• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ভাৰতত ১ হাজাৰ কোটি টকীয়া হাৱলা কেলেংকাৰি : ভুৱা পাছপ’ৰ্টসহ গ্ৰেপ্তাৰ হ’ল চীনা নাগৰিক

আয়কৰ বিভাগৰ তালাচী অভিযানৰ পিছত পোহৰলৈ আহিল এই বিয়াগোম চীনা নাগৰিকৰ কেলংকাৰি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 12, 2020 3:22 pm

2 min read

918833-china-fraud
385
VIEWS
Share on FacebookShare on Twitter

দিল্লীত অৱস্থান কৰি এগৰাকী চীনা নাগৰিকে কিছু সহযোগীৰ সৈতে প্ৰায় ১ হাজাৰ কোটি টকীয়া হাৱলা কেলেংকাৰি সংঘটিত কৰিছে। এই দাবী আয়কৰ বিভাগৰ।

আয়কৰ বিভাগৰ মতে দিল্লীৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত এজন চীনা নাগৰিকে কেইজনমান সহযোগীৰ সহায়ত ১ হাজাৰ কোটি টকাৰ হাৱলা চক্ৰ এটা চলাই আহিছে।

ইতিমধ্যে এই সংক্ৰান্ত আয়কৰ বিভাগে উক্ত চীনা নাগৰিকজনৰ লগতে চক্ৰটোৱে চলাই অহা কেইটমান গোপনীয় কাৰ্যালয়ত তালাচী অভিযানো চলাইছে।

ইয়াৰ মূল কাণ্ডাৰী চীনা নাগৰিকজনে ভুৱা ভাৰতীয় পাছপ’ৰ্টেৰে দিল্লীত বাহৰ পাতি আছিল।

আয়কৰ বিভাগৰ এক সূত্ৰৰ মতে চক্ৰটোৱে সৰু সৰু গোট সৃষ্টি কৰি এই কাম অব্যাহত ৰাখিছে।

চক্ৰটোৱে দিল্লীৰ লগতে অন্য বাৰটা স্থানৰ পৰা এই কাম অব্যাহত ৰখা বুলি আয়কৰ বিভাগে দাবী কৰিছে।

ইফালে মঙ্গলবাৰে আয়কৰ বিভাগে চক্ৰটোৰ বিৰুদ্ধে দিল্লী, গুৰগাঁও, গাজিয়াবাদসহ একাধিক স্থানত তালাচী চলায়।

আয়কৰ বিভাগে অভিযান কালত বহুতো গুৰুত্বপূৰ্ণ নথি পত্ৰ উদ্ধাৰ কৰাৰ লগতে এই চক্ৰটোৰ সৈতে বেংকৰ কৰ্মচাৰীও জড়িত থকাৰ তথ্যও লাভ কৰিছে।

আয়কৰ বিভাগে এক নিৰ্দিষ্ট সূত্ৰৰ তথ্যৰ ভিত্তিত উক্ত স্থানসমূহত তালাচী অভিযান চলোৱা হৈছে বুলি জনাইছে।

এই হাৱলা কাণ্ডৰ মূল কাণ্ডাৰী চীনা নাগৰিকজনে মণিপুৰত থাকি ভুৱা ভাৰতীয় পাছপ’ৰ্ট উলিয়াইছিল।

চীনা নাগৰিকজনে প্ৰায় ৪০ টা বেংক একাউন্ট ব্যৱহাৰ কৰি আহিছিল। ইয়াৰ পিছতে লোকজনক সন্দেহবশতঃ আটক কৰা হয়। আৰু তেওঁক আটক কৰি সোধপোচ কৰাৰ পিছতে এই সমগ্ৰ কাণ্ড পোহৰলৈ আহে।

আয়কৰ বিভাগৰ এই তালাচীৰ পিছতে চীনা নাগৰিকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

এই কেলেংকাৰিটোৰ তদন্তৰ দায়িত্ব এনফ’ৰ্ছমেন্ট ডাইৰেক্টৰ হাতত অৰ্পণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

প্ৰশ্ন উঠিছে এজন চীনা নাগৰিকে ভাৰতত প্ৰৱেশ কৰি ভুৱা পাছপ’ৰ্ট উলিয়াই ভাৰতত কেনেকৈ ইমান ডাঙৰ হাৱলা চক্ৰ এটা চলাবলৈ পালে?

Recent News

দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’ৰ মনোনয়ন লাভ

দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’ৰ মনোনয়ন লাভ

index.jpgaa

ৰঙালীৰ উছাহৰ মাজতে বজালীত কোভিডৰ আগ্ৰাসন : শনিবাৰে জিলাখনত আৰু ৫ গৰাকী আক্ৰান্ত

টি২০ বিশ্বকাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তান ক্ৰিকেট টীম, নিশ্চয়তা প্ৰদান বিচিচিআইৰ

টি২০ বিশ্বকাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তান ক্ৰিকেট টীম, নিশ্চয়তা প্ৰদান বিচিচিআইৰ

ক’ভিড নিয়ন্ত্ৰণৰ বাবে সকলো জীৱনদায়িনী ঔষধৰ জিএছটি বাতিলৰ বাবে কেন্দ্ৰক কংগ্ৰেছৰ দাবী

ক’ভিড নিয়ন্ত্ৰণৰ বাবে সকলো জীৱনদায়িনী ঔষধৰ জিএছটি বাতিলৰ বাবে কেন্দ্ৰক কংগ্ৰেছৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd