• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

||Video|| গুৱাহাটীৰ পৰা আমেৰিকাৰ নাগৰিকক ঠগি ধন ঘটা আন্তঃৰাষ্ট্ৰীয় প্ৰৱঞ্চক চক্ৰ উৎখাত

গুৱাহাটীৰ পৰা জাল পেলাই শ শ আমেৰিকানৰ পৰা ধন সৰকাইছিল ৪০জনীয়া দলে

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 22, 2019 8:39 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ পৰা জাল পেলাই আমেৰিকাৰ শ শ নাগৰিকৰ পৰা ধন সৰকাই থকা এটা বৃহৎ চক্ৰক আৰক্ষীয়ে যোৱানিশা উৎখাত কৰে। এই কথা জনাইছে চি আই ডিৰ অতিৰিক্ত সঞ্চালক প্ৰধান এল আৰ বিষ্ণই।

চি আই ডিৰ উপ মহাপৰিদৰ্শক মৃদুলানন্দ শৰ্মাৰ নেতৃত্বত ৰাতি অতৰ্কিতে চলা অভিযানটোত “কল চেণ্টাৰ”ৰ ৰূপত থকা আন্তঃৰাষ্ট্ৰীয় প্ৰৱঞ্চক চক্ৰটোৰ মুৰব্বীকে ধৰি মুঠ ৩৭জনক আটক কৰে আৰক্ষীয়ে। ইয়াৰে ২৮জন পুৰুষ আৰু ৯গৰাকী মহিলা।

Apply Now

চক্ৰটোৰ মূল গুৰি ধৰোতা ৰাজেশ খান ওৰফে ৰাজেশ মুখাৰ্জী ওৰফে ৰাজেশ ভাই গুজৰাটী লোক। তেওঁৰ নেতৃত্বত প্ৰায় ৪০জন লোকে গুৱাহাটী মহানগৰীৰ জু-নাৰেংগীৰ ৰ’ডৰ পৰা চলাই আছিল অনলাইন প্ৰৱঞ্চনাৰ এই বৃহৎ আন্তঃৰাষ্ট্ৰীয় জালখন।

সংবাদমেলত চি আই ডিৰ বিষয়াজনে কয়, ৰাজেশে তেওঁৰ কামকাজ চলাবলৈ জু-নাৰেংগী ৰ’ডত থকা পবীন্দ্ৰ হাজৰিকাৰ ঘৰৰ দ্বিতীয় মহলাত বহুৱাই লৈছিল এটা হাই-টেক অফিচ, য’ত আছিল ১০টা চি চি টি ভি, প্ৰায় ৪০টা ৱৰ্ক ষ্টেইশ্যন, ইণ্টাৰনেট সংযোগ, বাহিৰৰ পৰা মানুহে নেদেখা ক’লা গ্লাছেৰে খিৰিকী, দ্বিতীয় মহলাৰ কাৰ্য্যালয়টোলৈ যোৱা ছিৰিত তলা লগাই ৰাখে। কাম চলে ৰাতি দহ বজাৰ পৰা।

ৰাজেশে ঘৰটো মালিকৰ পৰা লীজত লোৱা ৰয় ব্ৰাদাৰ্চ টেকন’লজি নামৰ কোম্পানিটোৰ পৰা মাহে ২ লাখ টকাত ভাৰাত লৈছিল অস্তিত্বহীন, পঞ্জীয়নহীন অভিনিৰ প্ৰাইভেট লিমিটেডৰ নামত। ইয়াত প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা আছিল।

কালি নিশা অভিযানৰ সময়ত ৰাজেশ পলাবলৈ সক্ষম হৈছিল যদিও আজি চি আই ডিৰ জালত পৰে।

জেৰাৰ সময়ত য়ু টিউবৰ পৰা ৰাজেশে এই অবৈধ কামকাজ কৰাৰ শিক্ষা গ্ৰহণ কৰা বুলি কয়।

ৰাজেশৰ উপৰি গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত অন্ধ্ৰ প্ৰদেশৰ এজন, কৰ্ণাটকৰ এজন, গুজৰাটৰ দুজন, শ্বিলঙৰ ১৯জন, ডিমা হাচাওৰ এজন, কামৰূপৰ এজন, গোলাঘাটৰ এজন, নাগালেণ্ডৰ এজন, দিল্লীৰ এজন যুৱক। আনহাতে মেঘালয়ৰ কেইৱাগৰাকী যুৱতীৰ লগতে অসম আৰু ত্ৰিপুৰাৰ এগৰাকীকৈ যুৱতীও আটক হয়।

কেনেকৈ কৰে প্ৰৱঞ্চনা?

আমেৰিকাৰ নাগৰিকক জালত পেলাবলৈ ৰাজেশহঁতে প্ৰায় ৭ লাখ আমেৰিকানৰ তথ্য থকা ডাটাবেইজ ব্যৱহাৰ কৰে। তেওঁলোকৰ লক্ষ্য ঘাইকৈ আমেৰিকান নাগৰিক। তেওঁলোকে প্ৰৱঞ্চনা কৰি আহিছে। সেই তথ্যৰ আধাৰত তেওঁলোকে প্ৰতিদিনে প্ৰায় ৬০ হাজাৰ আমেৰিকান নাগৰিকলৈ ‘ছ’চিয়েল ছিকিউৰিটি এজেন্সিৰ নাম লৈ মেছেজ কৰে। লোকজনক কিবা অবৈধ কাম-কাজৰ লগত জড়িত হৈ থকাৰ তথ্য পোৱা বুলি কৈ তেওঁক এটা নম্বৰত যোগাযোগ কৰিবলৈ কয়। কল কৰিব দিয়া নম্বৰটো আমেৰিকাৰ যদিও সেই ফোলকলটো বিশেষ পদ্ধতিৰে গুৱাহাটীৰ ৰাজেশহঁতৰ কাৰ্য্যালয়লৈ ৰিডাইৰেক্ট হোৱা কৰি থোৱা হয়।

৬০ হাজাৰৰ প্ৰায় ৪ হাজাৰ মানুহে এনে ধৰণে মেচেজ পাই ফোন কৰে। ফোন গুৱাহাটীতে ৰিচিভ কৰে। সেই কলটো প্ৰথম এজন এক্সিকিউটিভে ৰিচিভ কৰাৰ পাছত তাক ষ্টে’ট ছিকিউৰিটি এডমিনিষ্ট্ৰেইশ্যন অফিচলৈ ট্ৰান্সফাৰ কৰা বুলি কৈ আন তেওঁলোকৰে এজনলৈ ট্ৰান্সফাৰ কৰে।

সেইজনে আকৌ আমেৰিকাৰ নাগৰিকজনক ষ্টেইট ছিকিউৰিটি নম্বৰটো (এছ এছ এন) কিছুমান অবৈধ কামকাজত জড়িত আছে বুলি কৈ তেওঁক গ্ৰেপ্তাৰ হোৱাৰ ভয় দেখুৱাই। তাৰ পাছত তেওঁৰ পৰা ষ্টেইট ছিকিউৰিটি নম্বৰটো বিচাৰে, যিটো ভাৰতৰ আধাৰ নম্বৰৰ দৰেই, য’ত নাগৰিকজনৰ বিত্তীয়কে ধৰি গুৰুত্বপূৰ্ণ তথ্য মজুত থাকে। এই সকলো তথ্য প্ৰৱঞ্চক ৰাজেশহঁতে লাভ কৰে। লোকজনৰ গিফট কাৰ্ড নম্বৰো লাভ কৰে আৰু আৰু তেওঁৰ একাউন্টত কিমান ধন ৰাশি জমা আছে সেই তথ্য গম পায়। তাৰ পাছত লোকজনৰ পৰা টকা সৰকায়।

এই ধন প্ৰথমতে আমেৰিকাত থকা দালালৰ হাতলৈ আহে আৰু তাৰ পাছত সেয়া ভাৰতলৈ ট্ৰান্সফাৰ হয়। এইদৰে মাহে প্ৰায় ৫০ লাখ টকা উপাৰ্জন কৰিছিল ৰাজেশহঁতে।

সংবাদমেলত ৰাজেশক আগত ৰাখি এই সমস্ত বিৱৰণ দিয়ে চি আই ডিৰ অতিৰিক্ত সঞ্চালক প্ৰধান এল আৰ বিষ্ণই।

সংবাদমেলৰ সময়ত চি আই ডিয়ে কাষত ৰাখি লোৱা ৰাজেশে কয় যে তেওঁলোকে ভাৰতীয় লোকক টাৰ্গেট নকৰে। ভাৰতীয় বাবেই ভাৰতীয়ক টাৰ্গেট নকৰাৰ নীতি গ্ৰহণ কৰিছিল। আনহাতে নাইজেৰিয়াৰ মানুহ অতি চালাক বুলিও কয় ৰাজেশে।

গুৱাহাটীৰে এজন ব্যক্তিৰ অভিযোগৰ ভিত্তিত চি আই ডিৰ এই বৃহৎ অভিযানটো চলিছিল উপ মহাপৰিদৰ্শক মৃদুলানন্দ শৰ্মাৰ নেতৃত্বত।

চি আই ডিয়ে ১২/২০১৯ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২০(বি), ৪১৯, ৪২০, ৪৬৮, ৪৭০ (১), ৩৪৮ আৰু তথ্য প্ৰযুক্তি আইনৰ ৬৬ ধাৰাত গোচৰ ৰুজু কৰিছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd