• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সোণ-ৰূপ নহয়, চন্দ্ৰত আছে আৰু অধিক মূল্যৱান খনিজ পদাৰ্থ! হ’ব পাৰে মহাজাগতিক যুদ্ধও

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 7, 2023 1:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ চন্দ্ৰযান-৩ সফলতাৰে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিছে। চন্দ্ৰযান-৩ৰ কাম সদ্যহতে প্ৰায় শেষ। লেণ্ডাৰ বিক্ৰম আৰু ৰ’ভাৰ প্ৰজ্ঞানে চন্দ্ৰৰ বুকুত বিচৰণ কৰি বিভিন্ন খনিজ পদাৰ্থ সংগ্ৰহ কৰিছে। চালফাৰ, এলুমিনিয়াম, কেলচিয়াম আদি বিভিন্ন খনিজ পদাৰ্থ আছে। সোণ, ৰূপ বা হীৰা আদি বহুমূলীয়া খনিজ পদাৰ্থ নাথাকিলেও তাত যি আছে সেয়া তাতকৈ বেছি দামী!

বিজ্ঞানীসকলে দাবী কৰিছে যে চন্দ্ৰৰ বুকুত এনে সম্পদ আছে, যিবোৰ সংগ্ৰহ কৰিব পাৰিলে পৃথিৱীৰ ইন্ধনৰ প্ৰয়োজনীয়তা কেইবা যুগলৈকে পূৰণ হ’ব। অৰ্থাৎ চন্দ্ৰত যিয়ে অধিকাৰ সাৱ্যস্ত কৰিব, সিয়েই মালামাল হৈ পৰিব।

আমেৰিকাৰ নাছা, ৰাছিয়াৰ ৰছকছমছ, জাপানৰ জাক্সা বা ভাৰতৰ ইছৰো – এই সকলোবোৰ চন্দ্ৰত অৱতৰণ কৰিছে। কিন্তু কিয় সকলোৱেই চন্দ্ৰলৈ ঢাপলি মেলিছে কিয়? কেবল অজ্ঞাত আৱিষ্কাৰৰ বাবে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰা হৈছে? নিশ্চিতভাৱে নহয়। চন্দ্ৰ অভিযানৰ আঁৰত কেৱল বিজ্ঞানেই নহয়, ব্যৱসায়িক স্বাৰ্থও লুকাই আছে। চন্দ্ৰত কেইবাটাও বহুমূলীয়া খনিজ পদাৰ্থ আছে, যিবোৰ হাতলৈ আহিলে ই যিকোনো দেশৰ অৰ্থনীতি পুনৰুজ্জীৱিত কৰিব পাৰে।

Apply Now

লগতে পঢ়ক: অভূতপূৰ্ব গৱেষণা! শুক্ৰাণু ,কণী বা গৰ্ভ নোহোৱাকৈ মানৱ ভ্ৰূণৰ সম্পূৰ্ণ আৰ্হি গঢ়ি তুলিলে বিজ্ঞানীয়ে

জীৱাশ্ম ইন্ধন বৰ্তমান বিশ্বৰ চালিকা শক্তি। কিন্তু জীৱাশ্ম ইন্ধনৰ ব্যাপক ব্যৱহাৰৰ লগে লগে খনিজৰ মজুত শেষ হৈ গৈ আছে। ইয়াৰ ব্যৱহাৰৰ পৰিমাণ ইমানেই বেছি যে অহা ৫০ বছৰৰ ভিতৰত পৃথিৱীৰ খনিজ পদাৰ্থ শেষ হ’ব পাৰে। মাত্ৰ ৫০ বছৰৰ খনিজ তেল, ৫৩ বছৰৰ প্ৰাকৃতিক গেছ আৰু ১১০ বছৰৰ কয়লাহে মজুত আছে। এনে পৰিস্থিতিত চন্দ্ৰত থকা বিপুল পৰিমাণৰ হিলিয়াম থ্ৰী বিশ্বৰ ত্ৰাণকৰ্তা হৈ উঠিব পাৰে।

নাছাই অনুমান কৰিছে যে চন্দ্ৰত ১১ লাখ মেট্ৰিক টন হিলিয়াম-৩ থাকিব পাৰে। অৰ্থাৎ ১১০ কোটি কিলোগ্ৰাম হিলিয়াম আছে। হাইড্ৰ’জেনৰ পিছত পৃথিৱীত সৰ্বাধিক সহজলভ্য মৌল হৈছে হিলিয়াম। কিন্তু আমাৰ পৃথিৱীত ইয়াৰ পৰিমাণ বহুত কম। এই বিপুল পৰিমাণৰ হিলিয়াম-৩ ব্যৱহাৰ কৰি বিশ্বৰ শক্তিৰ প্ৰয়োজনীয়তা বহু পৰিমাণে পূৰণ কৰা সম্ভৱ। তেতিয়া কয়লাৰ প্ৰয়োজন নাথাকিব। প্ৰাকৃতিক গেছৰ প্ৰয়োজন নহ’ব।

হিচাপ অনুসৰি ৫০০০ কিলোগ্ৰাম কয়লা জ্বলাই দিলে ৪০ গ্ৰাম হিলিয়াম-৩ মৌলৰ সমান শক্তি উৎপন্ন হয়। কেৱল সেয়াই নহয়, এই হিলিয়াম-৩ মৌলৰ দ্বাৰা অগতানুগতিকভাৱে পাৰমাণৱিক শক্তি উৎপাদন কৰিলেও তেজস্ক্রিয়তাৰ বিপদ সম্পূৰ্ণৰূপে পৰিহাৰ কৰিব পৰা যাব।

লগতে পঢ়ক: ইউক্ৰেইনৰ কষ্টিয়ান্টিনিভকাত ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত শিশুসহ নিহত কমেও ১৭ জন

হিলিয়ামৰ কি ব্যৱহাৰ? অজ্বলনশীল আৰু পোহৰ হোৱাৰ বাবে বতৰ পৰ্যবেক্ষণ বেলুনত হিলিয়াম ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও চিকিৎসা, বৈজ্ঞানিক গৱেষণা, বিমানৰ বাবে গেছ, পাৰমাণৱিক ৰিয়েক্টৰৰ বাবে শীতল পদাৰ্থ আৰু গেছ লিক ধৰা পেলোৱাৰ বাবে হিলিয়াম ব্যৱহাৰ কৰা হয়।

চন্দ্ৰত স্ক্যাণ্ডিয়াম, ইট্ৰিয়াম আৰু লেন্থানাইড আদি বিৰল ধাতুও পোৱা যায়। স্মাৰ্টফোন, কম্পিউটাৰ বা বিভিন্ন ধৰণৰ উন্নত প্ৰযুক্তিৰ ক্ষেত্ৰত এই ধাতুসমূহৰ প্ৰয়োজনীয়তা অপৰিসীম।

কিন্তু চন্দ্ৰৰ পৰা খনিজ পদাৰ্থ সংগ্ৰহ কৰাটো একেবাৰেই সহজ নহয়। ইয়াৰ বাবে উন্নত প্ৰযুক্তিৰ ৰবটৰ প্ৰয়োজন হ’ব। তদুপৰি পৃথিৱীলৈ খনিজ পদাৰ্থ অনাটোও যথেষ্ট খৰচী। কিন্তু বিশ্বৰ সকলো সৰু-বৰ দেশেই এই ধাতুসমূহৰ একচেটিয়া অধিকাৰ লাভৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে। চন্দ্ৰ অভিযানত কোটি কোটি টকা ব্যয় কৰা হৈছে। ইছৰোৰ বিক্ৰম অৱতৰণ কৰাৰ পিছত প্ৰজ্ঞানৰ অন্যতম প্ৰধান কাম আছিল খনিজ পদাৰ্থৰ সন্ধান কৰা।

১৯৬৬ চনৰ ৰাষ্ট্ৰসংঘৰ মহাকাশ চুক্তিত কোৱা হৈছে যে কোনো দেশেই চন্দ্ৰ বা আন কোনো বহিঃ মহাজাগতিক বস্তুৰ ওপৰত অধিকাৰ দাবী কৰিব নোৱাৰে। কিন্তু এই চুক্তিত ব্যক্তিগত সংস্থাৰ কথা উল্লেখ কৰা হোৱা নাছিল। তাৰ পিছত ১৯৭৯ চনত ৰাষ্ট্ৰসংঘৰ উদ্যোগত আন এক ‘মুন এগ্ৰিমেন্ট’ সংঘটিত হয়। তাত কোৱা হৈছে, কোনো ব্যক্তিগত সংস্থাই চন্দ্ৰৰ মাটিৰ ওপৰত দাবী কৰিব নোৱাৰে।

লগতে পঢ়ক: মিলিও নিমিলিল! কি কাৰণে ঘৰ ভাঙিল তাৰকা দম্পতি জো-ছোফিৰ?

কিন্তু মহাকাশ যাত্ৰাত আগবাঢ়ি থকা কোনো এখন ৰাষ্ট্ৰই এই চুক্তিত স্বাক্ষৰ কৰা নাই। বিজ্ঞানীসকলে কয় যে প্ৰায় সকলো দেশেই চন্দ্ৰত খননৰ প্ৰস্তুতি আৰম্ভ কৰিছে। বহু বিশেষজ্ঞই ইংগিত দিছে যে এই পৰিস্থিতিয়ে যুদ্ধৰো সূচনা কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ মাচুল ভৰিব লাগিব নেকি ভাৰতে? মাৰ্কিন সংসদত গৃহীত নতুন  ১০০ শতাংশ শুল্ক আৰোপৰ বিধেয়ক গৃহীত

ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ মাচুল ভৰিব লাগিব নেকি ভাৰতে? মাৰ্কিন সংসদত গৃহীত নতুন  ১০০ শতাংশ শুল্ক আৰোপৰ বিধেয়ক গৃহীত

September 17, 2026 7:27 am
নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ মাচুল ভৰিব লাগিব নেকি ভাৰতে? মাৰ্কিন সংসদত গৃহীত নতুন  ১০০ শতাংশ শুল্ক আৰোপৰ বিধেয়ক গৃহীত

ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ মাচুল ভৰিব লাগিব নেকি ভাৰতে? মাৰ্কিন সংসদত গৃহীত নতুন  ১০০ শতাংশ শুল্ক আৰোপৰ বিধেয়ক গৃহীত

September 17, 2026 7:27 am
নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd