ৰাইজৰ সজাগতা আৰু চাপৰ আৰক্ষীৰ তৎপৰতাৰ বাবেই ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰিল চাপৰবাসী ।উল্লেখ্য গোৱালপাৰা জিলাৰ চুনাৰীৰ ফালৰ পৰা অস্ত্ৰ-শস্ত্ৰেৰে সুসজ্জিত হৈ নদীপথেদি পাঁচ/ছয়জনীয়া ডকাইতৰ দল নাৱেৰে চাপৰৰ ধীৰেৰ চৰ দ্বিতীয় খণ্ড গাঁওলৈ আহি থকা গাঁওৰ একাংশ ৰাইজে প্ৰত্যক্ষ কৰে ।
আনহাতে ডকাইতৰ দলৰ নাওখনত কেইবাটাও গৰু থকা গাঁওবাসীয়ে দেখা পায় আৰু এয়া ডকাইতৰ দল বুলি নিশ্চিত হয় ।তাৰ পাছত ডকাইতৰ দলটোৱে ডকাইতিৰ উদ্দেশ্যেৰে নাওৰ পৰা নমাৰ সময়তে স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহযোগত গাঁওবাসীয়ে তাৰে পাঁচটা ডকাইতক আটক কৰি উত্তম মাধ্যম শোধায়।
কিন্তু দলটোত থকা দুজন মানে গৰুভৰ্তি নাওখন লৈ পলায়ন কৰে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। ধৃত ডকাইত কেইটা ক্ৰমে গোৱালপাৰা জিলাৰ চুনাৰী থানাৰ শিয়ালমাৰী গাঁওৰ বাদশাহ আলী, মজিদ আলী, চাকাদ আলী, আনোৱাৰ হুছেইন আৰু ছাইজুদ্দিন আলী বুলি চিনাক্ত কৰা হৈছে।
ইপিনে ৰাইজে ডকাইতৰ দলটোক আটক কৰি চাপৰ আৰক্ষীক খবৰ দিয়াৰ লগে লগে তৎপৰতাৰে চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত কাকতিৰ নেতৃত্বত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ আটকাধীন ডকাইতকেইটাক চাপৰ থানালৈ আনে। আৰক্ষীয়ে ধৃত দলটোৰ পৰা চোকা অস্ত্ৰকে ধৰি কেইবাবিধো মাৰণাস্ত্ৰ সদৃশ সঁজুলি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।