• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আমেৰিকাত ১৫ জন লোকক হত্যা কৰা ‘সন্ত্ৰাসবাদী’ এজন প্ৰাক্তন সেনা জোৱান, জনাইছে এফ বি আইয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 2, 2025 8:15 am
5.8k
VIEWS
Share on FacebookShare on Twitter

ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিতে আমেৰিকাত ৰক্তপাতৰ ঘটনা। নিউ অৰলিন্সত নৱবৰ্ষৰ উদযাপন কৰা লোকৰ ভিৰৰ মাজত ট্ৰাক চলাই এজন বন্দুকধাৰীয়ে কমেও ১৫ জন লোকক হত্যা কৰে। এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে এফ বি আইয়ে। জানিব পৰা মতে আক্ৰমণকাৰীৰ নাম ছামছুদ্দিন জব্বাৰ।

আক্ৰমণকাৰীজন আমেৰিকাৰ নাগৰিক। তেওঁৰ জন্ম হৈছিল আমেৰিকাত। তেওঁ এজন প্ৰাক্তন আমেৰিকান সৈনিকো। ইফালে, এফ বি আইয়ে জনোৱা মতে, ছামছুদ্দিনে এই অপৰাধ সংঘটিত কৰা গাড়ীখনত আইছিছৰ পতাকা উদ্ধাৰ কৰা হৈছে। ইফালে আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হয় ৪২ বছৰীয়া ছামছুদ্দিনৰ।

আৰক্ষীয়ে জনোৱা মতে, নিউ অৰলিন্সৰ বোৰ্বন ষ্ট্ৰীটত থকা ভিৰৰ মাজেৰে ছামছুদ্দিনে ট্ৰাকখন চলাইছিল। তাৰ পিছত ট্ৰাকৰ পৰা নামি নিৰ্বিচাৰে বন্দুকটো গুলিয়াবলৈ ধৰে। স্থানীয় সময় অনুসৰি নৱবৰ্ষৰ পুৱা ৩:১৫ বজাত সংঘটিত হয় এই ঘটনা। এই আক্ৰমণ সংঘটিত হোৱা নিউ অৰলিন্সত প্ৰধানকৈ ফৰাচী বংশদ্ভূত লোকৰ বসবাস। পুৱাৰ ভাগত স্থানীয় ৰাইজে ৰাজপথত নৱবৰ্ষ উপভোগ কৰি আছিল। ছামছুদ্দিনে ফৰ্ড এফ-১৫০ ইলেক্ট্ৰিক পিকআপ ভ্যানেৰে এই আক্ৰমণ সংঘটিত কৰে।

খবৰ অনুসৰি, ছামছুদ্দিনে প্ৰথমে বোৰ্বন ষ্ট্ৰীটত কেইবাজনো পথচাৰীৰ ওপৰেৰে এখন পিকআপ ট্ৰাকেৰে পিষ্ট কৰে। ইয়াৰ পিছতে তেওঁ বন্দুক লৈ গাড়ীৰ পৰা নামি গুলী চলাবলৈ আৰম্ভ কৰে। পিছত এনকাউণ্টাৰত আৰক্ষীয়ে গুলীয়াই হত্যা কৰে বন্দুকধাৰীজনক। এফ বি আইৰ তথ্য অনুসৰি ছামছুদ্দিন টেক্সাছৰ বাসিন্দা।

ইফালে আৰক্ষী অধীক্ষক এন কিৰ্কপেট্ৰিকে ছামছুদ্দিনক ‘সন্ত্রাসবাদী’ বুলি অভিহিত কৰে৷ আনহাতে, সন্ত্ৰাসবাদী সংগঠনটোৰ সৈতে ছামছুদ্দিনৰ কোনো প্ৰত্যক্ষ যোগাযোগ আছিল নেকি সেই বিষয়ে তদন্ত কৰি থকা বুলি এফ বি আইয়ে এক বিবৃতি প্ৰকাশ কৰিছে। কিন্তু প্ৰথমতে ধাৰণা কৰা হৈছে যে ছামছুদ্দিন জব্বৰ আই এছৰ উগ্ৰ মতাদৰ্শৰ বিশ্বাসী হৈ পৰিছিল।

এফ বি আইয়ে জনোৱা মতে, এসময়ত ছামছুদ্দিনে সেনাবাহিনীত আই টি বিশেষজ্ঞ হিচাপে কাম কৰিছিল। বৰ্তমান তেওঁ টেক্সাছৰ হিউষ্টনত ৰিয়েল এষ্টেট এজেণ্ট হিচাপে কাম কৰি আছিল। এই আক্ৰমণৰ পিছত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ছামছুদ্দিনৰ ৪ বছৰীয়া এটা ভিডিঅ’। তাত তেওঁ নিজৰ দৰদাম শক্তি আৰু মানুহক প্ৰতাৰণা কৰাৰ ‘দক্ষতা’ৰ কথা কৈছিল।

ইয়াৰ পূৰ্বে শ্বামছুদ্দিন জব্বৰৰ বিৰুদ্ধে দুটা সৰু সৰু অপৰাধৰ অভিযোগ উত্থাপন হৈছিল। ২০০২ চনত চুৰি আৰু ২০০৫ চনত মেয়াদ উকলি যোৱা অনুজ্ঞাপত্ৰ লৈ গাড়ী চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। জব্বৰৰ দুবাৰ বিয়া কৰাইছিল। ২০২২ চনত দ্বিতীয় পত্নীৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল ছামছুদ্দিনৰ।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd