নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছুসহ ৩০ সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ প্ৰতি ৰাজ্যবাসীয়ে ব্যাপক সমৰ্থন আগবঢ়োৱাৰ সময়তে এই বিধেয়কখনৰ বিৰোধিতাত তথা আছুৰ বন্ধক পূৰ্ণ সমৰ্থন আগবঢ়াই এইবাৰ প্ৰতিবাদত বহিল অসমৰ শিল্পী সমাজ।
অসমৰ জাতীয় দল-সংগঠন তথা সৰ্বসাধাৰণ ৰাইজৰ ধাৰাবাহিক আন্দোলনৰ পাছতো অসমৰ আৱেগক ভৰিৰে মোহাৰি কেন্দ্ৰীয় নেতৃত্বাধীন বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ ওলোৱা কাৰ্যৰ বিৰুদ্ধে ক্ষোভ উজাৰি এইদৰে প্ৰতিবাদত বহিছে জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ, কুসুম কৈলাশ, বিপিন চাউদাং, দেৱজিৎ গগৈ, মাধৱ ৰঞ্জন, দেৱজিত বৰাসহ বহুসংখ্যক নবীন-প্ৰবীন শিল্পী।
জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত মৰাণত প্ৰতিবাদ সাব্যস্ত কৰা এইসকল কণ্ঠশিল্পীৰ মুখেৰে ওলাল প্ৰতিবাদী গীত। হাতে হাতে বিভিন্ন প্লে কাৰ্ড লৈ তথা ‘আহ ঐ ওলাই আহ’ গীত গাই সকলো জনসাধাৰণকে এই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায়।
উল্লেখ্য যে শিল্পী সকলৰ এই আহ্বানৰ প্ৰতি সহাৰি জনাই অসংখ্য লোকে প্ৰতিবাদস্থলত উপস্থিত হৈ চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। মুখত ক’লা কাপোৰ পৰিধান কৰি প্ৰতিবাদত বহা এইসকল শিল্পীয়ে কোনো পধ্যেই এই বিধেয়কখনৰ সমৰ্থন কৰা নহ’ব বুলি উল্লেখ কৰে।
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৰাজ্যজুৰি আছুসহ ৩০ সংগঠনে দিয়া অসম বন্ধৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্ধৰ সমৰ্থক সকলে ৰাজপথত টায়াৰ জ্বলাই, চৰকাৰ বিৰোধী শ্ল’গান দি সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ।
উল্লেখ্য যে বহু প্ৰতিবাদৰ পিছতো ৭ জানুৱাৰিত জেপিচিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাই সংসদত দাখিল কৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ প্ৰতিবেদন। ইয়াৰ পাছতে বিভিন্ন দল-সংগঠনে বিজেপিৰ এই কাৰ্যক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে।