DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

ফুটবল সম্ৰাটলৈ শ্ৰদ্ধাৰ্ঘ্য: প্ৰতিখন দেশতে পেলেৰ নামেৰে ষ্টেডিয়াম নামাকৰণৰ আহ্বান ফিফা সভাপতি ইনফান্টিনোৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 3, 2023 8:58 pm
Pele
82
VIEWS
Share on FacebookShare on Twitter

ফুটবল বিশ্বৰ মুকুটবিহীন সম্ৰাট ব্ৰাজিলিয়ান কিংবদন্তী পেলেই যোৱা বৰ্ষৰ ২৯ ডিচেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে। পেলেৰ মৃত্যুৰ খবৰে শোকহত কৰি তোলে সমগ্ৰ বিশ্বক। এই মহাতাৰকা গৰাকীক অনাদি কাললৈ জীয়াই ৰখাৰ মানসেৰে তথা তেওঁৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ বাবে ফিফাৰ সভাপতি জিয়ানি ইনফান্টিনোৱে এক প্ৰস্তাৱ আগবঢ়াইছে।

ফুটবল প্ৰেমীৰ মনত পেলেৰ স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যে প্ৰতিখন সদস্য দেশক অন্ততঃ এখন ষ্টেডিয়াম ফুটবলৰ মুকুটবিহীন সম্ৰাট পেলেৰ নামেৰে নামাকৰণ কৰিবলৈ অনুৰোধ কৰা হ’ব বুলি ঘোষণা কৰিছে ফিফাৰ সভাপতিগৰাকীয়ে।

সোমবাৰে ছান্টোছ এফ চিৰ গৃহ খেলপথাৰ ভিলা বেলমিৰো ষ্টেডিয়ামত পেলেক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ তাৰকাগৰাকীৰ অসংখ্য গুণমুগ্ধ উপস্থিত হয়। এই অনুষ্ঠানত ফিফাৰ সভাপতি জিয়ানি ইনফান্টিনোও উপস্থিত আছিল।

এই অনুষ্ঠানতে তেওঁ কয়, “আমি সকলো সদস্য দেশক তেওঁলোকৰ দেশত অন্ততঃ এখন ফুটবল ষ্টেডিয়ামৰ নাম পেলেৰ নামেৰে নামাকৰণ কৰিবলৈ অনুৰোধ কৰিম।”

“দশক দশক পিছত যেতিয়া এখন মেচত এটা গ’ল দিয়া হ’ব, তেতিয়া কোনো কিশোৰে হয়তো তেওঁৰ দেউতাকক সুধিব, পেলে কোন আছিল? এইদৰেই পেলেক মানুহে মনত ৰাখিব। ভৱিষ্যত প্ৰজন্মই পেলেৰ বিষয়ে জানিব, তেওঁৰ গুৰুত্বৰ বিষয়ে জানিব।”- ইনফান্টিনোৱে লগতে কয়।

ছান্টোছৰ ষ্টেডিয়ামত থিয় হৈ পেলেক শ্ৰদ্ধাঞ্জলি জনাই আৱেগিক হৈ পৰে ফিফাৰ সভাপতিগৰাকী। তেওঁ কয়, “সমগ্ৰ বিশ্বই জানে পেলে কোন আৰু পেলেই ফুটবলৰ বাবে কি কৰিছে। পেলেক দেখি বহুতে ফুটবলৰ প্ৰেমত পৰিল। পেলে চিৰন্তন।”

“পেলে ফুটবল জগতত সৰ্বসময়ৰ সম্ৰাট। তেওঁৰ মৃত্যু আমাৰ বাবে অতি দুখজনক খবৰ। কিন্তু পেলেৰ খেলৰ কথা ভাবিলে আমাৰ মুখত এতিয়াও হাঁহি ওলায়।”- তেওঁ লগতে কয়।

Recent News

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

আকৌ সংকটত পৰিব নেকি মোদী চৰকাৰ? পুনৰ আৰম্ভ হৈছে কৃষক আন্দোলন!

আকৌ সংকটত পৰিব নেকি মোদী চৰকাৰ? পুনৰ আৰম্ভ হৈছে কৃষক আন্দোলন!

চৰকাৰৰ সুৰতে সুৰ মিলাই চলিছে অসমৰ প্ৰচাৰ মাধ্যম!

চৰকাৰৰ সুৰতে সুৰ মিলাই চলিছে অসমৰ প্ৰচাৰ মাধ্যম!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd