‘ৰাজ্যৰ জিলা সমূহত থকা চিকিৎসালয় তথা চিকিৎসা মহাবিদ্যালয় সমূহত যিবোৰ ৰোগীক জৰুৰীকালীন চিকিৎসাৰ প্ৰয়োজন হয়, তেওঁলোকক যেন ক’ভিড পৰীক্ষা নকৰাকৈ ততাতৈয়াকৈ লাগতীয়াল চিকিৎসা প্ৰদান কৰা হয় যাতে তেওঁলোকৰ প্ৰাণ ৰক্ষা কৰাৰ সম্ভাৱনীয়তা বৃদ্ধি হয়।‘ নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক ভিডিঅ’ত এইদৰে স্বাস্থ্য মন্ত্ৰীলৈ অনুৰোধ জনায় বিৰোধী দলপতি দেবব্ৰত শইকীয়াই।
ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এই সন্দৰ্ভত এক ১২ পৃষ্ঠাৰ বিস্তৃত জাননী সমূহ ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা হৈছিল। বুলি তেওঁ ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰীক উনুকিয়াই দিয়ে।
তেওঁ আৰু কয় ‘লকডাউনৰ সময়ৰ পৰাই আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বাতৰি দেখিবলৈ পাইছোঁ, কেনেকৈ জৰুৰীকালীন চিকিৎসাৰ প্ৰয়োজনীয় ৰোগী সমূহক প্ৰথমতে ক’ভিড পৰীক্ষা কৰা হয় আৰু ফলাফল ঋণাত্মক অহাৰ পিছতহে তেওঁলোকক যাৱতীয় চিকিৎসা প্ৰদান কৰা হয়।‘
‘উদাহৰণস্বৰূপে বিশ্বনাথত এগৰাকী প্ৰসুতিয়ে ক’ভিড ৱাৰ্ডত যাৱতীয় চিকিৎসা প্ৰক্ৰিয়া অবিহনে শিশু প্ৰসৱ কৰাব লগীয়া হৈছে।‘ তেওঁ লগতে কয়।
সেয়েহে মন্ত্ৰীয়ে যেন ততাতৈয়াকৈ এনে ৰোগী সকলক চিকিৎসা প্ৰদান কৰাৰ নিৰ্দেশ বিভাগীয় কৰ্তৃপক্ষক দিবলৈ শইকীয়াই অনুৰোধ জনায়।
ইয়াৰোপৰি তেওঁ কয় ‘বিভিন্ন চিকিৎসালয়ত ৰোগীক অক্সিজেন মাস্ক দিবলৈ নাৰ্ছ বা চিকিৎসক মজুত নাই! এই অভিযোগ স্পষ্ট ভাৱে আহিছে শিলচৰ চিকিৎসা মহাবিদ্যালয়, যোৰহাট চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় তথি বিশ্বনাথ অসামৰিক চিকিৎসালয়ৰ পৰা। যাৰ ফলত বহু কেইজন ৰোগী অনাহক মৃত্যুবৰণ কৰিব লগীয়া হৈছে। যিটোৱে স্বাস্থ্য বিভাগৰ অজুহাত তথা চিকিৎসা প্ৰদান কৰাত হোৱা বিজুতি সমূহ ৰাইজৰ আগত উদঙাই দিছে।‘
ইপিনে, স্বাস্থ্য বিভাগৰ ১০৪ হেল্পলাইন থকাৰ পিছতো টেলিমেডিচিন যোগান ধৰা তথা স্বাস্থ্য জনিত বাৰ্তা লাগতীয়াল ৰোগী তথা ব্যক্তিক অতিসহজে যোগান ধৰাত ব্যৰ্থ হৈছে বুলি তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে।
গতিকে এই সমূহ বিষয় সমূহ স্বাস্থ্য মন্ত্ৰীক বিবেচনা কৰি শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ শইকীয়াই আহ্বান জনায়।