• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

বিশ্ব চলচ্চিত্ৰ জোকাৰি যোৱা জাঁ লুক গডাৰৰ পাঁচখন চিনেমা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 15, 2022 7:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ জীৱনৰ সুদীৰ্ঘ আৰু বৰ্ণময় চিনেমাখন শেষ কৰিলে জাঁ লুক গডাৰে। ৯১ বছৰীয়া জীৱনকালত গডাৰে ফৰাচী ভাষাত নিৰ্মাণ কৰি উলিয়াইছিল সমগ্ৰ বিশ্বৰ চিনেমা শিল্পক বৈপ্লৱিক প্ৰাণ দিয়া কেইবাখনো চিনেমা। গডাৰৰ চিনেমাই সত্যজিৎ ৰায়ৰ দৰে শৈল্পিক চিনেমাৰ কাণ্ডাৰীক প্ৰভাৱান্বিত কৰাৰ উপৰিও বৰ্তমানৰ হলিউডৰ পৰিচালকসকলকো বাট দেখুৱাই আহিছে। গডাৰৰ চিনেমাসমূহত ব্যাপক পৰিমাণে হেণ্ডি কেমেৰা আৰু জাম্প কাট থাকে। এইসমূহ হৈছে তেওঁৰ চিনেমা নিৰ্মাণৰ কৌশল।

তেওঁৰ চৰিত্ৰসমূহৰ মানসিক জগতৰ আশা-আকাংক্ষা-আশংকা-বেদনা, সামাজিক চেতনা, ৰাজনৈতিক বক্তব্য সুন্দৰভাৱে উপলব্ধ কৰিব পাৰি। ব্যৱসায়িক চিনেমা নিৰ্মাণতো গডাৰে পাতনি মেলিছিল। ষাঠিৰ দশকত ফ্ৰান্সত গঢ় লৈ উঠা নিউ ৱেভ ম’ভমেণ্টৰ চিনেমা বুলি ক’লে গডাৰৰ চিনেমাসমূহ পোনপ্ৰথমেই উল্লেক কৰা হয়। এইখিনিতে চাও আহক গডাৰৰ কেইখনমান চিনেমাৰ বিষয়ে, যিসমূহ চিনেমাৰ অবিহনে বিশ্ব চলচিত্ৰৰ ইতিহাস আধৰুৱা হৈ পৰে-

Apply Now

১) ব্ৰে’থলেছ (Breathless): 

BREATHLESS (A Bout De Souffle) - Jean-Luc Godard

 

১৯৬০ চনত নিৰ্মাণ কৰা ব্ৰে’থলেছ নামৰ চিনেমাখনৰ দ্বাৰাই মূলতঃ গডাৰে বিশ্ব চলচিত্ৰৰ জগতত খোজ দিয়ে। সেই সময়ত ইউৰোপত নিউ ৱেভ, নয়ৰ, নিউ ৰিয়েলিজিমকে ধৰি কেইবাটাও নতুন ধৰণৰ চিনেমা নিৰ্মাণ কৰা হৈছিল। ব্ৰেথলে’ছত এইসমূহ চিনেমাৰ দৰেই এজন অপৰাধীক মূল চৰিত্ৰ হিচাপে লোৱা হৈছিল। ব্ৰেথলেছে ফৰাচী চিনেমালৈ বৈপ্লৱিক পৰিৱৰ্তন আনিছিল। চিনেমাৰ কাহিনী নিৰ্মাণ তথা অপৰাম্পৰত কথন আৰু জাম্প কাটৰ প্ৰয়োগেৰে নতুন যুগৰ সূচনা কৰিছিল।

 

২) এ ৱ’মেন ইজ এ ৱ’মেন (A Woman Is a Woman):

 

১৯৬১ চনত গডাৰে নিৰ্মাণ কৰে A Woman Is a Woman। এই চিনেমাখন গডাৰৰ প্ৰথমখন ৰঙীন চিনেমা। হলিউডৰ সাংগিতীক চিনেমাসমূহক শ্ৰদ্ধা জনাই নিৰ্মাণ কৰা এই চিনেমাখনত এগৰাকী কুৰি বছৰীয়া ষ্ট্ৰিপ ডেন্সাৰ আৰু তাইৰ প্ৰেমিকক মূল চৰিত্ৰ হিচাপে লোৱা হৈছিল। উল্লেখযোগ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ফ্ৰান্সত আমেৰিকাৰ চিনেমা আৰু সংস্কৃতিৰ আমদানি ঘটিব ধৰে। ফ্ৰান্সৰ নিউ ৱেভ চিনেমাসমূহো আমেৰিকান সংস্কৃতিৰ দ্বাৰা প্ৰভাৱান্বিত হয়। সেইবাবেই গডাৰে A Woman Is a Womanৰ দ্বাৰা আমেৰিকান চিনেমাক শ্ৰদ্ধা জনাইছিল।

 

৩) দ্য লিটিল চলজাৰ (The Little Soldier) :

 

১৯৬৩ চনত গডাৰে নিৰ্মাণ কৰে The Little Soldier। এই চিনেমাখনৰ জৰিয়তে গডাৰে ৰাজনৈতিক বক্তব্য দিব বিচাৰিছিল। উল্লেখযোগ্য যে উত্তৰ আফ্ৰিকাৰ আলজেৰিয়া এসময়ত ফ্ৰান্সৰ অধীন আছিল। ফৰাচী উপনিৱেশৰ বিৰুদ্ধে আলজেৰিয়াত সংগ্ৰামো হয়। গডাৰৰ এই চিনেমাখনত আলজেৰিয়াৰ স্বাধীনতা সংগ্ৰামক প্ৰকাশ কৰা হৈছিল। ফৰাচী চৰকাৰৰ অধিনস্থ এগৰাকী ফটোসাংবাদিকে শেষত গৈ কিদৰে এগৰাকী আলেজিৰান স্বাধীনতাকামী নাৰীৰ প্ৰেমত পৰে, তাৰ বৰ্ণনা গডাৰে দিছিল। The Little Soldier-ৰ জৰিয়তে কোনো এটা আদৰ্শৰ সলনি একোটা সংঘাতৰ বিশ্লেষণ কৰা হৈছিল। তদুপৰি আফ্ৰিকা মহাদেশত ফ্ৰান্সে চলোৱা সাম্ৰাজ্যবাদকো গডাৰে ইয়াৰ দ্বাৰা সমালোচিত কৰিছিল।

 

৪) কনটেম্প্ট (Contempt) :

 

১৯৬৩ চনত নিৰ্মাণ কৰা Contemptৰ যোগেৰে প্ৰসিদ্ধ জাৰ্মান পৰিচালক ফ্ৰিটজ লেং আৰু গ্ৰীক নাটকসমূহত শ্ৰদ্ধা জনোৱা হৈছিল। তদুপৰি চিনেমাখনৰ দ্বাৰা ইউৰোপিয়ান চিনেমা আৰু হলিউডৰ চিনেমাৰ মাজত সুকীয়া সুকীয়া নিৰ্মাণ কৌশলসমূহৰো পৃথকতা প্ৰদশৰ্ন কৰা হৈছিল। প্ৰসিদ্ধ ইটালীয়ান সাহিত্যিক এলবাৰ্টো মোৰাভিয়াৰ A Ghost at Noon নামৰ উপন্যাসখনক Contemptত চিত্ৰৰূপ দিয়া হৈছিল।

 

৫) আলফাভীল (Alphaville):

 

১৯৬৫ চনত নিৰ্মিত Alphaville গডাৰৰ এখন কল্পবিজ্ঞানমূলক ছৱি। ফিল্ম নয়ৰৰ প্ৰয়োগো ইয়াত কৰা হৈছিল। ভৱিষ্যতৰ কাহিনীক লৈ নিৰ্মাণ কৰা এই ছৱিখনত আলফাভিল নামৰ এখন চহৰৰ কাহিনী আছে। এই চিনেমাখনৰ দ্বাৰা গডাৰে হলিউডৰ কল্পকাহিনীমূলক ছৱিসমূহৰ প্ৰভাৱক এক সুকীয়া ৰূপ প্ৰদান কৰিছিল। কল্পকাহিনী কোৱাৰ শৈলীসমূহলৈ তেওঁ নতুন ধাৰা অনিব বিচাৰিছিল। আলফাভিল হৈছে গডাৰৰ এখন ফিকচনেল ভৱিষ্যতৰ চহৰ, কিন্তু ইয়াৰ দৃশ্যগ্ৰহণ পেৰিছতেই কৰা হৈছিল। চিনেমাখনে ১৯৬৫ চনৰ বাৰ্লিন ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত গল্ডেন বিয়েৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd