• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চুৰিৰ ভয়! বিলাহী সুৰক্ষাৰ বাবে ফাৰ্মত চিচিটিভি কেমেৰা স্থাপন কৃষকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 8, 2023 9:00 pm
484
VIEWS
Share on FacebookShare on Twitter

দেশৰ এতিয়া মূল্যৱান সামগ্ৰীৰ অন্যতম হৈ পৰিছে বিলাহী। আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ প্ৰকোপত বিলাহী এতিয়া হৈ পৰিছে ৰাজকীয় খাদ্য। সেয়ে খাদ্যৰসিকৰ খাদ্যৰ তালিকাৰ পৰাও প্ৰায় বাদ পৰাৰ দৰেই হৈছে বিলাহী। 

বিলাহীৰ অভূতপূৰ্ব মূল্যবৃদ্ধিৰ বাবে শেহতীয়াকৈ দেশত কেইবাটাও ঘটনাৰ খবৰ পোহৰলৈ আহিছিল। ক’ৰবাত যদি বিলাহীৰ চুৰি হৈছে, ক’ৰবাত বিলাহী সুৰক্ষাৰ বাবে নমাব লগা হৈছে গাৰ্ড। আকৌ ক’ৰবাত বিলাহীৰ বাবে সংসাৰেই ভাগিছে।

বিলাহীৰ বৰ্ধিত মূল্যৰ বাবে এইবাৰ মহাৰাষ্ট্ৰৰ এগৰাকী কৃষকে তেওঁৰ খেতিৰ বিলাহী যাতে চুৰি নহয়, তাৰ বাবে বিলাহী খেতি কৰা ফাৰ্মত চিচিটিভি কেমেৰা স্থাপন কৰিবলৈ বাধ্য হৈছে।

শাৰদ ৰাউটে নামৰ খেতিয়কগৰাকীয়ে জানিবলৈ দিয়া মতে, ঔৰংগাবাদৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগৰ শ্বাহপুৰ বঞ্জাৰত আছে তেওঁৰ বিলাহীৰ ফাৰ্ম। ফাৰ্মৰ পৰা ইতিপূৰ্বে চুৰি হোৱাৰ বাবে এতিয়া তেওঁ চিচিটিভি কেমেৰাৰ জৰিয়তে বিলাহীৰ খেতি সুৰক্ষিত কৰিব লগা হৈছে।

ৰাউটেই জানিবলৈ দিয়া মতে তেওঁৰ এই ফাৰ্মখন ৫ একৰ মাটি জুৰি বিস্তৃত হৈ আছে আৰু ইয়াৰে ১.৫ একৰ মাটিত তেওঁ বিলাহীৰ খেতি কৰিছে। এই খেতিৰ পৰা তেওঁ সহজেই ৬-৭ লাখ টকা উপাৰ্জনৰ আশা কৰিছে।

তেওঁ কয় যে, বিলাহী আজিৰ দিনত আটাইতকৈ বেছি চাহিদা থকা পাচলি আৰু সেয়ে কাৰোবাৰ হাতত এই চাহিদাপূৰ্ণ বিলাহী হেৰুওৱাৰ সামৰ্থ্য তেওঁৰ নাই। 

“প্ৰায় ১০ দিন পূৰ্বে গংগাপুৰ তালুকত মোৰ ফাৰ্মৰ পৰা ২০-২৫ কিলো বিলাহী চুৰি হৈছিল। এতিয়াও পকিবলগীয়া বাকী থকা বিলাহী সুৰক্ষিত কৰিবলৈ মই ২২ হাজাৰ টকা মূল্যৰ চিচিটিভি কেমেৰা স্থাপন কৰিছো।”– ৰাউটেই কয়।

নতুনকৈ স্থাপন কৰা এই চিচিটিভি কেমেৰা সৌৰশক্তি চালিত বাবে ইয়াৰ বিদ্যুৎ যোগানক লৈ চিন্তা কৰিব নালাগে বুলিও ৰাউটেই উল্লেখ কৰে। খেতিৰ বিলাহী সুৰক্ষিত আছে নে নাই, সেয়া এতিয়া যিকোনো স্থানৰ পৰাই মোবাইলত চাব পৰা হ’ব বুলি লগতে মন্তব্য কৰে ৰাউটেই।

লগতে পঢ়কঃ উচ্চতম ন্যায়ালয়ৰ যুক্তিসংগত ৰায়ৰ বাবে অধিক জিলিকি উঠিব নেকি ৰাহুল গান্ধী?

লগতে পঢ়কঃ প্ৰস্তাৱিত পাম খেতিয়ে অসমত মৰুভূমি সৃষ্টি কৰিবঃ ডি ৱাই এফ আই 

লগতে পঢ়কঃ চুৰিদাৰ পৰিধান কৰি অহাৰ বাবেই অধ্যাপিকাৰ শ্ৰেণী বৰ্জন কলজীয়া শিক্ষাৰ্থীৰ

Recent News

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd