• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিশ্বৰ সৰ্বোচ্চ মূল্যৰ হীৰা হোৱাৰ দিশে অগ্ৰসৰ ১০২ কাৰাটৰ ডিম্বাকৃতিৰ এই নিখুঁট হীৰা খণ্ড! : কিমান হ’ব ইয়াৰ মূল্য?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 13, 2020 6:01 pm

2 min read

http _cdn.cnn.com_cnnnext_dam_assets_200911131334-01-white-diamond-sothebys-hong-kong
337
VIEWS
Share on FacebookShare on Twitter

১০২.৩৯ কাৰাটৰ ডিম্বাকৃতিৰ এখণ্ড নিখুঁট হীৰাই বিশ্বৰ সৰ্বাধিক মূল্যৰ হীৰা হোৱাৰ দিশে অগ্ৰসৰ হৈছে।

ছেপ্টেম্বৰৰ পৰা অক্টোবৰলৈ হংকঙত নিলাম হ’ব লগীয়া এই নিখুঁত ডিম্বাকৃতিৰ হীৰা খণ্ডৰ মূল্য কিমান ওপৰলৈ উঠিব তাকে লৈ বিশ্বৰ হীৰা ব্যৱসায়ীসকলৰ মাজত বৃদ্ধি পাইছে চৰম উৎকণ্ঠা।

এই হীৰা খণ্ডৰ নিমালৰ পূৰ্বে ইয়াৰ মূল্য নিৰ্ধাৰণ নকৰিলেও ইয়াৰ দৰ ভাৰতীয় মূল্যত প্ৰায় ৮৮১ কোটি ২১ হাজাৰ ৮০০ টকাৰ পৰা ২২০৪ কোটি ৯৫ লাখ ৫ হাজাৰ টকালৈ উঠাৰ সম্ভাৱনা আছে।

২০১৮ বৰ্ষত কানাডাৰ অণ্টাৰিঅ’ত আৱিস্কৃত ২৭১ কাৰাটৰ ৰুক্ষ হীৰাৰ পৰা কাটি অনা এই ডিম্বাকৃতিৰ হীৰাখণ্ডই ‘four Cs’ অৰ্থাৎ কাট, কালাৰ, ক্লীয়েৰিটি আৰু কাৰাট ওজনত বেংকিঙৰ শীৰ্ষ স্থান লাভ কৰিছে বুলি জনাইছে নিলাম কৰিবলগীয়া কৰ্তৃপক্ষই।

উল্লেখ্য যে, এই ডিম্বাকৃতিৰ হীৰাখণ্ডক ‘ডি কালাৰ’ হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। ‘ডি কালাৰ’ হৈছে হীৰাৰ সৰ্বোচ্চ গ্ৰেডিং। এই শ্ৰেণীভুক্ত হীৰাক আভ্যন্তৰীণ আৰু বাহ্যিকভাৱে অতি নিখুঁত তথা স্বচ্ছ হিচাপে গণ্য কৰা হয়।

স্মৰ্তব্য যে ২০১৩ চনত জেনেভাৰ ক্ৰিষ্টিত নিলাম হোৱা ১৬৩.৪১ কাৰাটৰ আয়তাকৃতিৰ হীৰাখণ্ডই বৰ্তমানলৈকে সৰ্বোচ্চ মূল্যৰ হীৰা ৰূপে পৰিগণিত হৈ আছে।

উক্ত আয়তাকৃতিৰ হীৰাখণ্ডৰ ভাৰতীয় মূল্যত দৰ আছিল প্ৰায় ২৪৭৬ কোটি ১৫ লাখ ৮০৫০ টকা।

২০১৩ চনত ডিম্বাকৃতিৰ বিভিন্ন হীৰাৰ মূল্য ৩০.৮ মিলিয়ন ডলাৰ আছিল। এতিয়া ডিম্বাকৃতিৰ হীৰাখণ্ড হিচাপে এই হীৰাখণ্ডই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি নতুন সৰ্বোচ্চ মূল্যৰ অভিলেখ স্থাপন কৰিব বুলি ধাৰণা কৰা হৈছে।

বিশ্বৰ এই বিৰল ডিম্বাকৃতিৰ হীৰাখণ্ডৰ নিলাম অহা ১৫ ছেপ্টেম্বৰৰ পৰা হংকঙত আৰম্ভ হ’ব। নিলাম বন্ধ হ’ব অহা ৫ অক্টোবৰত।

এক প্ৰেছ বিবৃতিত বিশ্বৰ চোথেবাইৰ বিশ্ব জুৱেলাৰীৰ অধ্যক্ষ গেৰী শ্বুলাৰে কয় যে এই হীৰাখণ্ডৰ সৌন্দৰ্য আৰু বিৰলতাক অন্যৰ সৈতে তুলনা কৰাতো অতি কঠিন।

ইফালে চোথেবাইৰ এছিয়াৰ অধ্যক্ষ পট্টি উৱাঙে কয়, কোভিড-১৯ৰ প্ৰত্যাহ্বানৰ মাজতো নিলামৰ বাবে লোৱা সিদ্ধান্ত ‘নিলামৰ বজাৰৰ বাবে ৰূপান্তকাৰীৰ মাহ’ হিচাপে পৰিগণিত হ’ব।

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd