বড়োসকলৰ ঐতিহাসিক চুক্তি বি টি আৰ শান্তি চুক্তি ২০২০ চনৰ ১৫ ডিচেম্বৰে চৰকাৰ গঠনৰ শপত গ্ৰহণ কৰিছিল বি টি আৰ প্ৰধান প্ৰমোদ বড়ো মিত্ৰজোঁটৰ চৰকাৰে।
বি টি আৰ চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি কোকৰাঝাৰত উদযাপন কৰা হয়।
বডোলেণ্ড চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা এই বিশেষ দিনটোৰ কাৰ্যসূচী অনুসৰি পুৱাই দোতমা থুলুংগাপুৰীৰ বডোফা ইউ এন ব্ৰহ্মৰ সমাধিস্থলী আৰু দেৱৰগাঁওস্থিত বডোলেণ্ড শ্বহীদ সমাধিক্ষেত্ৰত ১৬১৭ জন শ্বহীদক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে বি টি আৰ প্ৰধান প্ৰমোদ বড়ো সহ কাৰ্যবাহী সদস্য আৰু বিধায়ক সকলে ।
আজিৰ বিশেষ দিনটোৰ মুখ্য অতিথি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰীৰ কাৰ্যকালত স্থাপিত হোৱা চান্দামাৰীস্থিত নৱ নিৰ্মিত আই টি পাৰ্ক শুভ উদ্বোধন কৰে।
একেদৰে বডোলেণ্ড সচিবালয় চৌহদত থকা বডোফা নগৰত অনুষ্ঠিত মুকলি সভাত অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় ৰেল আৰু বস্ত্ৰ শিল্প মন্ত্ৰনালয়ৰ ৰাজ্যিক মন্ত্ৰী দৰ্শনা বিক্ৰম জাৰদোছে Bodoland Textile Mission আৰু Bodoland Milk Missionৰ শুভ উদ্বোধন কৰে।
মুকলি সভাত মুখ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই প্ৰমোদ বড়োৰ চৰকাৰলৈ প্ৰথম বৰ্ষপূৰ্তিৰ অভিনন্দন জ্ঞাপন কৰে। মুখ্য মন্ত্ৰীয়ে ভাষণত কয় যে বি টি আৰ চুক্তিৰ পিছত বি টি আৰলৈ শান্তি ঘুৰি আহিল, যি চুক্তিৰ জড়িয়তে বড়োৰ সশস্ত্ৰ সংগ্ৰামী সকলে মূল সুঁতিলৈ ঘূৰি আহিবলৈ সক্ষম হৈছে।
অহা তিনি বছৰত কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়খন বিশ্ববিদ্যালয়লৈ উন্নত কৰা হব আৰু বডোলেণ্ড বিশ্ববিদ্যালয়ৰ এটা শাখা হিচাপে ওদালগুৰিত দুটা বছৰৰ ভিতৰতে স্থাপন কৰা হব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।
২০২৩ চনৰ ভিতৰত কোকৰাঝাৰ মেডিকেল কলেজ আৰম্ভ হব। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তি বি টি আৰ চৰকাৰে দিব পাৰিব। বি টি আৰৰ সৰ্বোচ্চ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা সকলো ধৰণৰ সহায় কৰা হব বুলিও আশ্বাস দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই।
আনহাতে বি টি আৰত বস্ত্ৰ শিল্প উৎপাদনৰ ” Hub” কৰাৰ প্ৰতিশ্ৰুতি দিয়ে কেন্দ্ৰীয় ৰে’ল আৰু বস্ত্ৰ শিল্প মন্ত্ৰনালয়ৰ ৰাজ্যিক মন্ত্ৰী দৰ্শনা বিক্ৰম জাৰদোছেই। বি টি আৰ প্ৰধান প্ৰমোদ বড়োয়ে কয় যে বি টি আৰ চুক্তিৰ পিছত বডোলেণ্ডত শান্তি আৰু সুৰক্ষা নিশ্চিত হৈছে।
বি টি আৰ চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰা পিছত ইতিমধ্যে কোনো ধনৰ লেন-দেন নোহোৱাকৈ বিভিন্ন বিভাগত দু হেজাৰ নিযুক্তি দিয়া হৈছে বুলি মন্তব্য কৰে বড়োৱে।
কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যিমান উন্নয়নৰ বাবে ধন দিছে সকলো ৰাইজৰ উন্নয়নৰ বাবে ব্যৱহাৰ কৰা হ’ব বুলি সদৰী কৰে বি টি আৰ প্ৰধানে।
আজিৰ এই বিশেষ দিনটোৰ মুকলি সভাত অতিথি হিচাপে অংশগ্ৰহণ কৰে কাৰ্বি আংলঙ অটোনমাছ কাউঞ্চিলৰ প্ৰধান তুলিৰাম ৰংহাং, অসমৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত, উৰ্খাও গৌৰা ব্ৰহ্ম, বি টি আৰৰ উপ মুখ্য গোবিন্দ চন্দ্ৰ বসুমতাৰী সহ কাৰ্যবাহী সদস্য, বিধায়ক সকলে।