লোকসভা নিৰ্বাচনলৈ বহুদূৰ! ২৬ নবেম্বৰৰ পৰা আৰম্ভ হ’ব কংগ্ৰেছৰ ‘ভাৰত জোড়ো সংবিধান যাত্ৰা’
অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব কংগ্ৰেছৰ ‘ভাৰত জোড়ো সংবিধান যাত্ৰা’। বুধবাৰে সংবাদমেলযোগে এই কথা ঘোষণা কৰে কংগ্ৰেছ অ’বিচিৰ উইং চেয়াৰমেন অজয় সিং যাদৱে।
বিজেপিক আক্ৰমণ কৰি তেওঁ কয় যে শাসকীয় দলে জাতি লোকপিয়ল নকৰাকৈ মানুহক অধিকাৰৰ পৰা বঞ্চিত কৰি আছে।
সংবাদমেলত অজয় সিং যাদৱে কয় যে অহা ২৬ নৱেম্বৰৰ পৰা দিল্লীৰ তালকোত্ৰা ষ্টেডিয়ামৰ পৰা ‘ভাৰত জোড়ো সংবিধান যাত্ৰা’ আৰম্ভ হ’ব।
১৯৫০ চনৰ ২৬ নবেম্বৰত বি আৰ আম্বেদকাৰে সংবিধানৰ চূড়ান্ত খচৰা সংবিধান সভাৰ সন্মুখত দাখিল কৰিছিল। এইবাৰ ভাৰতীয় সংবিধানে ৭৫ বছৰ সম্পূৰ্ণ কৰিব।
এই হেতুকে আগন্তুক দুমাহলৈ কংগ্ৰেছৰ এই যাত্ৰা অব্যাহত থাকিব। ২৬ জানুৱাৰী অৰ্থাৎ গণৰাজ্য দিৱসৰ দিনা এই যাত্ৰাৰ অন্ত পৰিব। লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেকে ধৰি দলৰ অন্যান্য শীৰ্ষস্থানীয় নেতাই এই যাত্ৰাত অংশগ্ৰহণ কৰিব।
সংবাদমেলত অজয় সিং যাদৱে বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে কেন্দ্রত বিজেপিৰ শাসন একাংশ উদ্যোগপতিৰ বাবেহে অনুকূল। দেশৰ অধিকাংশ ধন-সম্পত্তি তেওঁলোকৰ হাতত। খনি, গেছ আৰু জলসিঞ্চন প্ৰকল্পৰ দৰে সম্পদ নিয়ন্ত্ৰণ কৰে তেওঁলোকে।
যাদৱৰ মতে, সঠিক বন ব্যৱস্থাপনাৰ বাবে হাতী আৰু বাঘৰো হিচাপ হয়। কিন্তু জাতি জনগণনা কৰা হোৱা নাই।
যাদৱে কয়, সংবিধানত সমতাৰ কথা উল্লেখ আছে। গতিকে জাতি লোকপিয়ল কিয় কৰা হোৱা নাই? সামাজিক ন্যায় আৰু সমতাৰ বাবে আমি দাবী কৰিম যে জাতিগত লোকপিয়ল হ’ব লাগে। এই চৰকাৰে মাত্ৰ মুষ্টিমেয় উদ্যোগপতিকহে উপকৃত কৰিব বিচাৰিছে।‘