NORTHEAST NOW (Assamese)

গোৱালপাৰাত দিনদুপৰতে বন্ধন বেংকৰ মহিলা কৰ্মীক আক্ৰমণ কৰি ডকাইতৰ দলে লুটি নিলে ধন

June 11, 2019 5:11 pm · নীলমণি শৰ্মা
ডকাইতি হোৱা স্থানত আৰক্ষীৰ দল।

গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী চকীৰ অন্তুৰ্গত গড়গৰিয়াবড়ীত মঙলবাৰে দিন দুপৰতে বন্ধন বেংকৰ এগৰাকী মহিলা কৰ্মচাৰীক বাইকত অহা দুৰ্বিত্তই আক্ৰমণ কৰি ডকাইতি কাৰ্য্য সংঘটিত কৰে।

ঘটনাৰ বিৱৰণী অনুসৰি, মঙলবাৰে কৃষ্ণাইৰ বন্ধন বেংকৰ কৰ্মচাৰী প্ৰতিস্মিতা শৰ্মাই নিজৰ স্কুটিৰে গ্ৰাহকৰ পৰা বেংকৰ টকা সংগ্ৰহ কৰিবলৈ গৈছিল। প্ৰীতিস্মিতাই টকা সংগ্ৰহ কৰি বেংকলৈ উভতি অহাৰ সময়তে গড়বগৰিয়াবড়ী নামৰ ঠাইত বাইকত অহা দুজন দুৰ্বিত্তই তেওঁক আক্ৰমণ কৰি স্কুটিৰ পৰা পথাৰত পেলাই দিয়ে আৰু টকা ভৰ্তি বেগটো কাঢ়ি নিয়ে।

ঘটনাৰ পাছত যুৱতীগৰাকীয়ে সহায় বিচাৰি চিঞৰ বাখৰ কৰাত চুবুৰীটোৰ লোক সকল ওলাই আহে যদিও বাইক আৰোহী দুজনে ঘটনাস্থলীৰ পৰা তেতিয়ালৈ পলায়ন কৰে।

প্ৰাপ্ত তথ্য অনুসৰি, বাইকত অহা অচিনাক্ত লোক দুজনে বন্ধন বেংকটোৰ কৰ্মচাৰীগৰাকীক আগৰে পৰা অনুসৰণ কৰি আহিছিল আৰু গাঁৱত কেইবাটাও আত্মসহায়ক গোটৰ ধন সংগ্ৰহ কৰালৈ অঞ্চলটোত ঘুৰা-পকা কৰি আছিল।

ইতিমধ্যে ঘটনা সন্দৰ্ভত ভূক্তভোগী যুৱতীগৰাকীয়ে কৃষ্ণাই আৰক্ষীক অৱগত কৰিছে। আৰক্ষীয়ে অপৰাধী কেইজনক কৰায়ত্ত কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে, ডকাইত দুজনে যুৱতীগৰাকীক আক্ৰমণ কৰি নগদ ধনৰ উপৰিও দুটা মোবাইল ফোন আৰু বেংকৰ নথি পত্ৰ থকা এটা বেগ লৈ যায়।

Related News