• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰী চিকিৎসালয়ত তেজ গ্ৰহণ কৰি HIV আক্ৰান্ত ৫টি শিশু; গুৰুতৰ অভিযোগ ঝাৰখণ্ডত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 26, 2025 9:53 am
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাৰ চাইবাছা চৰকাৰী চিকিৎসালয়ৰ বিৰুদ্ধে চিকিৎসাৰ গাফিলতি আৰু অৱহেলাৰ অভিযোগ উত্থাপন হৈছে। থেলাছেমিয়াৰ চিকিৎসাৰ বাবে তেজ ল’বলৈ আহি পাঁচটি শিশু এইচ আই ভিত আক্ৰান্ত হয়।

চৰকাৰী চিকিৎসালয়ৰ পৰা তেজ লোৱাৰ পিছতে এইচ আই ভি পজিটিভ পোৱা গৈছে ৭ বছৰীয়া থেলাছেমিয়া শিশুসহ কমেও ৫ জনৰ। এই ঘটনাই ৰাজ্যৰ স্বাস্থ্য বিভাগক কেন্দ্ৰ কৰি ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছে। ইতিমধ্যে ৰাঁচীৰ পৰা এটা উচ্চ পৰ্যায়ৰ চিকিৎসা দলে তদন্ত আৰম্ভ কৰিছে।

Apply Now

শুকুৰবাৰে চাইবাছা সদৰ চিকিৎসালয়ৰ ব্লাড বেংকৰ পৰা এইচ আই ভি সংক্ৰমিত তেজ দিয়া বুলি অভিযোগ উত্থাপন কৰে এটি থেলাছেমিয়া শিশুৰ পৰিয়ালে। ইয়াৰ পিছতহে বিষয়টো পোহৰলৈ আহে।

একে সময়তে চিকিৎসালয়ত তেজ দিয়া শিশুসকলৰ তেজ পৰীক্ষা কৰাৰ সিদ্ধান্ত লোৱা হয়। এই অভিযোগৰ পিছতে ঝাৰখণ্ড চৰকাৰে স্বাস্থ্য সেৱা সঞ্চালক ডাঃ দীনেশ কুমাৰৰ নেতৃত্বত পাঁচজনীয়া চিকিৎসা দল এটাক তদন্তৰ বাবে প্ৰেৰণ কৰে।

প্ৰাৰম্ভিক তদন্তত অধিক ভয়াৱহ পৰিস্থিতিৰ কথা পোহৰলৈ আহিছে। তদন্তৰ সময়ত থেলাছেমিয়াত আক্ৰান্ত আৰু চাৰিটা শিশুৰ তেজ পৰীক্ষাৰ ৰিপৰ্ট পুনৰ এইচ আই ভি পজিটিভ আহিছিল। ইয়াৰ লগে লগে মুঠ আক্ৰান্ত নাবালকৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি পাইছে। সকলো শিশুৱে নিয়মিতভাৱে একেখন চিকিৎসালয়ৰ পৰা তেজ লৈছিল।

ডাঃ দীনেশ কুমাৰে কয় যে প্ৰাৰম্ভিক তদন্তত থেলাছেমিয়া ৰোগীক দূষিত তেজ দিয়া বুলি জানিব পৰা গৈছে। তদন্তৰ সময়ত ব্লাড বেংকত কিছু অমিল পোৱা গৈছে আৰু সংশ্লিষ্ট ভাৰপ্ৰাপ্ত ব্যক্তিসকলক ইয়াৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

এই তদন্তৰ বাবেই চাইবাছা চিকিৎসালয়ৰ ব্লাড বেংকক আপাততঃ জৰুৰীকালীন অপাৰেচন মোডত ৰখা হৈছে আৰু আগন্তুক কেইদিনমানৰ বাবে তাত কেৱল গুৰুতৰ ৰোগীকহে চিকিৎসা কৰা হ’ব বুলি জনোৱা হৈছে।

এই দূষিত তেজ কেনেদৰে শিশুকেইটিৰ শৰীৰত সোমাল সেই তদন্ত অব্যাহত ৰাখিছে চিকিৎসা দলটোৱে। কুমাৰৰ নেতৃত্বত তদন্তকাৰী দলটোত আছে ডাঃ শিপ্ৰা দাস, ডাঃ এছ এছ পাছোৱান, ডাঃ ভগত, জিলা অসামৰিক অস্ত্ৰোপচাৰ বিশেষজ্ঞ ডাঃ সুশান্ত মাঝি, ডাঃ শিৱচৰণ হান্সদা আৰু ডাঃ মিনু কুমাৰী।

প্ৰথমটো এইচ আই ভি পজিটিভ শিশু ব্লাড বেংকলৈ অহাৰ পিছত তাৰ পৰা ২৫ ইউনিট ৰক্ত দান কৰা হৈছিল। জিলা অসামৰিক অস্ত্ৰোপচাৰ বিশেষজ্ঞ ডাঃ সুশান্ত মাঝিয়ে জনোৱা মতে, এসপ্তাহ পূৰ্বে শিশুটিৰ এইচ আই ভি পজিটিভ ধৰা পৰিছিল। এইচ আই ভি সংক্ৰমণ কেৱল তেজৰ দ্বাৰাই নহয়, দূষিত বেজীৰ সংস্পৰ্শ আৰু অন্যান্য কাৰণতো হ’ব পাৰে।

মন কৰিবলগীয়া যে বৰ্তমান পশ্চিম সিংভূম জিলাত এইচ আই ভি পজিটিভ ৫১৫ জন আৰু ৫৬ জন থেলাছেমিয়া ৰোগী আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

June 30, 2026 10:09 am
প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

June 30, 2026 10:06 am
দোহাত আমেৰিকা আৰু ইৰাণৰ বৈঠকৰ পূৰ্বে হৰমুজ প্ৰণালীক লৈ তীব্ৰ উত্তেজনা! প্ৰতি বেৰেলত ৭৩ ডলাৰলৈ বৃদ্ধি ব্ৰেণ্ট ক্ৰুডৰ মূল্য

দোহাত আমেৰিকা আৰু ইৰাণৰ বৈঠকৰ পূৰ্বে হৰমুজ প্ৰণালীক লৈ তীব্ৰ উত্তেজনা! প্ৰতি বেৰেলত ৭৩ ডলাৰলৈ বৃদ্ধি ব্ৰেণ্ট ক্ৰুডৰ মূল্য

June 30, 2026 9:24 am
অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

June 30, 2026 8:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

June 30, 2026 10:09 am
প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

June 30, 2026 10:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd