজনক গ্ৰেপ্তাৰ কৰা হৈছিল৷ তাৰে এজন পলাতক হৈ  আছিল৷

ইফালে এনে অবৈধ চালান ব্যৱহাৰেৰে কৰ ফাঁকি দিয়া ঘটনা যাতে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে তাৰ বাবে  যোৰহাট, শিৱসাগৰকে আদি কৰি একাধিক জিলাত অভিযান অব্যাহত ৰাখিছে আবকাৰী বিভাগে।

Recent News

মহৎ কৰ্মৰ স্বীকৃতি! ভাৰতৰ আশা কৰ্মীসকলক সন্মান জনালে বিশ্ব স্বাস্থ্য সংস্থাই

মহৎ কৰ্মৰ স্বীকৃতি! ভাৰতৰ আশা কৰ্মীসকলক সন্মান জনালে বিশ্ব স্বাস্থ্য সংস্থাই

জাতি-মাটি-ভাষাক ভালপোৱাৰ নিদৰ্শন! শৰীৰত অসমৰ জাতীয় সংগীত টাটু কৰি ল’লে নিতুৱে (চাওক ভিডিঅ’)

জাতি-মাটি-ভাষাক ভালপোৱাৰ নিদৰ্শন! শৰীৰত অসমৰ জাতীয় সংগীত টাটু কৰি ল’লে নিতুৱে (চাওক ভিডিঅ’)

‘সন্তানক কোৰাণ শিকাওক, কিন্তু ঘৰতে’-মাদ্ৰাছাৰ বিৰুদ্ধে পুনৰ সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সন্তানক কোৰাণ শিকাওক, কিন্তু ঘৰতে’-মাদ্ৰাছাৰ বিৰুদ্ধে পুনৰ সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

পুনৰ কৰ’নাৰ প্ৰকোপ! ভাৰতকে ধৰি ১৬ খন দেশলৈ ভ্ৰমণ নিষিদ্ধ কৰিছে চৌদি আৰবে

পুনৰ কৰ’নাৰ প্ৰকোপ! ভাৰতকে ধৰি ১৬ খন দেশলৈ ভ্ৰমণ নিষিদ্ধ কৰিছে চৌদি আৰবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd