• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 9, 2026 1:00 pm
40
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেংগালুৰুত নতুন লেবেল লগাই পুৰণি আৰু ম্যাদ উকলি যোৱা খাদ্যসামগ্ৰী বিক্ৰী কৰাৰ অভিযোগত বৃহৎ অভিযান চলাইছে কৰ্ণাটকৰ খাদ্য আৰু ঔষধ প্ৰশাসন বিভাগে। খাদ্য সুৰক্ষাৰ নিয়ম মানি চলা হৈছে নে নাই, সেয়া পৰীক্ষা কৰিবলৈ একেৰাহে এসপ্তাহ ধৰি চলোৱা এই অভিযানত আমাজন আৰু ইনষ্টামাৰ্টৰ গুদামকে ধৰি কেইবাটাও স্থানৰ পৰা ভুৱা লেবেল লগোৱা আৰু ম্যাদ উকলি যোৱা খাদ্যসামগ্ৰী উদ্ধাৰ কৰা হয়। এই ঘটনাৰ সৈতে জড়িত এটা চক্ৰৰো সন্ধান পোৱা গৈছে। অভিযানত প্ৰায় ৩ কোটি টকা মূল্যৰ খাদ্যসামগ্ৰী জব্দ কৰা বুলি জানিব পৰা গৈছে।

কৰ্ণাটকৰ স্বাস্থ্যমন্ত্ৰী ইউ টি কাদেৰে মঙলবাৰে এই অভিযান সন্দৰ্ভত তথ্য প্ৰকাশ কৰে। তেওঁ কয় যে বেংগালুৰুত নিয়ম উলংঘনৰ অভিযোগত এখন ‘পেপটাইড পাৰ্টি’ বন্ধ কৰি দিয়া হৈছিল। সেই ঘটনাৰ তদন্ত চলাওঁতেই এই খাদ্যসামগ্ৰী যোগান ধৰা চক্ৰটোৰ সন্ধান পোৱা যায়। মন্ত্ৰীগৰাকীৰ মতে, বিভিন্ন তথ্যৰ ভিত্তিত সামগ্ৰীসমূহ ক’ৰ পৰা অনা হৈছিল সেয়া অনুসন্ধান কৰা হয় আৰু আমাজনৰ এটা ডাৰ্ক ষ্ট’ৰৰ পৰাও এই সামগ্ৰী আহিছিল বুলি পোহৰলৈ আহে।

Apply Now

ইয়াৰ পাছতে খাদ্য আৰু ঔষধ প্ৰশাসন বিভাগৰ বিষয়াসকলে দেবনাহাল্লিত থকা আমাজনৰ বিএলআৰ৬ গুদামত অভিযান চলায়। তাত প্ৰায় ১৪ লাখ টকা মূল্যৰ ভুৱা লেবেল লগোৱা খাদ্যসামগ্ৰী, ১০ লাখ টকা মূল্যৰ ম্যাদ উকলি যোৱা খাদ্যসামগ্ৰী আৰু অনুজ্ঞাপত্ৰ নথকা ২ লাখ ৪৫ হাজাৰ টকা মূল্যৰ ঔষধ জব্দ কৰা হয়। মাদিৱালাৰ আমাজনৰ বিএলআৰ৭ গুদামতো তল্লাশি চলোৱা হয়। সেই স্থানৰ পৰা ১৯ লাখ টকা মূল্যৰ ভুৱা লেবেলযুক্ত খাদ্যসামগ্ৰী, ১৩ লাখ টকাৰ ম্যাদ উকলি যোৱা খাদ্যসামগ্ৰী আৰু ১ লাখ ৫৭ হাজাৰ টকাৰ অনুজ্ঞাপত্ৰবিহীন ঔষধ উদ্ধাৰ কৰা হয়।

স্বাস্থ্যমন্ত্ৰীয়ে জনোৱা মতে, লিঙ্গৰাজপুৰমৰ এটা শ্বেডত ‘লিঅ’ ৭ এণ্টাৰপ্ৰাইজেছ’ নামৰ এটা সংস্থাই কাম চলাই আছিল। তালাচীত সেই স্থানৰ পৰা প্ৰায় ৫৭ লাখ টকা মূল্যৰ ম্যাদ উকলি যোৱা খাদ্যসামগ্ৰী উদ্ধাৰ কৰা হয়। অভিযানৰ পাছতে সেই কেন্দ্ৰটো বন্ধ কৰি দিয়া হৈছে।

আনহাতে, হোছকোটৰ এটা ইনষ্টামাৰ্ট কেন্দ্ৰতো অভিযান চলাই কৰ্তৃপক্ষই সেই স্থান বন্ধ কৰি দিয়ে। তাত এতিয়ালৈকে প্ৰায় ৪২ লাখ টকা মূল্যৰ ম্যাদ উকলি যোৱা খাদ্যসামগ্ৰী জব্দ কৰা হৈছে। খাদ্য আৰু ঔষধ প্ৰশাসন বিভাগে জানিবলৈ দিয়া মতে, কেন্দ্ৰটোত তদন্ত এতিয়াও চলি আছে আৰু তাত মজুত থকা ভুল লেবেলযুক্ত আৰু ম্যাদ উকলি যোৱা সামগ্ৰীৰ মুঠ মূল্য প্ৰায় ১ কোটি টকা হ’ব পাৰে।

এটা অভিযোগৰ ভিত্তিত এইচবিআৰ লে’আউটৰ ‘সপ্ত বজাৰ’ নামৰ দোকানতো অভিযান চলোৱা হয়। তাত প্ৰায় ১০ হাজাৰ টকা মূল্যৰ ম্যাদ উকলি যোৱা কাজু বিস্কুট, ৰাগিৰ আটা, চিকেন পেটি, পনীৰ, কুকিজ, বাদাম, কণী আৰু ময়দা জব্দ কৰা হয়।

স্বাস্থ্যমন্ত্ৰীয়ে কয় যে এনে কাৰ্যক কেৱল জৰিমনাৰ বিষয় হিচাপে নেদেখি ফৌজদাৰী অপৰাধ হিচাপে গণ্য কৰাৰ বাবে আইন বিভাগ আৰু কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। তেওঁৰ অভিযোগ অনুসৰি, বৰ্তমান এনে অনিয়মৰ ক্ষেত্ৰত প্ৰতিষ্ঠানৰ মালিকসকলে কেৱল জৰিমনা দিয়েই সাৰি যায়। কিন্তু জনসাধাৰণৰ স্বাস্থ্যৰ সৈতে জড়িত এনে ঘটনাক গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰা উচিত বুলি তেওঁ মন্তব্য কৰে। লগতে এনে অনিয়মৰ বিৰুদ্ধে অধিক অভিযোগ দাখিল কৰিবলৈ সাধাৰণ লোককো আহ্বান জনায়।

ইফালে, পশ্চিমবংগৰ বিভিন্ন স্থানতো বিগত কিছুদিন ধৰি বাসি আৰু ভেজাল খাদ্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলিছে। কলকাতা পৌৰসভাই এতিয়ালৈকে ৪০খন খাদ্য বিপণীৰ অনুজ্ঞাপত্ৰ স্থগিত কৰিছে। খাদ্য সুৰক্ষাৰ নিয়ম মানি চলা হৈছে নে নাই পৰীক্ষা কৰিবলৈ পৌৰসভাৰ বিষয়াসকলে চহৰখনৰ বিভিন্ন প্ৰান্তত থকা ৰেস্তোৰাঁ আৰু বৃহৎ বিপণীকেন্দ্ৰৰ খাদ্য প্ৰাংগণতো তালাচী চলাইছে।

অভিযানৰ সময়ত ৰন্ধনশালাৰ পৰিচালনা ব্যৱস্থা, খাদ্য মজুত কৰাৰ পদ্ধতি আৰু খাদ্যৰ মান পৰীক্ষা কৰা হৈছে। পৌৰসভাৰ এটা সূত্ৰৰ মতে,  পচি যোৱা মাংস, ক’তো ছাই ধৰা মিঠাই আৰু ক’তো নিম্নমানৰ মছলা বা নিষিদ্ধ ৰং ব্যৱহাৰৰ তথ্য পোৱা গৈছে। কেইবাখনো নামী ৰেস্তোৰাঁ আৰু খাদ্য প্ৰাংগণতো অনিয়মৰ প্ৰমাণ পোৱাৰ পাছত সেইবোৰো নিষেধাজ্ঞাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm
বোকাখাতত পাম অইল খেতিক লৈ উত্তপ্ত পৰিস্থিতি, খিলঞ্জীয়াৰ চৰণীয়া ভূমিত হাত নিদিবলৈ জীপালৰ সজোৰ হুংকাৰ

বোকাখাতত পাম অইল খেতিক লৈ উত্তপ্ত পৰিস্থিতি, খিলঞ্জীয়াৰ চৰণীয়া ভূমিত হাত নিদিবলৈ জীপালৰ সজোৰ হুংকাৰ

September 29, 2026 5:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd