||Video|| গুৱাহাটীৰ পৰা আমেৰিকাৰ নাগৰিকক ঠগি ধন ঘটা আন্তঃৰাষ্ট্ৰীয় প্ৰৱঞ্চক চক্ৰ উৎখাত

গুৱাহাটীৰ পৰা জাল পেলাই শ শ আমেৰিকানৰ পৰা ধন সৰকাইছিল ৪০জনীয়া দলে

গুৱাহাটীৰ পৰা জাল পেলাই আমেৰিকাৰ শ শ নাগৰিকৰ পৰা ধন সৰকাই থকা এটা বৃহৎ চক্ৰক আৰক্ষীয়ে যোৱানিশা উৎখাত কৰে। এই কথা জনাইছে চি আই ডিৰ অতিৰিক্ত সঞ্চালক প্ৰধান এল আৰ বিষ্ণই।

চি আই ডিৰ উপ মহাপৰিদৰ্শক মৃদুলানন্দ শৰ্মাৰ নেতৃত্বত ৰাতি অতৰ্কিতে চলা অভিযানটোত “কল চেণ্টাৰ”ৰ ৰূপত থকা আন্তঃৰাষ্ট্ৰীয় প্ৰৱঞ্চক চক্ৰটোৰ মুৰব্বীকে ধৰি মুঠ ৩৭জনক আটক কৰে আৰক্ষীয়ে। ইয়াৰে ২৮জন পুৰুষ আৰু ৯গৰাকী মহিলা।

চক্ৰটোৰ মূল গুৰি ধৰোতা ৰাজেশ খান ওৰফে ৰাজেশ মুখাৰ্জী ওৰফে ৰাজেশ ভাই গুজৰাটী লোক। তেওঁৰ নেতৃত্বত প্ৰায় ৪০জন লোকে গুৱাহাটী মহানগৰীৰ জু-নাৰেংগীৰ ৰ’ডৰ পৰা চলাই আছিল অনলাইন প্ৰৱঞ্চনাৰ এই বৃহৎ আন্তঃৰাষ্ট্ৰীয় জালখন।

সংবাদমেলত চি আই ডিৰ বিষয়াজনে কয়, ৰাজেশে তেওঁৰ কামকাজ চলাবলৈ জু-নাৰেংগী ৰ’ডত থকা পবীন্দ্ৰ হাজৰিকাৰ ঘৰৰ দ্বিতীয় মহলাত বহুৱাই লৈছিল এটা হাই-টেক অফিচ, য’ত আছিল ১০টা চি চি টি ভি, প্ৰায় ৪০টা ৱৰ্ক ষ্টেইশ্যন, ইণ্টাৰনেট সংযোগ, বাহিৰৰ পৰা মানুহে নেদেখা ক’লা গ্লাছেৰে খিৰিকী, দ্বিতীয় মহলাৰ কাৰ্য্যালয়টোলৈ যোৱা ছিৰিত তলা লগাই ৰাখে। কাম চলে ৰাতি দহ বজাৰ পৰা।

ৰাজেশে ঘৰটো মালিকৰ পৰা লীজত লোৱা ৰয় ব্ৰাদাৰ্চ টেকন’লজি নামৰ কোম্পানিটোৰ পৰা মাহে ২ লাখ টকাত ভাৰাত লৈছিল অস্তিত্বহীন, পঞ্জীয়নহীন অভিনিৰ প্ৰাইভেট লিমিটেডৰ নামত। ইয়াত প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা আছিল।

কালি নিশা অভিযানৰ সময়ত ৰাজেশ পলাবলৈ সক্ষম হৈছিল যদিও আজি চি আই ডিৰ জালত পৰে।

জেৰাৰ সময়ত য়ু টিউবৰ পৰা ৰাজেশে এই অবৈধ কামকাজ কৰাৰ শিক্ষা গ্ৰহণ কৰা বুলি কয়।

ৰাজেশৰ উপৰি গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত অন্ধ্ৰ প্ৰদেশৰ এজন, কৰ্ণাটকৰ এজন, গুজৰাটৰ দুজন, শ্বিলঙৰ ১৯জন, ডিমা হাচাওৰ এজন, কামৰূপৰ এজন, গোলাঘাটৰ এজন, নাগালেণ্ডৰ এজন, দিল্লীৰ এজন যুৱক। আনহাতে মেঘালয়ৰ কেইৱাগৰাকী যুৱতীৰ লগতে অসম আৰু ত্ৰিপুৰাৰ এগৰাকীকৈ যুৱতীও আটক হয়।

কেনেকৈ কৰে প্ৰৱঞ্চনা?

আমেৰিকাৰ নাগৰিকক জালত পেলাবলৈ ৰাজেশহঁতে প্ৰায় ৭ লাখ আমেৰিকানৰ তথ্য থকা ডাটাবেইজ ব্যৱহাৰ কৰে। তেওঁলোকৰ লক্ষ্য ঘাইকৈ আমেৰিকান নাগৰিক। তেওঁলোকে প্ৰৱঞ্চনা কৰি আহিছে। সেই তথ্যৰ আধাৰত তেওঁলোকে প্ৰতিদিনে প্ৰায় ৬০ হাজাৰ আমেৰিকান নাগৰিকলৈ ‘ছ’চিয়েল ছিকিউৰিটি এজেন্সিৰ নাম লৈ মেছেজ কৰে। লোকজনক কিবা অবৈধ কাম-কাজৰ লগত জড়িত হৈ থকাৰ তথ্য পোৱা বুলি কৈ তেওঁক এটা নম্বৰত যোগাযোগ কৰিবলৈ কয়। কল কৰিব দিয়া নম্বৰটো আমেৰিকাৰ যদিও সেই ফোলকলটো বিশেষ পদ্ধতিৰে গুৱাহাটীৰ ৰাজেশহঁতৰ কাৰ্য্যালয়লৈ ৰিডাইৰেক্ট হোৱা কৰি থোৱা হয়।

৬০ হাজাৰৰ প্ৰায় ৪ হাজাৰ মানুহে এনে ধৰণে মেচেজ পাই ফোন কৰে। ফোন গুৱাহাটীতে ৰিচিভ কৰে। সেই কলটো প্ৰথম এজন এক্সিকিউটিভে ৰিচিভ কৰাৰ পাছত তাক ষ্টে’ট ছিকিউৰিটি এডমিনিষ্ট্ৰেইশ্যন অফিচলৈ ট্ৰান্সফাৰ কৰা বুলি কৈ আন তেওঁলোকৰে এজনলৈ ট্ৰান্সফাৰ কৰে।

সেইজনে আকৌ আমেৰিকাৰ নাগৰিকজনক ষ্টেইট ছিকিউৰিটি নম্বৰটো (এছ এছ এন) কিছুমান অবৈধ কামকাজত জড়িত আছে বুলি কৈ তেওঁক গ্ৰেপ্তাৰ হোৱাৰ ভয় দেখুৱাই। তাৰ পাছত তেওঁৰ পৰা ষ্টেইট ছিকিউৰিটি নম্বৰটো বিচাৰে, যিটো ভাৰতৰ আধাৰ নম্বৰৰ দৰেই, য’ত নাগৰিকজনৰ বিত্তীয়কে ধৰি গুৰুত্বপূৰ্ণ তথ্য মজুত থাকে। এই সকলো তথ্য প্ৰৱঞ্চক ৰাজেশহঁতে লাভ কৰে। লোকজনৰ গিফট কাৰ্ড নম্বৰো লাভ কৰে আৰু আৰু তেওঁৰ একাউন্টত কিমান ধন ৰাশি জমা আছে সেই তথ্য গম পায়। তাৰ পাছত লোকজনৰ পৰা টকা সৰকায়।

এই ধন প্ৰথমতে আমেৰিকাত থকা দালালৰ হাতলৈ আহে আৰু তাৰ পাছত সেয়া ভাৰতলৈ ট্ৰান্সফাৰ হয়। এইদৰে মাহে প্ৰায় ৫০ লাখ টকা উপাৰ্জন কৰিছিল ৰাজেশহঁতে।

সংবাদমেলত ৰাজেশক আগত ৰাখি এই সমস্ত বিৱৰণ দিয়ে চি আই ডিৰ অতিৰিক্ত সঞ্চালক প্ৰধান এল আৰ বিষ্ণই।

সংবাদমেলৰ সময়ত চি আই ডিয়ে কাষত ৰাখি লোৱা ৰাজেশে কয় যে তেওঁলোকে ভাৰতীয় লোকক টাৰ্গেট নকৰে। ভাৰতীয় বাবেই ভাৰতীয়ক টাৰ্গেট নকৰাৰ নীতি গ্ৰহণ কৰিছিল। আনহাতে নাইজেৰিয়াৰ মানুহ অতি চালাক বুলিও কয় ৰাজেশে।

গুৱাহাটীৰে এজন ব্যক্তিৰ অভিযোগৰ ভিত্তিত চি আই ডিৰ এই বৃহৎ অভিযানটো চলিছিল উপ মহাপৰিদৰ্শক মৃদুলানন্দ শৰ্মাৰ নেতৃত্বত।

চি আই ডিয়ে ১২/২০১৯ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২০(বি), ৪১৯, ৪২০, ৪৬৮, ৪৭০ (১), ৩৪৮ আৰু তথ্য প্ৰযুক্তি আইনৰ ৬৬ ধাৰাত গোচৰ ৰুজু কৰিছে।