শীতৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ বহুতে লেপ বা কম্বলৰ ভিতৰত মুখ সম্পূৰ্ণৰূপে ঢাকি শোৱাৰ অভ্যাস কৰে। যদিও এই অভ্যাসে সাময়িকভাৱে উষ্ণতা আৰু আৰাম প্ৰদান কৰে, চিকিৎসা বিশেষজ্ঞৰ মতে ই স্বাস্থ্যৰ বাবে গুৰুতৰ বিপদ মাতি আনিব পাৰে।
প্ৰখ্যাত হাওঁফাওঁ ৰোগ বিশেষজ্ঞ ডাঃ শিৱৰাজ পাটিলৰ মতে, শোৱাৰ সময়ত মুখ ঢাকি ৰাখিলে শৰীৰত অক্সিজেনৰ মাত্ৰা প্ৰায় ১৫-২০ শতাংশ পৰ্যন্ত হ্ৰাস পাব পাৰে। মুখ ঢাকি শুলে আমি এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছ পুনৰ উশাহৰ জৰিয়তে শৰীৰৰ ভিতৰলৈ সোমাই যায়। ইয়াৰ ফলত শ্বাস-প্ৰশ্বাসত বাধাৰ সৃষ্টি হোৱাৰ লগতে মূৰৰ বিষ, বমি ভাৱ আৰু অস্বস্তি অনুভৱ হ’ব পাৰে।
কম্বলৰ ভিতৰত অত্যধিক তাপ জমা হোৱাৰ ফলত শৰীৰত ঘাম ওলাব পাৰে, যাৰ ফলত গভীৰ নিদ্ৰাত ব্যাঘাত জন্মে। টোপনি আধৰুৱা হ’লে দিনৰ ভাগত ভাগৰুৱা অনুভৱ কৰা, খিংখিঙীয়া ভাব আৰু কামত মনোযোগৰ অভাৱ ঘটাটো স্বাভাৱিক।
কাৰ বাবে এই অভ্যাস অধিক বিপদজনক? যিসকল লোক স্লিপ এপনিয়া (Sleep Apnea), হাঁপানী বা হৃদৰোগত ভুগি আছে, তেওঁলোকৰ বাবে মুখ ঢাকি শোৱাটো প্ৰাণঘাটী হ’ব পাৰে। বিশেষকৈ কেঁচুৱাৰ ক্ষেত্ৰত এই অভ্যাস অতি মাৰাত্মক; ইয়াক হঠাৎ শিশুমৃত্যু (SIDS)ৰ অন্যতম কাৰক হিচাপে গণ্য কৰা হয়।
শীতকালত দেহৰ উষ্ণতা বজাই ৰাখিবলৈ মুখ ঢকাৰ পৰিৱৰ্তে গধুৰ কাপোৰ বা গৰম মোজা পিন্ধিব পাৰে। কম্বলখন ডিঙিলৈকে ব্যৱহাৰ কৰি মুখখন সদায় মুকলিকৈ ৰখা উচিত। ই শৰীৰক পৰ্যাপ্ত অক্সিজেন যোগান ধৰাত সহায় কৰে আৰু টোপনি সতেজ কৰে। সুস্থ আৰু নিৰাপদ জীৱনশৈলীৰ বাবে আজিৰে পৰা এই ক্ষতিকাৰক অভ্যাস পৰিহাৰ কৰক।





