• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

থলুৱা বিষয়াৰ কান্ধত বন্দুক থৈ বহিৰাগত বিষয়াই পাতিছে নেকি ফন্দি? FCIৰ চাউল কেলংকাৰিত জড়িত ৩ জনক গ্ৰেপ্তাৰ

১.২ কোটি টকীয়া চাউল কেলেংকাৰীত কিয় অভিযুক্ত নহ’ল বহিৰাগত বিষয়া ?

এন ই নাও নিউজ by এন ই নাও নিউজ
October 19, 2020 8:41 pm
Lakheswar 123(1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

থলুৱা বিষয়াক পদবীচ্যুত কৰাৰ বাবে সক্ৰিয় নেকি এক বহিৰাগত লবী? বা থলুৱা বিষয়াৰ কান্ধত বন্দুক থৈ বহিৰাগত বিষয়াই পাতিছে নেকি ফন্দি? কিছুমান কাণ্ডৰ পৰাই এই প্ৰশ্ন উত্থাপন কৰিবলৈ বাধ্য হৈছে সচেতন মহল।

২০১৩-১৪ বৰ্ষত সংঘটিত হোৱা ১.২ কোটি টকাৰ চাউল কেলেংকাৰিত জড়িত থকাৰ অভিযোগত BIEO-এ গ্ৰেপ্তাৰ কৰিছে তিনিজনকৈ চৰকাৰী বিষয়াক। ইয়াৰে দুগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া আৰু আন এগৰাকী গুৱাহাটীৰ মালিগাঁওস্থিত উত্তৰ পূৱ ৰে’লৱেৰ মুখ্য বাণিজ্যিক প্ৰবন্ধক।

Apply Now

কেলেংকাৰিটো সংঘটিত হোৱাৰ সময়ৰ জেনেৰেল মেনেজাৰ লক্ষেশ্বৰ শইকীয়া, ধীৰিম্ব হাজৰিকা(EX AGM OF FCI)  আৰু তিলক চন্দ্ৰ ভট্টাচাৰ্য (EX AGM1, ContactBranch FCI, Guwahati)ক আজি BIEO-এ গ্ৰেপ্তাৰ কৰিছে।

BIEOৰ এগৰাকী তদন্তকাৰী বিষয়া পূৰবী মজুমদাৰে জনোৱা অনুসৰি ‘এই গোচৰৰ মেইন বেচিছ আছিল যে সেই সময়ৰ FCIৰ জেনেৰেল মেনেজাৰ আৰু অন্য কেইগৰাকীমান অপৰাধীৰ সৈতে সংস্পৰ্শত আছিল। তেওঁলোক কেইগৰাকীমান ঠিকাদাৰৰ সৈতে সম্পৰ্কত আছিল আৰু এটা ফাৰ্মক অৰুণাচল প্ৰদেশলৈ এই চাউলখিনি কঢ়িয়াই নিবলৈ ঠিকা দিছিল।‘

‘ঠিকা দিয়াৰ সময়ত বেংক গ্যেৰান্টি দিয়া হোৱা নাছিল বেংকৰ ফালৰ পৰা। অসমৰ পৰা অৰুণাচললৈ যিহেতু যাব সেয়েহে হোজাই শাখাৰ পৰা এই গ্যেৰান্টি দিয়াৰ কথা আছিল। এই ঠিকা বন্ধ হৈ যোৱাৰ পাছত যেতিয়া বৰ্তমানৰ সহকাৰী জেনেৰেল মেনেজাৰে এনকেছ কৰিবৰ কাৰণে বেংকলৈ লিখিলে তেতিয়া গম পালে যে এইটো হোজাই ব্ৰাঞ্চৰ পৰা ইচ্ছ্যু কৰা হোৱা নাছিল।‘ মজুমদাৰে লগতে কয়।

মজুমদাৰে জনোৱা অনুসৰি গুৱাহাটী শাখাৰ পৰা ভুৱাকৈ বেংকৰ গ্যেৰান্টি দিয়া বুলি এখন লিখিত পত্ৰ FCI ৰ মুখ্য কাৰ্য্যালয়ত দিছিল।

কিন্তু এইখিনিতে প্ৰশ্ন উঠিছে যে এই কেলেংকাৰীৰ মূল মাষ্টাৰমাইণ্ড এতিয়াও অভিযুক্ত হিচাপে চিনাক্ত হোৱা নাই নেকি?

FCIৰ এক উচ্চতৰীয় সূত্ৰই জনোৱা অনুসৰি ‘শইকীয়া ছাৰ কিয় গ্ৰেপ্তাৰ হৈছে নাজানো। এই কামৰ ঠিকা আৰম্ভ হৈছিল ২০১৩ৰ শেষৰ ফালে। যিকেইখন ট্ৰাক হেৰাই আছিল সেইকেইখন ২০১৫ত চিনাক্ত হৈছে। ছাৰ সেই সময়ত গুছি গ’ল। তেওঁ ঠিকাদাৰক এক্সেপ্ট কৰিছিল।‘

‘ছাৰৰ তলত এজন ডেপুটি জেনেৰেল মেনেজাৰ আছিল তেওঁৰ নাম অনুপম ডুবে। তেওঁক অধ্যক্ষ হিচাপে লৈ এখন কমিটি গঠন কৰা হৈছিল। তেওঁ ৰিকমেণ্ড কৰাৰ পাছত ছাৰে সেইয়া গ্ৰহণ কৰে। কমিটিয়ে যি উপদেশ দিয়ে শইকীয়া ছাৰে তাকে এক্সেপ্ট কৰে। বহুত ট্ৰাক হৰলুকি কৰাৰ পাছত গম পোৱা গ’ল যে বেংকৰ গ্যেৰান্টিটো বৈধ নাছিল।‘

ইপিনে, হেৰুওৱা ট্ৰাকসমূহ ৰে’লৱেৰ IRESO ভাস্কৰ হাজৰিকাৰ দিনত উদ্ধাৰ হৈছিল বুলি সূত্ৰটোৱে জনায়।

লক্ষেশ্বৰ শইকীয়া জেনেৰেল মেনেজাৰ পদৰ পৰা বদলি হোৱাৰ পাছত ৩-৪ মাহৰ বাবে ৰাজা শেখৰ নামৰ বিষয়া এগৰাকী FCIৰ জেনেৰেল মেনেজাৰ হিচাপে দায়িত্বত আছিল বুলি সূত্ৰত প্ৰকাশ পাইছে।

‘হয়বৰগাঁওৰ পৰা চাউলখিনি লৈ ভালুকপুঙত দিওঁতে ডেৰমাহ সময় লগাইছিল ঠিকাদাৰজনে। নিয়ম অনুসৰি ৬-৭ দিনৰ ভিতৰত ভালুকপুং পাবগৈ লাগে।এইটো কথাৰ দুটা ফাইল আঞ্চলিক কাৰ্যালয়ত গৈছিল। সেই সময়ত শইকীয়া চাৰ কামৰ পৰা ওলাই গৈছিল যদিও ঠিকাটো চলি আছিল। সেই ঠিকাদাৰজনক তেতিয়াই বাহিৰ কৰি দিয়াৰ দাবী উঠিছিল। সেই দাবী তেতিয়াই পূৰণ কৰাহেঁতেন ইমানখিনি ট্ৰাক হৰলুকি নহ’লহেঁতেন বা লোকচান নহ’লহেঁতেন।‘

তাৎপৰ্যপূৰ্ণভাৱে সুত্ৰটোৱে দাবী কৰা মতে লক্ষেশ্বৰ শইকীয়াৰ বদলিৰ পাছত সেই সময়ৰ জেনেৰেল মেনেজাৰ ৰাজা শেখৰে অভিযুক্ত ঠিকাদাৰজনক ঠিকাৰ পৰা বাহিৰ কৰি নিদিলে।

এইখিনিতে প্ৰশ্ন উত্থাপন হয়, এতিয়ালৈকে ৰাজা শেখৰ নামৰ সেই সময়ৰ ভাৰপ্ৰাপ্ত জেনেৰেল মেনেজাৰজনক BIEO-এ সোধা-পোছা কৰা নাই বা তদন্তৰ আওতালৈ অনা নাই কিয়?

আৰু এটা কথা উল্লেখ কৰিব লাগিব যে শইকীয়াৰ ঠিক তলৰ পৰ্যায়ৰ সেই সময়ৰ DGM অনুপম ডুবে, যি বৰ্তমান ছত্তিশগড় FCIৰ জেনেৰেল মেনেজাৰ হিচাপে কৰ্মৰত, সেই বিষয়াজনক বৰ্তমানলৈকে BIEO-এ তদন্তৰ আওতালৈ কিয় অনা নাই?

কিয়নো বেংক গ্যেৰান্টি ভেৰিফিকেশ্যন কমিটিৰ অধ্যক্ষৰ দায়িত্বত থকা বিষয়াগৰাকীয়ে ঠিকাদাৰে দিয়া বেংক গ্যেৰান্টি খন পৰীক্ষা নিৰীক্ষা কৰি স্বাক্ষৰৰ বাবে সেই সময়ৰ জেনেৰেল মেনেজাৰৰ ওচৰলৈ পঠিয়াইছিল।

কিন্তু বৰ্তমান পৰ্যন্ত তেওঁৰ বিৰুদ্ধে কোনেও প্ৰশ্ন উত্থাপন কৰা নাই কিয়? যদি বেংক গ্যেৰান্টিৰ বৈধতাৰ ওপৰতে এই গোচৰ ৰুজু হৈছে তেন্তে নিশ্চয়কৈ সেই বিষয়াজনকো গ্ৰেপ্তাৰ কৰি সোধা-পোছা কৰাৰ প্ৰয়োজনীয়তা আছে।

সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি সেই সময়ৰ ঠিকাদাৰ অৰুণ কুমাৰে ভুৱা বেংক গ্যেৰান্টি দিছিল যাক বৰ্তমানলৈকে কৰায়ত্ত কৰিব পৰা নাই BIEO-এ।

প্ৰশ্ন উত্থাপিত হৈছে থলুৱা বিষয়াৰ ওপৰত যিদৰে ব্যৱস্থা গ্ৰহণ কৰিছে বা গ্ৰেপ্তাৰ কৰি তদন্তৰ আওতালৈ অনা হৈছে, ঠিক সেইদৰে তদন্তৰ আওতালৈ নানি বহিৰাগত লবীটোক পলায়নৰ বাবে সুবিধা কৰি দিয়া হৈছে নেকি?

পূৰ্বৰ পৰাই উত্থাপিত হৈ অহা অভিযোগ যে বহিৰাগত প্ৰশাসনিক উচ্চ পদস্ত বিষয়াৰ লবী এটাৰ ক্ৰিয়াৰ ফলত বহু অসমীয়া বিষয়া ইতিমধ্যে পদচ্যুত হ’বলগীয়া হৈছে। তেনে এক ঘটনাৰে পুনৰাবৃত্তি হৈছে নেকি এই কেলেংকাৰিৰ তদন্তত?

বহিৰাগত লবীৰ বাবেই এতিয়া ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ কাৰ্যকালৰ সীমা বৃদ্ধিত কিছু কিছু ক্ষেত্ৰত হেঙাৰ হিচাপে থিয় দিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

বহুতেই উল্লেখ কৰিছে যে ইতিমধ্যে SI কেলেংকাৰিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা সঞ্জীত কৃষ্ণৰ কাৰণে জ্যেষ্ঠ ভাতৃ সঞ্জয় কৃষ্ণৰ কাৰ্যকাল বৃদ্ধিৰ এক অজুহাত হিচাপে দেখুওৱা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd