• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে লতাশিল থানাত এজাহাৰ দাখিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 2, 2026 7:59 pm
47
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গুৱাহাটীৰ লতাশিল আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ‘দ্য অসম চিভিল ছ’চাইটি’ নামৰ সংগঠনটোৱে। মুখ্যমন্ত্ৰীগৰাকীয়ে বিগত কিছুদিন ধৰি সংবাদ মাধ্যমৰ আগত বংগমূলীয় অসমীয়া মুছলমানসকলৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে বিদ্বেষমূলক আৰু প্ৰৰোচনামূলক মন্তব্য আগবঢ়াই অহাৰ অভিযোগ তুলি সোমবাৰে এই এজাহাৰ দাখিল কৰা হয়।

অসম চিভিল ছ’চাইটিৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰী, কাৰ্যকৰী সভাপতি অধ্যাপক আব্দুল মান্নান আৰু কাৰ্যনিৰ্বাহক সদস্য আব্দুৰ ৰহিম শিকদাৰে সোমবাৰে বিয়লি লতাশিল থানাত উপস্থিত হৈ এই এজাহাৰ দাখিল কৰে। লতাশিল থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই GDE No. 25, Dated 02/02/2026 যোগে এজাহাৰখন গ্ৰহণ কৰিছে। জানিব পৰা মতে, বিভিন্ন বাতৰি কাকতৰ প্ৰতিলিপি আৰু মুখ্যমন্ত্ৰীৰ ভাষণৰ ভিডিঅ’ ক্লিপ থকা এটা পেনড্ৰাইভসহ মুঠ ১৮ পৃষ্ঠাৰ এক বিস্তৃত নথি আৰক্ষীক জমা দিয়া হৈছে।

Apply Now

এজাহাৰখনত অভিযোগ কৰা হৈছে যে যোৱা ২৪ জানুৱাৰীৰ পৰা ২৯ জানুৱাৰীৰ ভিতৰত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই বিভিন্ন ছপা আৰু ইলেক্ট্ৰনিক সংবাদ মাধ্যমৰ সন্মুখত ‘মিঞা’ বুলি সম্বোধন কৰি এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে শত্ৰুতা আৰু ঘৃণা বিয়পোৱাৰ উদ্দেশ্যে ইচ্ছাকৃতভাৱে সাম্প্ৰদায়িক মন্তব্য কৰিছিল। সংগঠনটোৰ মতে, মুখ্যমন্ত্ৰীৰ এনে ঘৃণাসূচক ভাষণে ৰাজ্যখনৰ ৰাজহুৱা শান্তি আৰু সাম্প্ৰদায়িক সংহতি বিঘ্নিত কৰিছে।

তদুপৰি, এই ভাষণৰ দ্বাৰা প্ৰৰোচিত হৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উক্ত জনগোষ্ঠীটোৰ লোকসকলক হাৰাশাস্তি আৰু ভীতি প্ৰদৰ্শন কৰাৰ বাতৰিও সংবাদ মাধ্যমত প্ৰকাশ পাইছে বুলি এজাহাৰত উল্লেখ কৰা হৈছে।

অসম চিভিল ছ’চাইটিয়ে দাবী কৰিছে যে মুখ্যমন্ত্ৰীৰ এনে কাৰ্য ভাৰতীয় ন্যায় সংহিতা (BNS)-ৰ ১৯২, ১৯৬, ১৯৭, ২৯৯, ৩০২ আৰু ৩৫৩ ধাৰাৰ অধীনত শাস্তিযোগ্য অপৰাধ। ইয়াৰ উপৰি, অসম চিভিল ছ’চাইটিয়ে এজাহাৰখনত উচ্চতম ন্যায়ালয়ৰ শেহতীয়া কঠোৰ নিৰ্দেশনাৰ কথাও সোঁৱৰাই দিয়ে। ৰাজহুৱা শান্তি আৰু আইন-শৃংখলা ৰক্ষাৰ স্বাৰ্থত উচ্চতম ন্যায়ালয়ে ঘৃণাসূচক ভাষণৰ বিৰুদ্ধে আৰক্ষীক স্বতঃস্ফূৰ্তভাৱে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল। সেই নিৰ্দেশনাৰ আলম লৈয়ে লতাশিল থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংগঠনটোৱে অনুৰোধ জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

August 12, 2026 9:25 pm
বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

August 12, 2026 8:12 pm
আদিত চন্দ্ৰ ৰাভাক জামিন প্ৰদানত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ সন্তুষ্টি

আদিত চন্দ্ৰ ৰাভাক জামিন প্ৰদানত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ সন্তুষ্টি

August 12, 2026 7:43 pm
নিষিদ্ধ হ’ল পুনৰ ব্যৱহাৰৰ অযোগ্য প্লাষ্টিক : ইটানগৰ পৌৰ সভাৰ ডাঙৰ সিদ্ধান্ত

নিষিদ্ধ হ’ল পুনৰ ব্যৱহাৰৰ অযোগ্য প্লাষ্টিক : ইটানগৰ পৌৰ সভাৰ ডাঙৰ সিদ্ধান্ত

August 12, 2026 7:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

August 12, 2026 9:25 pm
বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

August 12, 2026 8:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd