• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মোডীৰ ডিজিটেল ইণ্ডিয়াক উপহাস যোৰহাট জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ 

NE NOW NEWS স্মিতা ভট্টাচাৰ্য
যোৰহাট , October 31, 2018 3:05 pm

2 min read

File-1024x512
444
VIEWS
Share on FacebookShare on Twitter

যোৰহাট ষ্টেট বেংকৰ কৰ্মী নয়ন জ্যোতি শৰ্মাই সোমবাৰে তেওঁৰ গাড়ীখনৰ পঞ্জীয়নৰ ফাইলটো বিচাৰি জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হোৱাত এক ভয়ানক অভিজ্ঞতা লাভ কৰিলে। জাপ জাপ কাগজৰ দ’মৰ মাজত শৰ্মাৰ ফাইলটো বিচাৰি নোপোৱাত তেওঁক এসপ্তাহৰ পাছত আহিবলৈ কোৱা হৈছিল।

শৰ্মাই তেওঁৰ অভিজ্ঞতা সন্দৰ্ভত এইদৰে কৈছে, মোৰ গাড়ীখনৰ পঞ্জীয়ন পাঁচ বছৰৰ বাবে কৰা আছিলআৰু মই ইয়াক ১০ ভচৰৰ বাবে বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছিলোঁ। আৱেদনপত্ৰ জমা দিয়াৰ পাছত আৱেদনপত্ৰ গ্ৰহণ কৰা ভদ্ৰ মহিলাগৰাকীয়ে মোক ষ্টোৰৰ পৰা মোৰ আগতীয়া পঞ্জীয়ন ফাইলটো সংগ্ৰহ কৰাৰ বাবে কৈছিল।

কিন্তু ফাইলটো দ’ম দ’ম কাগজৰ মাজত বিচাৰি পোৱাটো দুঃসাধ্য আছিল। শৰ্মাই কৈছে যে তেওঁ তেওঁৰ গাড়ীখনৰ পঞ্জীয়নৰ ম্যাদ বৃদ্ধি কৰিবলৈ ব্যৰ্থ হোৱা বাবে আৰু এসপ্তাহলৈকে তেওঁৰ গাড়ীখন ব্যৱহাৰ কৰিব নোৱাৰিব।

‘’যোৰহাট জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ফাইল ৰখাৰ কোনো নিয়ম-মাফিক ব্যৱস্থা নাই। ফাইলসমূহ ষ্টোৰৰূমৰ উপৰিও মজিয়া, বাৰাণ্ডা সকলোতে সিঁচৰতি কৰি থোৱা আছে। ইয়াৰ অধিকাংশই উৱঁলি গৈছে।‘’ শৰ্মাই কয়।

শৰ্মাই আৰু কয়, উৱঁলি যোৱা, ধূলিময় কাগজৰ দ’মৰ পৰা যিকোনো এটা ফাইল বিচাৰি উলিয়াব পৰা গৰাকী অত্যন্ত ভাগ্যৱান।

এই ঘটনাত হতচকিত হৈ মই যোৰহাটৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত পৰি থকা ফাইলসমূহৰ ফটো ফেচবুকত আপলোড কৰিছো। এই সন্দৰ্ভত যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰিছে।

সাংসদগৰাকীক ধন্যবাদ জনাই শৰ্মাই শৰ্মাই তেওঁক অনুৰোধ কৰিছে যাতে তেওঁৰ বাহনখনৰ পঞ্জীয়নৰ ফাইলটো বিচাৰি উলিয়াবলৈ জিলা পৰিবহণ কাৰ্যালয়ৰ কৰ্মচাৰীসকলক আদেশ দিয়ে।

‘ষ্টোৰ কীপাৰ গৰাকীলৈ মোৰ দুখ লাগিছে। মই তেওঁক সহায় কৰিবলৈ বিচাৰিছিলোঁ কিন্তু সমগ্ৰ সময়খিনি ধূলিৰ ডাঠ তৰপৰ মাজত আমি কাঁহি আৰু হাচিয়াই আছিলোঁ।‘ তেওঁ কয়।

এই ডিজিটেল যুগত আজি পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ ফাইল যেনেদৰে ৰখা হৈছে সেয়া সঁচাই লজ্জাজনক। যদিহে কৰ্মচাৰীসকলে ফাইলসমূহ ডিজটেল ফৰ্মেটত আপলোড কৰিবলৈ সময় নাপায়, তেন্তে তেওঁলোকে ব্যক্তিগত এজেঞ্চিক কামটো কৰাৰ বাবে আউটছোৰ্চ কৰিব লাগে বুলি শৰ্মাই পৰামৰ্শ দিয়ে।

এটা সপ্তাহৰ ভিতৰতে নিজৰ ফাইলটো বিচাৰি পোৱাৰ আশাত এতিয়ালৈকে শৰমাই জিলা পৰিবহণ বিষয়া নাইবা উপায়ুক্তৰ ওচৰত অভিযোগ কৰা নাই।

উল্লেখ্য যে নৰ্থ ইষ্ট নাওৰ পৰা বহু বাৰ চেষ্টা কৰাৰ পাছতো জিলা পৰিবহণ বিষয়া নৰেশ্বৰ লহকৰৰ পৰা কোনো মন্তব্য পোৱা নগ’ল।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd