DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 13, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বনাথৰ বিহালী সংৰক্ষিত বনাঞ্চলত চোৰাং চিকাৰীয়ে হত্যা কৰিলে ৫ টাকৈ টুপীমূৰীয়া বান্দৰ

কাটি লৈ গ'ল নেজ আৰু ছাল

কাজী জেইদুল ইছলাম,বিশ্বনাথ by কাজী জেইদুল ইছলাম,বিশ্বনাথ
January 10, 2022 4:01 pm
132
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথ জিলাৰ বিহালী সংৰক্ষিত বনাঞ্চলত সংঘটিত হ’ল এক নিকৃষ্ট কাণ্ড। সন্দেহজনক চোৰাং চিকাৰীয়ে অতি নৃশংস ভাৱে হত্যা কৰি নেজ আৰু ছাল কাটি লৈ গ’ল বনাঞ্চল খনত থকা অতি বিৰল প্ৰজাতিৰ পাঁচটাকৈৈ টুপী মূৰীয়া বান্দৰৰ ।

সম্প্ৰতি এই ঘটনা পোহৰলৈ অহাত সৃষ্টি হৈছে চাঞ্চল্যৰ। জানিব পৰা মতে বিহালী সংৰক্ষিত বনাঞ্চল খনৰ জীৱ জন্তুৰ ওপৰত গৱেষণা চলাই থকা এটা দলে যোৱা ৪ জানুৱাৰীত বনাঞ্চল খনৰ ৰঙাগড়া বীট অফিচৰ পৰা প্ৰায় ১.৫ কিলোমিটাৰ নিলগত প্ৰত্যক্ষ কৰে টুপী মূৰীয়া বান্দৰৰ ট্ৰাকি পিথেকাছ পাইলেটাছ ভাৰ ব্ৰহ্মা নামৰ প্ৰজাতিৰ ৫ টাকৈ জঁকা।

হাতীডিপু বনভোজ থলীলৈ যোৱাৰ পথত নেজ আৰু ছাল নথকা এই জঁকা সমূহ দেখি গৱেষণা কৰি থকা দলটোয়ে বন বিভাগক অৱগত কৰাত বন বিভাগে উদ্ধাৰ কৰে টুপী মূৰীয়া বান্দৰৰ এই জঁকা সমূহ।

সম্প্ৰতি বন বিভাগে এই জঁকা সমূহ ফৰেনচিক লেৱৰেটৰীলৈ পঠাইছে পৰীক্ষাৰ বাবে। ইফালে এই নিকৃষ্ট কাণ্ড বনাঞ্চল খনত চোৰাং চিকাৰীয়ে সংঘটিত কৰিছে বুলি বিহালীৰ নেচাৰ্ছ বন্যপ্ৰাণ সংস্হা আৰু গৱেষণা কৰা ছাত্ৰ সকলে সন্দেহ কৰিছে।

আনহাতে এটা জঁকাৰ লাওখোলাত থকা এটা ফুটা থকাৰ প্ৰত্যক্ষ কৰাত চোৰাং চিকাৰীয়ে এই কাণ্ড গুলী ফুটাই সংঘটিত কৰিছে বুলি সন্দেহ কৰিছে গৱেষণা কৰি থকা ছাত্ৰ সকলে। আনহাতে বিৰল প্ৰজাতিৰ এই টুপী মুৰীয়া বান্দৰৰ নেজ আৰু ছালৰ চোৰাং বজাৰত অধিক মূল্য থকাৰ বাবেই এই কাণ্ড সংঘটিত কৰিছে বুলি সন্দেহ কৰাৰ লগতে চোৰাং চিকাৰীয়ে বান্দৰ সমূহ হত্যা কৰি মূৰটো জ্বলাই দিছে বুলি জানিবলৈ দিছে গৱেষণা কৰা ছাত্ৰই।

কিছুদিন আগলৈকে বনাঞ্চল খনৰ গছে গছে বিচৰণ কৰি থকা এই টুপী মূৰীয়া বান্দৰৰ পৰিয়ালটোৰ ৫ জনকৈ সদস্যৰ মৃত্যুত ব্যথিত হৈ পৰিছে প্ৰকৃতি প্ৰেমী সংগঠন আৰু ব্যক্তি ।

আনহাতে সংৰক্ষিত বনাঞ্চল খনক শীঘ্ৰেই অভয়াৰণ্য কৰি তুলিবলৈও দাবী জনোৱাৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ প্ৰকৃতিপ্ৰেমী সকলে দাবী জনাইছে।

Recent News

চোৰক মোৰে পালে! ভেটিকানৰ সমীপত সুৰংগৰ পৰা উদ্ধাৰ কৰা হ’ল সন্দেহযুক্ত বেংক ডকাইতক

চোৰক মোৰে পালে! ভেটিকানৰ সমীপত সুৰংগৰ পৰা উদ্ধাৰ কৰা হ’ল সন্দেহযুক্ত বেংক ডকাইতক

Salman Rushdie: অস্ত্ৰোপচাৰৰ পিছত ‘লাইফ ছাপোৰ্ট’ত ছলমান ৰুশ্বডি; অৱস্থা সংকটজনক

Salman Rushdie: অস্ত্ৰোপচাৰৰ পিছত ‘লাইফ ছাপোৰ্ট’ত ছলমান ৰুশ্বডি; অৱস্থা সংকটজনক

আলফা(স্বা:)ৰ বৰ্জনৰ আহ্বানৰ বিপৰীতে সুকলমে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি শিৱসাগৰ জিলা প্ৰশাসনৰ

আলফা(স্বা:)ৰ বৰ্জনৰ আহ্বানৰ বিপৰীতে সুকলমে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি শিৱসাগৰ জিলা প্ৰশাসনৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ঘৰৰ পৰা অতি গোপন নথিপত্ৰ জব্দ FBIৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ঘৰৰ পৰা অতি গোপন নথিপত্ৰ জব্দ FBIৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd