• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

বিমানখন ৰাণৱে পাৰ হৈ পথত নামি যায়। বিমানখনে একেৰাহে দুখন ট্ৰাকত খুন্দা মাৰি পথৰ কাষত বাগৰি পৰে। এই সংঘৰ্ষৰ ফলত জুই লাগে। চাৰিওফালৰ অঞ্চলটো ক’লা ধোঁৱাই আৱৰি ধৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 7, 2026 11:18 am
37
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱতৰণ কৰাৰ পিছত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। প্ৰডাক্ট ডিষ্ট্ৰিবিউচন কোম্পানী আমাজনৰ এখন কাৰ্গো বিমান ৰাণৱেৰ পৰা উফৰি গৈ এখন ট্ৰাকত খুন্দা মাৰে। দুৰ্ঘটনাটোৰ বাবে বিমানখনত অগ্নিকাণ্ড সংঘটিত হয়। দেওবাৰে বিয়লি আমেৰিকাৰ মিয়ামিৰ এই মৰ্মান্তিক দুৰ্ঘটনাত এই পৰ্যন্ত ৫ জন লোকৰ মৃত্যু হৈছে। দুৰ্ঘটনাটোৰ পিছত অগ্নিকাণ্ডৰ ফলত আকাশখন ক’লা ধোঁৱাই আৱৰি ধৰিছিল। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই দুৰ্ঘটনাৰ ভিডিঅ’।

মিয়ামি বিমানবন্দৰৰ সূত্ৰ অনুসৰি পুৱা প’ৰ্ট’ ৰিকোৰ ছান জুয়ানৰ পৰা আমাজন বয়িং ৭৬৭-৩০০ কাৰ্গো বিমানখন ৰাওনা হৈছিল। স্থানীয় সময় অনুসৰি দুপৰীয়া প্ৰায় ২ বজাত মিয়ামিত অৱতৰণ কৰে। ৰাণৱেত অৱতৰণ কৰাৰ পিছতে বিমানখনৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলায় পাইলটে।

বিমানখন ৰাণৱে পাৰ হৈ পথত নামি যায়। বিমানখনে একেৰাহে দুখন ট্ৰাকত খুন্দা মাৰি পথৰ কাষত ​​বাগৰি পৰে। এই সংঘৰ্ষৰ ফলত জুই লাগে। চাৰিওফালৰ অঞ্চলটো ক’লা ধোঁৱাই আৱৰি ধৰে।

Apply Now

এই খবৰ পোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ লোক ক্ষিপ্ৰতাৰে ঘটনাস্থলীত উপস্থিত হয়। জুই নিৰ্বাপনৰ লগতে উদ্ধাৰৰ কাম আৰম্ভ হয়। খবৰ অনুসৰি এই ঘটনাত এতিয়ালৈকে ৫ জন লোকৰ মৃত্যু হৈছে।

ছ’চিয়েল মিডিয়াত এই দুৰ্ঘটনাৰ কেইবাটাও ভিডিঅ’ ভাইৰেল হৈছে। দেখা গৈছে যে দুৰ্ঘটনাৰ পিছত বিমানখন জ্বলি আছে। প্ৰচণ্ড ক’লা ধোঁৱাই সমগ্ৰ অঞ্চলটো আগুৰি ধৰিছে। বিমানখনৰ খুন্দাত এখন ট্ৰাক চূৰ্ণ-বিচূৰ্ণ হৈ পৰিছে।

🚨 Update: Deadly Cargo Plane Crash at Miami International Airport

At least five people have died and five others were injured after an Amazon Prime Air cargo aircraft overran the runway at Miami International Airport on Sunday afternoon, striking multiple vehicles and bursting… pic.twitter.com/6XLpT6mVaP

— FL360aero (@fl360aero) September 7, 2026

অৱশ্যে এই দুৰ্ঘটনা কিয় সংঘটিত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে প্ৰশাসনে। ইফালে এই দুৰ্ঘটনাৰ বাবে মিয়ামিৰ ৰাণৱে আৰু ওচৰৰ পথসমূহ বন্ধ হৈ পৰিছে। কমেও ২৫০খন বিমানে পলমকৈ উৰা মাৰিছে। পৰিস্থিতি স্বাভাৱিক হ’বলৈ সময় লাগিব বুলি কৰ্তৃপক্ষই জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd