NORTHEAST NOW (Assamese)

আজি বিয়লি ৪ বজাত বিত্ত মন্ত্ৰী সীতাৰমণে জনাব ২০ লাখ কোটি টকাৰ পেকেজৰ সবিশেষ

May 13, 2020 11:14 am · এন ই নাও নিউজ
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ।

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি বিয়লি ৪ বজাত এখন গুৰুত্বপূৰ্ণ সংবাদমেলৰ আয়োজন কৰিছে। বিত্ত মন্ত্ৰী গৰাকীয়ে এই সংবাদমেলতে ২০ লাখ কোটি টকাৰ পেকেজৰ বিস্তৃত ৰূপ প্ৰকাশ কৰিব।

ক’ৰ’না ভাইৰাছৰ সংহাৰ প্ৰতিৰোধৰ বাবে দেশত চলি থকা লকডাউনৰ মাজতেই মঙলবাৰে প্ৰধান মন্ত্ৰী মৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰি এই আৰ্থিক পেকেজৰ ঘোষণা কৰিছিল।

আত্মনিৰ্ভৰ ভাৰত’ নামৰ অভিযানৰ জৰিয়তে ঘোষণা কৰা এই আৰ্থিক পেকেজৰ সবিশেষ আজি দাধি ধৰিব বিত্ত মন্ত্ৰী সীতাৰমণে। বিত্ত মন্ত্ৰ্যালয়ৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা সঞ্জীৱ সন্যালে এই আঁচনিখনে সমাজৰ সকলো শ্ৰেণীৰ লোককে সামৰি ল’ব বুলি মন্তব্য কৰিছে।

উল্লেখ্য যে ভাইৰাছ প্ৰতিৰোধৰ বাবে বিগত ৪৯ দিন ধৰি চলি থকা লকডাউনে ভাৰতৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলোৱাৰ সময়তে প্ৰধান মন্ত্ৰীৰ মোদীৰ ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ ঘোষণাই সকলোকে আশ্বৰ্যকৰ কৰি তোলে।

মোদীয়ে ঘোষণা কৰা এই ২০ লাখ কোটি টকা দেশৰ জিডিপিৰ প্ৰায় ১০ শতাংশ। ২০২০-২১ৰ অনুমোদিত ৩০ লাখ কোটি টকাৰ বাজেটৰ তুলনাত মাত্ৰ ১০ লাখ কোটি কম।

ক’ৰ’নাই তীব্ৰ ৰূপ ধাৰণ কৰা সময়তে ঘোষণা কৰা এই আৰ্থিক পেকেজৰ ফলত দেশৰ কুটীৰ শিল্প, ক্ষুদ্ৰ উদ্যোগষ শ্ৰমিক, কৃষক আৰ মধ্য বিত্ত শ্ৰেণীৰ লোকসকল উপকৃত হ’ব।

ইয়াৰ উপৰি ভাৰতীয় উদ্যোগ জগততো এই আৰ্থিক পেকেজে প্ৰভাৱ পেলাব বুলি মন্তব্য কৰে প্ৰধান মন্ত্ৰী মোদীয়ে।

Related News