উখল-মাখল বডোফা সাংস্কৃতিক প্ৰকল্প ।
শান্তিৰ চহৰ ৰূপে প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টাৰে বিটিআৰ প্ৰশাসনৰ উদ্যোগত বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰৰ চান্দামাৰীস্থিত বডোফা সাংস্কতিক প্ৰকল্প চৌহদত আজিৰ ১৪ নৱেম্বৰৰ পৰা অহা ১৬ নৱেম্বৰলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে এশটা ভাষাৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় বহুভাষিক কবি সন্মিলন৷
উদ্দেশ্য বিটিআৰৰ লগতে দেশ-বিদেশত শান্তি আৰু প্ৰেমৰ ধাৰা বোৱাই দিয়া।
ইতিমধ্যে চান্দামাৰীস্থিত বডোফা সাংস্কৃতিক প্ৰকল্প চৌহদ সুন্দৰকৈ সজাই -পৰাই তোলা হৈছে৷
কবি সন্মিলনত অংশ গ্ৰহণৰ উদ্দেশ্যৰে গুজৰাট,মহাৰাষ্ট্ৰ,ৰাজস্থান,ছিকিম,ছট্টীছগড় আদি বিভিন্ন ৰাজ্যৰ বহু কবি সমৱেত হৈছেহি৷
আজি শুভ আৰম্ভনি অনুষ্ঠানত বিশিষ্ট লেখক মিষ্ঠছ নিৰ্মহী, অশোণি কুমাৰ চোৱাবাই, কেবিনেট মন্ত্ৰী ইউ জি ব্রহ্ম, বিটিচি ৰ প্ৰধান প্ৰমোদ বড়ো, বডো সাহিত্য সভাৰ সভাপতি তোৰেন বড়ো, বিশিষ্ট সমাজ সেৱক নিকিটো ইৰালোঁ আদি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে |