DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আপুনিও পাব নেকি অৰুণোদয় আঁচনিৰ সুবিধা? সদনত কি জনালে মন্ত্ৰী হিমন্তই?

এইকেইটা বস্তু ঘৰত নাথাকিলে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 1, 2020 11:54 am
WhatsApp Image 2020-09-01 at 11.41.12 AM

মঙলবাৰে সদনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

1.6k
VIEWS
Share on FacebookShare on Twitter

অহা ২ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া অৰুণোদয় আঁচনিৰ সুবিধা আপুনিও লাভ কৰিব পাৰে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভা অধিবেশনৰ দ্বিতীয় দিনা সদনৰ মজিয়াত দিয়া ভাষণত অৰুণোদয় আঁচনি সন্দৰ্ভত বিতংকৈ বক্তব্য ৰাখে।

তেওঁ জনোৱা মতে জনসাধাৰণে কেইটামান চৰ্ত সাপেক্ষে লাভ কৰিব এই অৰুণোদয় আঁচনিৰ সুবিধা।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্ধাৰণ কৰি দিয়া চৰ্ত সমূহ হ’ল :

* হিতাধিকাৰী দুখীয়া হ’ব লাগিব। হিতাধিকাৰীৰ ঘৰত কোনো এগৰাকী হ’লেও দিব্যাংগ অথবা, বিধৱা, অবিবাহিত বা বিবাহ বিচ্ছেদ হোৱা মহিলা থাকিব লাগিব। এইসকল থাকিলেও যদি কোনো চৰকাৰৰ অধীনত কাম কৰা চাকৰিয়াল থাকে তেন্তে অৰুণোদয় আঁচনিৰ সুবিধা লাভ নকৰে।

* দুখীয়া হ’লেও মাটি ১৫ বিঘাতকৈ কম থাকিব লাগিব। বছৰি আয় ২ লাখতকৈ কম হ’ব লাগিব।

* চাৰিচকীয়া বাহন, ফ্ৰীজ আৰু ট্ৰেক্টৰ থকা লোকে এই সুবিধা লাভ নকৰে।

তদুপৰি, অহা ১৫ ছেপ্টেম্বৰৰ ভিতৰত হিতাধিকাৰীক চিনাক্ত কৰি উলিওৱা হ’ব বুলি মন্ত্ৰীয়ে জনোৱাৰ লগতে ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ জনায়।

এই আঁচনিৰ জৰিয়তে চাউল, চেনি, দাইল, প্ৰতিমাহে ৮৩০ টকাকৈ লাভ কৰাৰ উপৰিও পূজা, বিহু, প্ৰাকৃতিক দুৰ্যোগ বা শিক্ষাৰ্থীৰ নাম ভৰ্তিৰ সময়ত ১০০০ টকাকৈ লাভ কৰিব বুলি হিমন্তই জনায়।

অহা ১৫ চেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে প্র-পত্ৰ পূৰণৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।

তেওঁ উল্লেখ কৰা মতে পৰিয়ালৰ এগৰাকী বিশেষ মহিলাহে এই আঁচনিৰ হিতাধিকাৰী হ’ব পাৰিব। অহা ২ নৱেম্বৰৰ পৰা প্ৰথম কিস্তিৰ ধন হিতাধিকাৰী মহিলাগৰাকীৰ একাউন্টত সোমাব।

ৰাজ্য চৰকাৰৰ আৰ্থিক অৱস্থা উন্নত হ’লে পৰ্যায়ক্ৰমে এই ধনৰ পৰিমাণ বৃদ্ধি কৰিব বুলিও মন্ত্ৰীয়ে জানিবলৈ দিয়ে।

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd