• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ল’কডাউন উলংঘা কৰি কিং কোব্ৰাৰ মাংস ভক্ষণ অৰুণাচল প্ৰদেশত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 19, 2020 5:26 pm

2 min read

1edd7edc5-24c7-430d-9ad8-1789ccfbc6e8-750x375

হত্যা কৰি বিৰল প্ৰজাতিৰ কিং কোব্ৰাটোৰ সৈতে লোককেইজন

9.2k
VIEWS
Share on FacebookShare on Twitter

বিশ্বজুৰি নৰ সংহাৰ চলোৱা ক’ৰ’না সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ দেশত অব্যাহত আছে ল’কডাউন।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত যোৱা ১৫ এপ্ৰিলৰ পৰা ২০ এপ্ৰিললৈকে দেশত ল’কডাউন অতি কঠোৰ ভাৱে পালন কৰা হৈছে।

তেনে এক সময়তে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত কিছু লোকে বিৰল প্ৰজাতিৰ  এটা প্ৰকাণ্ড কিং কোব্ৰা মাৰি ভোজ খোৱা ভিডিঅ’ চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোত দেখা গৈছে কেইজমান লোকে ১২ ফুট দৈৰ্ঘ্যৰ কিং কোব্ৰাটো হত্যা কৰি কলপাতত চাফা কৰাৰ দৃশ্য।

লোককেইজনে কিং কোব্ৰাটো হাবিৰ মাজত হত্যা কৰাৰ দৃশ্যটো অতি গৰ্বৰে বন্দী কৰিছে ভিডিঅ’টোত।

ভিডিঅ’টোত এজন লোকৰ মুখত শুনা যায় যে ল’কডাউনৰ ফলত তেওঁলোকৰ খাদ্য সামগ্ৰী মজুত নথকাত এইদৰে কিং কোব্ৰা চিকাৰ কৰিছে।

‘আমি হাবিত বনৰীয়া খাদ্য বস্তু বিচাৰি গৈছিলো আৰু তেতিয়াই আমি কিং কোব্ৰাটো বিচাৰি পাওঁ।’ এজন লোকে ভিডঅ’টোত এইদৰে কয়।

এতিয়ালৈকে অৰুণাচল প্ৰদেশৰ বন বিভাগে এই সন্দৰ্ভত কোনা ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

অৰুণাচল প্ৰদেশৰ বন্যপ্ৰাণী উপ মুখ্য ৱাৰ্ডেন উমেশ কুমাৰৰ পৰা এই সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিবলৈ যোগাযোগ কৰাৰ চেষ্টা কৰা হৈছিল যদিও বাতৰি প্ৰস্তুত কৰি থকা পৰ্যন্ত তেওঁৰ সৈতে যোগাযোগ সম্ভৱ হোৱা নাই।

উল্লেখ্য যে অৰুণাল প্ৰদেশ হৈছে বহুৰকেইটা সৰ্প প্ৰজাতিৰ আৱাসভূমি।

শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ পাখ্খে ব্যাঘ্ৰ প্ৰকল্পত বিষাক্ত প্ৰজাতিৰ এবিধ সৰ্প আৱিষ্কাৰ কৰা হৈছে। ২০১৯ চনৰ জুলাই মাহত আৱিষ্কাৰ কৰা উক্ত সৰ্পবিধৰ নাম ট্ৰিমেৰেচুৰুছ চালাজাৰ ৰখা হৈছে।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd