NORTHEAST NOW (Assamese)

ৰাজনৈতিক বিবেচনা অবিহনেই নীতি প্ৰণয়ন; বিজেপিৰে সম্পৰ্কৰ বিতৰ্কত ফে’চবুকৰ স্পষ্টীকৰণ!

August 17, 2020 1:31 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

বিজেপিৰ প্ৰতি ফে’চবুকৰ নমনীয় অৱস্থানক লৈ ৰাজনৈতিক বিতৰ্কই ক্ৰমে উত্তাপ বৃদ্ধি কৰিছে।

ইয়াৰ মাজতে ফে’চবুকৰ মুখপাত্ৰই দবী কৰিছে যে ফে’চবুকে সকলো উচটনিমূলক মন্তব্যৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে। যিবোৰ বিষয়ে হিংসা বিয়পাব পাৰে ফে’চবুকত সেইবোৰৰ স্থান নাই বুলিও তেওঁ দাবী কৰে।

সংবাদ সংস্থাৰ আগত তেওঁ কয় যে ‘কাৰো কোনো ৰাজনৈতিক অৱস্থান বিবেচনা নকৰাকৈ আমি গোটেই বিশ্বৰ বাবে নীতি প্ৰণয়ন কৰো।‘

ফে’চবুকে এই কাম একেবাৰে নিখুঁতভাৱে কৰে বুলি অৱশ্যে মুখপাত্ৰগৰাকীয়ে দাবী কৰিব পৰা নাই।

গোটেই বিষয়টো ভালদৰে খুতিয়াই চাবলৈ অগ্ৰসৰ হৈছে ফে’চবুক।

উল্লেখ্য যে ৱাল ষ্ট্ৰীট জাৰ্ণেলত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতত ব্যৱসায়ত উজুটি খাব বুলি আশংকা কৰি ফে’চবুকে বিজেপি নেতাসকলৰ উচটনিমূলক প’ষ্টৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই।

ইয়াৰ পাছতে এটা টুইটৰ জৰিয়তে ৰাহুল গান্ধীয়ে কয় যে ভাৰতত ফে’চবুক আৰু হোৱাটছএপক বিজেপি আৰু আৰএছএছে নিয়ন্ত্ৰণ কৰে। ইয়াৰ দ্বাৰা তেওঁলোকে ভুৱা বাতৰি আৰু ঘৃণা বিয়পায় তথা ভোটাৰসকলক প্ৰভাৱিত কৰিবলৈ ব্যৱহাৰ কৰে। অৱশেষত আমেৰিকাৰ সংবাদমাধ্যমে ফে’চবুকৰ সত্যটো পোহৰলৈ আনিছে।

ৰাহুল গান্ধীৰ এই মন্তব্যৰ পাছতে কেন্দ্ৰীয় তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে ‘কেমব্ৰিজ এনালাইটিকা’ প্ৰসংগ টানি ৰাহুক কটাক্ষ কৰে।

তেওঁ কয় যে যিয়ে নিজ দলৰ লোকক প্ৰভাৱিত কৰিব নোৱাৰে, তেওঁলোকেই এটা কথা বাৰে বাৰে কৈ থাকে যে গোটেই বিশ্বকে বিজেপি আৰু আৰএছএছে নিয়ন্ত্ৰণ কৰে।

প্ৰসাদে কয়, ‘’ নিৰ্বাচনৰ আগেয়ে কেমব্ৰিজ এনালাইটিকা আৰু ফে’চবুকৰ সৈতে তথ্য ব্যৱহাৰৰ কাৰমে আপুনি মুকলিকৈ ধৰা পৰিছিল। এতিয়া আমাক প্ৰশ্ন কৰাৰ ধৃষ্টতা কৰিছে?’’

Related News