• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়াৰ বিড়ম্বনা! ধৰ্মৰক্ষকৰ ৰোষত পৰিল ব্ৰয়লাৰ পালন কৰা উদ্যোগী যুৱক

খোৱাটো নহয়! ব্ৰয়লাৰ ফার্ম খোলাটোহে অপৰাধ নেকি?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 30, 2020 1:55 pm
Jubok

ব্ৰইলাৰ ফাৰ্ম খুলি শংকৰ সংঘৰ ৰোষত পৰা যুৱক সুনীল বৰা। ফটো উৎস: ফেইচবুক

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধৰ্ম ৰক্ষকৰ ৰোষত পৰিল যোৱা বৰ্ষৰ নৱেম্বৰ মাহত মুম্বাইৰ পৰা স্বগৃহলৈ উভতি আহি ব্ৰয়লাৰ ফার্ম খুলি জীৱিকা নিৰ্বাহ কৰা এজন উদ্যোগী যুৱক।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা ‘নিষিদ্ধ’ ঘোষিত পক্ষী ব্ৰয়লাৰ পালন কৰাৰ বাবেই লখিমপুৰ নাৰায়ণপুৰৰ কমলপুৰ শাখাৰ পৰা সহযোগ বিচ্ছিন্ন কৰা হ’ল সৰুল’ৰা বৰা আৰু তেওঁৰ পৰিয়ালটোক। অৰ্থ্যাৎ পুত্ৰ সুনীল বৰাই ব্ৰয়লাৰ ফার্ম খুলি উপাৰ্জনৰ পথ মোকলাই লোৱাটোৱেই অপৰাধ হ’ল সৰুল’ৰা বৰাৰ।

Apply Now

বিগত ১৫-১৬ বছৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত ওতঃপোতঃভাৱে জৰিত হৈ থকা সৰুল’ৰা বৰাক কমলপুৰ প্ৰাথমিকৰ সভাপতি অমূল্য বৰা আৰু সম্পাদক দিলীপ বৰা স্বাক্ষৰ সম্বলিত এখন পত্ৰৰ জৰিয়তে সাময়িকভাৱে শাখাৰ পৰা বহিস্কাৰ কৰাৰ কথা উল্লেখ কৰে।

তাৰ পাছতে মূৰত সৰগ খহি পৰা যেন অৱস্থাৰ সৃষ্টি হয় অসহায় সৰুল’ৰা বৰাৰ।

ফেইচবুকত ইতিমধ্যে ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত সৰুল’ৰা বৰাই কয়, ‘আমাৰ খেতি-বাতি কৰিবলৈ মাটি-পথাৰ তেনেকৈ নাই। আমাৰ ল’ৰাটোৰ অকলেও নহয়, লগত আৰু তিনিটা ল’ৰাই মিলি খুলিছে। ইহঁতৰ নিজৰো নহয়, কোম্পানীয়ে ব্ৰয়লাৰ বিলাক লৈ যায়হি, ৩০-৩৫ দিন পাছত। সেই কথাটোত মই সন্মতি দিছো কিয়নো মোৰ বাৰীৰ ভিতৰত নহয়।‘

তেওঁ লগতে কয়, ‘মোক এঘৰীয়া কৰা হৈছে। প্ৰাথমিকৰ ভকতে কৈছে তেওঁলোকে আঞ্চলিকক জনাইছিল, আঞ্চলিকে এইটো মানি নল’লে আইনৰ বাহিৰত বুলি ক’লে।‘

Soru Lora Bora
শংকৰ সংঘৰ ৰোষত পৰা পৰিয়ালটোৰ মুৰব্বী সৰুলৰা বৰা। ফটো উৎস: ফেইচবুক

ইপিনে, অন্য এটা ভিডিঅ’ত সৰুল’ৰা বৰাৰ কনিষ্ঠ পুত্ৰ সুনীল বৰাই কয়, ‘আমাক এঘৰীয়া কৰাৰ পাছত আমি একপ্ৰকাৰে মানসিকভাৱে ভাগি পৰছিলো। গাঁৱলৈ ওলাই গ’লে প্ৰত্যেকৰে এটাই প্ৰশ্ন আমাক কিয় এঘৰীয়া কৰা হ’ল? মোৰ দেউতা ১৫-১৬ বছৰে শ্ৰী মন্ত শংকৰদেৱ সংঘৰ লগত জৰিত। তেওঁ মানসিকভাৱে ভাঙি পৰিছিল আৰু চুইচাইড কৰিবলৈ চেষ্টা কৰিছিল। সৌভাগক্ৰমে আমি তেওঁক বচালো।‘

উল্লেখযোগ্য যে, যোৱা ৪ জুনৰ দিনা কমলপুৰ প্ৰাথমিকে সাধাৰণ সভা অনুষ্ঠিত কৰি বৰাৰ ঘৰখন এঘৰীয়া কৰাৰ সিদ্ধান্ত লৈছিল আৰু যোৱা ২৬ জুনৰ দিনা লিখিতভাৱে তেওঁলোকক প্ৰাথমিকে বহিস্কাৰ কৰা বুলি জনাইছিল।

ইপিনে, এই কথা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত এতিয়া সকলোৱে সমালোচনাৰ লক্ষ্য কৰি লৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘক। সকলোৰে এটা প্ৰশ্ন ‘ব্ৰয়লাৰ খাব পাৰি, পুহিব নোৱাৰি বা পোহাটো অপৰাধ নেকি? বা শ্ৰীমন্ত শংকৰদেৱ সংঘই পৰিয়ালটোক অন্য উপাৰ্জনৰ পথ দিলে নে?’

Potro
পৰিয়ালটোলৈ শংকৰ সংঘৰ কমলপুৰ শাখাই প্ৰেৰণ কৰা পত্ৰখন।

আন এজনে ফেইচবুকত লিখিছে এইদৰে ‘বহিঃৰাগতই আহি পথাৰ বজাৰ দখল কৰিলে আৰু আমাৰ এচামে এঘৰীয়া দুঘৰীয়া কৰি মৰি আছে, কিয় মানে, কিয় এচামৰ এই মানসিকতা এতিয়াও সলনি হোৱা নাই।‘

ইপিনে, এই বিষয়টোৰ সৰৱ চৰ্চা চলাৰ পাছতে ইয়াক লৈ আমাৰ সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে।

গগৈয়ে কয়, ‘মই ছ’চিয়েল মিডিয়াৰ জৰিয়তে কথাটো গম পাইছো। তদন্ত কৰিব লাগিব। ইতিমধ্যে প্ৰধান সম্পাদকক আচল ঘটনাটোৰ বুজ ল’বলৈ কোৱা হৈছে। তেওঁ খবৰ লৈ মোক জনাব।

তাৎপয্যপূৰ্ণভাৱে অনিৰ্বাণ পাঠক নামৰ সোণাপুৰৰ এগৰাকী শংকৰ সংঘৰ বাপে জনোৱা অনুসৰি ‘শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানত ক’তো গাহৰি বা ব্ৰইলাৰ পুহিব নোৱাৰিব বুলি উল্লেখ নাই। আমাৰ তাত প্ৰায়সংখ্যক সংঘৰ সংগী ভকতৰ ব্ৰইলাৰ ফার্ম আছে।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

September 28, 2026 9:34 pm
ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

September 28, 2026 9:07 pm
ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

September 28, 2026 7:39 pm
আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

September 28, 2026 9:34 pm
ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

September 28, 2026 9:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd