• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পাঁচখন ৰাজ্যৰ নিৰ্বাচনী সমীক্ষা: অসমত পুনৰ হিমন্ত, বংগত বিজেপিৰ উত্থান আৰু কেৰালাত কংগ্ৰেছৰ সম্ভাৱনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:40 am
43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাৰিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত হৈছে। এতিয়া সকলো প্ৰাৰ্থীৰ ভাগ্য ইলেক্ট্ৰনিক ভোটিং মেচিন বা ইভিএমৰ ভিতৰত বন্দী হৈ আছে। অহা ৪ মে’ তাৰিখে এই নিৰ্বাচনৰ আনুষ্ঠানিক ফলাফল ঘোষণা কৰা হ’ব। কিন্তু তাৰ পূৰ্বেই সাধাৰণ জনতাৰ লগতে ৰাজনৈতিক বিশ্লেষকসকলৰ দৃষ্টি নিবদ্ধ হৈছে এগজিট প’ল বা নিৰ্বাচনী সমীক্ষাৰ ওপৰত। কোনখন ৰাজ্যত কোনে চৰকাৰ গঠন কৰিব, তাক লৈ সকলোৰে মাজত ব্যাপক চৰ্চা চলিছে।

নিৰ্বাচনী সমীক্ষা অনুসৰি অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পুনৰবাৰ চৰকাৰ গঠন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এক্সিছ-মাই ইণ্ডিয়াৰ সমীক্ষা অনুসৰি ১২৬খন আসনৰ ভিতৰত এন ডি এ মিত্ৰজোঁটে ৮৮ৰ পৰা ১০০খন আসন আৰু কংগ্ৰেছ মিত্ৰজোঁটে ২৪ৰ পৰা ৩৬খন আসন লাভ কৰিব পাৰে। আনহাতে মেট্ৰিজৰ সমীক্ষামতে এন ডি এয়ে ৮৫ৰ পৰা ৯৫খন, কংগ্ৰেছে ২৫ৰ পৰা ৩২খন আৰু অন্যান্যই ৬ৰ পৰা ১২খন আসন পোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ দুয়োটা সমীক্ষাই অসমত পুনৰবাৰ বিজেপি নেতৃত্বাধীন চৰকাৰ অহাৰ স্পষ্ট ইংগিত দিছে।

পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ এগজিট প’ল অনুসৰি এইবাৰ বিজেপিয়ে মমতা বেনাৰ্জীৰ দুৰ্গত আঘাত হানিব পাৰে বুলি ধাৰণা কৰা হৈছে। চাৰিটা সমীক্ষাৰ ভিতৰত তিনিটা সমীক্ষাই প্ৰকাশ কৰিছে যে বিজেপিয়ে ১৪৬খনৰ পৰা ১৭৫খন আসন লাভ কৰিব পাৰে। আনহাতে কেৱল পিপলছ পালছ নামৰ এটা সমীক্ষাইহে তৃণমূল কংগ্ৰেছ একেৰাহে চতুৰ্থবাৰৰ বাবে ক্ষমতালৈ আহিব বুলি প্ৰকাশ কৰিছে। তেওঁলোকৰ মতে তৃণমূল কংগ্ৰেছে ১৭৭ৰ পৰা ১৮৭খন আসন পাব পাৰে। অৱশ্যে এই সমীক্ষাসমূহৰ ওপৰত সম্পূৰ্ণ বিশ্বাস কৰা টান, কিয়নো ২০২১ চনৰ নিৰ্বাচনতো বহু সমীক্ষাই বিজেপি আৰু তৃণমূলৰ মাজত তীব্ৰ প্ৰতিযোগিতাৰ ভৱিষ্যতবাণী কৰিছিল। কিন্তু শেষত মমতা বেনাৰ্জীৰ দলে ২১৫খন আসন লাভ কৰি বিশাল জয় সাব্যস্ত কৰিছিল আৰু বিজেপিয়ে ৭৭খন আসন লাভ কৰি প্ৰধান বিৰোধী দল হিচাপেহে থিয় দিছিল।

Apply Now

আনহাতে কেৰালাত বৰ্তমানৰ বাওঁপন্থী চৰকাৰে ক্ষমতা হেৰুৱাৰ সম্ভাৱনা আছে। এক্সিছ-মাই ইণ্ডিয়াৰ মতে বাওঁ মৰ্চাই ৪৯ৰ পৰা ৬২খন আসন পোৱাৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটে ৭৮ৰ পৰা ৯০খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব পাৰে। তামিলনাডুত মেট্ৰিজৰ সমীক্ষা অনুসৰি মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ ডি এম কে দলে ১২২ৰ পৰা ১৩২খন আসন লাভ কৰি পুনৰ ক্ষমতালৈ অহাৰ সম্ভাৱনা আছে। এই নিৰ্বাচনত প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হোৱা অভিনেতা থালাপথী বিজয়ৰ দলে ১০ৰ পৰা ১২খন আসন পোৱাৰ অনুমান কৰা হৈছে। পুডুচেৰীতো কংগ্ৰেছৰ অৱস্থা বেয়া বুলি প্ৰকাশ পাইছে, য’ত বিজেপি নেতৃত্বাধীন এন ডি এয়ে ৩০খন আসনৰ ভিতৰত ১৬ৰ পৰা ২০খন আসন পোৱাৰ সম্ভাৱনা আছে।

অৱশেষত এই কথা মনত ৰখা উচিত যে এগজিট প’ল সদায় সম্পূৰ্ণ সঠিক নহয়। বহু সময়ত এই সমীক্ষাসমূহ প্ৰকৃত ফলাফলৰ সৈতে মিলি যায় যদিও কেতিয়াবা আকৌ ইয়াৰ বিপৰীত ফলাফল হোৱাও দেখা যায়। ভোটদান কৰি ওলাই অহা লোকসকলৰ মতামমৰ ওপৰত ভিত্তি কৰি এই সমীক্ষাবোৰ কৰা হয়। এগজিট প’লবোৰ কেৱল ভোটাৰৰ মনোভাৱ বুজিবলৈ কৰা এটা প্ৰয়াসহে। সেয়েহে কেৱল এই সমীক্ষাৰ ওপৰত ভিত্তি কৰি আনন্দিত বা নিৰাশ হোৱাৰ কোনো কাৰণ নাই, চূড়ান্ত আৰু সঠিক ফলাফল জানিবলৈ সকলোৱে ৪ মে’লৈকে অপেক্ষা কৰিব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“আমি আপোনালোকক ক্ষমতাৰ পৰা নমাই আনিম”: ভোটাৰ তালিকাৰ পৰা নাম কাটি দিয়াৰ পিছতে চৰকাৰলৈ প্ৰকাশ ৰাজৰ মুকলি প্ৰত্যাহ্বান

“আমি আপোনালোকক ক্ষমতাৰ পৰা নমাই আনিম”: ভোটাৰ তালিকাৰ পৰা নাম কাটি দিয়াৰ পিছতে চৰকাৰলৈ প্ৰকাশ ৰাজৰ মুকলি প্ৰত্যাহ্বান

August 11, 2026 6:36 pm
উত্তপ্ত ৰাঁচী! শিক্ষাৰ্থীৰ ওপৰত আৰক্ষীৰ অত্যাচাৰৰ প্ৰতিবাদত ঝাৰখণ্ড বন্ধ, অনশনকাৰী ছাত্ৰনেতালৈ চিজেপি প্ৰধানৰ ভিডিঅ’ কল

উত্তপ্ত ৰাঁচী! শিক্ষাৰ্থীৰ ওপৰত আৰক্ষীৰ অত্যাচাৰৰ প্ৰতিবাদত ঝাৰখণ্ড বন্ধ, অনশনকাৰী ছাত্ৰনেতালৈ চিজেপি প্ৰধানৰ ভিডিঅ’ কল

August 11, 2026 6:28 pm
ছিৰিয়াৰ ক্ষমতাচ্যুত ৰাষ্ট্ৰপতি বাশ্বাৰ আল আছাদলৈ দামাস্কাছ আদালতৰ মৃত্যুদণ্ড! মানৱতাবিৰোধী অপৰাধত দোষী সাব্যস্ত

ছিৰিয়াৰ ক্ষমতাচ্যুত ৰাষ্ট্ৰপতি বাশ্বাৰ আল আছাদলৈ দামাস্কাছ আদালতৰ মৃত্যুদণ্ড! মানৱতাবিৰোধী অপৰাধত দোষী সাব্যস্ত

August 11, 2026 5:18 pm
পশ্চিমবংগত ভোটাৰৰ আবেদন নিষ্পত্তিৰ লেহেমীয়া গতিক লৈ উচ্চতম ন্যায়ালয়ৰ উদ্বেগ; নিৰ্বাচন আয়োগলৈ জাননী

পশ্চিমবংগত ভোটাৰৰ আবেদন নিষ্পত্তিৰ লেহেমীয়া গতিক লৈ উচ্চতম ন্যায়ালয়ৰ উদ্বেগ; নিৰ্বাচন আয়োগলৈ জাননী

August 11, 2026 3:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“আমি আপোনালোকক ক্ষমতাৰ পৰা নমাই আনিম”: ভোটাৰ তালিকাৰ পৰা নাম কাটি দিয়াৰ পিছতে চৰকাৰলৈ প্ৰকাশ ৰাজৰ মুকলি প্ৰত্যাহ্বান

“আমি আপোনালোকক ক্ষমতাৰ পৰা নমাই আনিম”: ভোটাৰ তালিকাৰ পৰা নাম কাটি দিয়াৰ পিছতে চৰকাৰলৈ প্ৰকাশ ৰাজৰ মুকলি প্ৰত্যাহ্বান

August 11, 2026 6:36 pm
উত্তপ্ত ৰাঁচী! শিক্ষাৰ্থীৰ ওপৰত আৰক্ষীৰ অত্যাচাৰৰ প্ৰতিবাদত ঝাৰখণ্ড বন্ধ, অনশনকাৰী ছাত্ৰনেতালৈ চিজেপি প্ৰধানৰ ভিডিঅ’ কল

উত্তপ্ত ৰাঁচী! শিক্ষাৰ্থীৰ ওপৰত আৰক্ষীৰ অত্যাচাৰৰ প্ৰতিবাদত ঝাৰখণ্ড বন্ধ, অনশনকাৰী ছাত্ৰনেতালৈ চিজেপি প্ৰধানৰ ভিডিঅ’ কল

August 11, 2026 6:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd