• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি উপ নিৰ্বাচনত বিজয়ী হৈ অহা ৫গৰাকী বিধায়কে ল’লে শপত; শপতবাক্য পাঠ কৰোৱালে অধ্যক্ষ দৈমাৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 11, 2021 3:10 pm
Assam-Assembly
130
VIEWS
Share on FacebookShare on Twitter

সদ্যসমাপ্ত ৰাজ্যখনৰ উপ–নির্বাচনত বিজয়ী হৈ অহা ৫ গৰাকী নৱনির্বাচিত বিধায়কে বৃহস্পতিবাৰে অসম বিধানসভাত শপত গ্ৰহণ কৰে। ইয়াৰ ভিতৰত তিনিগৰাকী হৈছে বিধায়ক পদ ত্যাগ কৰি কংগ্ৰেছৰ পৰা আহি বিজেপিত যোগদান কৰা ন-বিজেপি বিধায়ক।

শপত গ্ৰহণ কৰা নৱ নিৰ্বাচিত বিধায়ককেইগৰাকী হ’ল গোসাঁইগাঁৱৰ জিৰণ বসুমতাৰী (ইউপিপিএল), ভৱানীপুৰৰ ফণীধৰ তালুকদাৰ (বিজেপি), তামুলপুৰৰ জলেন দৈমাৰী (ইউপিপিএল), মৰিয়নিৰ ৰূপজ্যোতি কুর্মী (বিজেপি) আৰু থাওৰাৰ সুশান্ত বৰগোহাঁই (বিজেপি)।

বৃহস্পতিবাৰে দিনৰ ১১ বজাত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিধায়ক কেইগৰাকীক শপত বাক্য পাঠ কৰোৱায়৷

আজি শপত গ্ৰহণত ইউপিপিএলৰ প্ৰাৰ্থী দুগৰাকীয়ে বড়ো ভাষাত শপত লোৱাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী তিনিগৰাকীয়ে অসমীয়াতে শপত লয়।

শপতগ্রহণ অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকে ধৰি অসম চৰকাৰৰ মন্ত্রী আৰু বিধায়কসকলো উপস্থিত থাকে৷

সদ্যসমাপ্ত উপ–নির্বাচনৰ ফলাফলৰ পাছত বর্তমানৰ ১২৫জনীয়া অসম বিধানসভাত বিজেপিৰ আসনৰ সংখ্যা ৫৯ৰ পৰা ৬২খনলৈ বৃদ্ধি পালে৷

সেইদৰে বিজেপিৰ মিত্রদল ইউপিপিএলৰ আসনৰ সংখ্যা ৬খনৰ পৰা ৭খনলৈ বৃদ্ধি পালে৷

আনহাতে, কংগ্রেছৰ আসনৰ সংখ্যা ২৯খনৰ পৰা ২৭খনলৈ আৰু এ আই ইউ ডি এফৰ আসনৰ সংখ্যা ১৫খনলৈ হ্রাস পালে৷

সেইদৰে, সদনৰ মজিয়াত বিজেপি মিত্রজোঁটৰ শক্তি ৭৮গৰাকীলৈ বৃদ্ধি পালে৷

বর্তমান অসম বিধানসভাত বিভিন্ন দলৰ স্থিতি হ’ল এনেধৰণৰ– বিজেপি ৬২, কংগ্রেছ ২৭, এ আই ইউ ডি এফ ১৫, অগপ ৯, ইউপিপিএল ৭, বি পি এফ ৩, চি পি আই (এম) ১ আৰু নির্দলীয় (ৰাইজৰ দল) ১৷ 

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd